পৃথক কামতাপুৰ ৰাজ্য,কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ…

কামতাপুৰ ৰাজ্য দাবী কমিটি(কে এছ ডি চি) আৰু আক্ৰাছুৰ যৌথ উদ্যোগত এই কাৰ্যসূচী হাতত লোৱা হয়। অনিৰ্দিষ্টকাললৈ ৰে'ল পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও আৰক্ষীয়ে বাধা দিয়াত তেওঁলোকে ৰে'ল লাইনৰ কাষতে প্ৰতিবাদ সাব্যস্ত কৰে।

পৃথক কামতাপুৰ ৰাজ্য,কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ...
Published: 

16 Dec 2025 13:44 PM

পৃথক কামতাপুৰ ৰাজ্য,কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কে এল অ প্ৰধান জীৱন সিংহ আৰু কে এল অ(কে এন) প্ৰধান ডি এল কোচৰ সৈতে আলোচনাৰ দাবীত আজি গোসাইগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ কামতাপুৰ ৰাজ্য দাবী কমিটি(কে এছ ডি চি) আৰু আক্ৰাছুৰ যৌথ উদ্যোগত এই কাৰ্যসূচী হাতত লোৱা হয়। অনিৰ্দিষ্টকাললৈ ৰে’ল পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল যদিও আৰক্ষীয়ে বাধা দিয়াত তেওঁলোকে ৰে’ল লাইনৰ কাষতে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত আৰক্ষীৰ বিশাল বাহিনী মোতায়েন কৰা হয়। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাৰ প্ৰতিশ্ৰুতি দিয়াত কে এল অ প্ৰধান জীৱন সিংহৰ অডিঅ বাৰ্তাৰ পাছত কেএছডিচিয়ে ৰে’ল অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছিল যদিও একাংশ ৰাইজে এই সিদ্ধান্ত অসুন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।

ইফালে,কোকৰাঝাৰৰ ছালাকাটিত ৰাজবংশী জাতীয় দল – সংগঠনে ৰূপায়ণ কৰিবলগা অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ৷ জিলাখনৰ পুঠীয়াগাঁৱৰ পদ্মবিল লক্ষ্মী মন্দিৰৰ পৰা ৰে’লপথ অৱৰোধৰ প্ৰস্তুতি চলাইছিল কেএছডিচি, আক্ৰাছু , জিচিপিএ আৰু কেপিপিইউকে ধৰি আন কেবাটাও সংগঠনে ।

কেএলঅ আৰু কেএলঅ(কে এন)ৰ লগত দ্ৰুত শান্তি চুক্তিৰ মাধ্যমেৰে পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু কোচ-ৰাজবংশী তথা কামতাপুৰী জনগণৰ মাতৃভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবীত কেএছডিচি, আক্ৰাছু, কেপিপিইউ, জিচিপিএ আৰু অন্যান্য কোচ-ৰাজবংশী, কামতাপুৰী জাতীয় দল-সংগঠনৰ যৌথ উদ্যোগত মঙলবাৰে পুৱাৰ পৰা অনিৰ্দিষ্টকালীন ৰে’ল পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণৰ কাৰ্যসূচী হাতত লৈছিল ৷

কেন্দ্ৰীয় চৰকাৰে সাত দিনৰ ভিতৰত আলোচনালৈ আন্দোলনকাৰী নেতৃবৰ্গক আমন্ত্ৰণ জনোৱাৰ পৰিপ্ৰেক্ষিতত ৰে’ল পথ অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি জনাইছে কেএছডিচিৰ কোকৰাঝাৰ জিলা সভাপতি বাণীৰাম বৰ্মনে ৷ সাতদিনৰ ভিতৰত আলোচনা অনুষ্ঠিত নহ’লে পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ আন্দোলনকাৰী নেৰ্তৃত্বৰ।

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...