পুঁজিপতিৰ হাতত গতাই দিয়া হ’ল কাৰ্বি আংলঙৰ ১.৫৩ লাখ বিঘা ভূমি! গুৰুতৰ অভিযোগ কংগ্ৰেছৰ

জ্য চৰকাৰে সৌৰশক্তি প্ৰকল্পৰ বাবে আদানী গোটক ১৮ হাজাৰ বিঘা মাটি দিয়াৰ ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে পাম অইলৰ খেতিৰ বাবে বাবা ৰামদেৱ আৰু গ’ড্ৰেজক ১,১৬ ২৫০ বিঘা, নেপিয়েৰ ঘাঁহ প্ৰকল্পৰ বাবে আম্বানী গ্ৰুপক ১৩,০০০ বিঘা, অন্যান্য সৌৰ প্ৰকল্পৰ বাবে প্ৰায় ৬,০০০ বিঘা, পাম্প মজুতকৰণৰ বাবে এপিডিচিএলক ১,৩৯৫ বিঘা ভূমি চৰকাৰে গতাবলৈ লোৱা বুলি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী কৰে।

পুঁজিপতিৰ হাতত গতাই দিয়া হ’ল কাৰ্বি আংলঙৰ ১.৫৩ লাখ বিঘা ভূমি! গুৰুতৰ অভিযোগ কংগ্ৰেছৰ

কংগ্ৰেছৰ সংবাদমেল

Published: 

28 Aug 2025 | 09:56 PM

ৰাজ্যত শেহতীয়া সময়ছোৱাত চলা উচ্ছেদ অভিযান সন্দৰ্ভত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে বিৰোধী দলসমূহে। এনে উচ্ছেদক অমানৱীয় আখ্যা দিয়াৰ সমান্তৰালকৈ বিৰোধীয়ে লগতে বহু স্থানৰ বেদখলমুক্ত ভূমি চৰকাৰে পুঁজিপতিক দিয়াৰ পৰিকল্পনা কৰিছে বুলি দাবী কৰি আহিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ এনে অভিযোগৰ মাজতে এইবাৰ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে উত্থাপন কৰিছে আন এক গুৰুতৰ অভিযোগ।

কংগ্ৰেছৰ অভিযোগ, অসম চৰকাৰে কাৰ্বি আংলং জিলাৰ মুঠ ১,৫৩,২৫০ বিঘা মাটি বাহিৰৰ উদ্যোগপতিৰ হাতত অৰ্পণ কৰাৰ পৰিকল্পনা কৰিছে। এক সংবাদমেল যোগে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংটিয়ে।

ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংটিয়ে আৰ টি আইৰ তথ্যৰ উদ্ধৃতি দি কয় যে স্বায়ত্তশাসিত পাহাৰীয়া জিলা হিচাপে কাৰ্বি আংলঙৰ মাটি অজনজাতিয় লোকলৈ হস্তান্তৰ কৰিব নোৱাৰি। কিন্তু তাৰ পিছতো ৰাজ্য চৰকাৰে সৌৰশক্তি প্ৰকল্পৰ বাবে আদানী গোটক ১৮ হাজাৰ বিঘা মাটি দিয়াৰ ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ লগতে পাম অইলৰ খেতিৰ বাবে বাবা ৰামদেৱ আৰু গ’ড্ৰেজক ১,১৬ ২৫০ বিঘা, নেপিয়েৰ ঘাঁহ প্ৰকল্পৰ বাবে আম্বানী গ্ৰুপক ১৩,০০০ বিঘা, অন্যান্য সৌৰ প্ৰকল্পৰ বাবে প্ৰায় ৬,০০০ বিঘা, পাম্প মজুতকৰণৰ বাবে এপিডিচিএলক ১,৩৯৫ বিঘা ভূমি চৰকাৰে গতাবলৈ লোৱা বুলি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী কৰে।

জিলাখনৰ এই বৃহৎ পৰিমাণৰ ভূমি পুঁজিপতিৰ হাতত গতাই দি ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচীৰ উলংঘন কৰা বুলিও তেওঁ দাবী কৰে। ৰতন ইংটিয়ে লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২০০ কোটিতকৈ অধিক টকাৰ ঋণৰ বোজা আছে বুলি দাবী কৰি পৰিষদৰ সাম্প্ৰতিক অৱস্থা অধিক বেয়াৰ ফাললৈ ঢাল খাইছে বুলিও উদ্বেগ প্ৰকাশ কৰে।

ইফালে ক্ষুদ্ৰ ঠিকাদাৰ, ব্যৱসায়ী আৰু পৰিষদৰ কৰ্মচাৰীক দীৰ্ঘদিন ধৰি বাবদ ধনৰ পৰা বঞ্চিত কৰি ৰখাৰো অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইয়াৰ বিপৰীতে কাৰ্বি আংলঙত শ শ কোটি টকাৰ চৰকাৰী পুঁজি লুণ্ঠন হৈছে বুলি তেওঁ অভিযোগ তুলিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...