IPLৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা, কোন কেইটা পথেৰে নিব নোৱাৰিব বাহন?

IPL 2025: আজি ঘৰৰ মাটিত প্ৰথমখন মেচত ঘৰৰ মাটিত প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে।  কেপ্তেইন ৰিয়ানৰ প্ৰদৰ্শন চাবলৈ অনুৰাগীৰ মাজত দেখা গৈছে যথেষ্ট উছাহ। ইফালে IPLৰ মেচৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা। লালগণেশৰ নিৰ্মীয়মাণ উৰণসেতুৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হৈছে।

IPLৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা, কোন কেইটা পথেৰে নিব নোৱাৰিব বাহন?

প্ৰতীকি ফটো

Published: 

26 Mar 2025 11:33 AM

আজি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPLৰ মহাৰণ। ২৬ মাৰ্চৰ সন্ধিয়া ৭.৩০ বজাৰ পৰা ৰাজস্থান ৰয়েলছ আৰু KKRৰ হাইভল্টেজ মেচ উপভোগ কৰিব দৰ্শকে। ৰিয়ান পৰাগৰ নেতৃত্বত খেলপথাৰত নামিব ৰাজস্থান ৰয়েলছ। ঘৰৰ মাটিত প্ৰথমখন মেচত ঘৰৰ মাটিত প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে।  কেপ্তেইন ৰিয়ানৰ প্ৰদৰ্শন চাবলৈ অনুৰাগীৰ মাজত দেখা গৈছে যথেষ্ট উছাহ। ইয়াৰ পাছতে ৩০ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে।

উল্লেখ্য যে,  যোৱা কেইসপ্তাহমানৰ পৰা আঙুলিৰ আঘাতত ভুগি থকা সঞ্জু চেমছন এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। চেমছনে বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা বেটিং কৰাৰ অনুমতি লাভ কৰিছে যদিও এতিয়াও উইকেটকীপিঙৰ বাবে গ্ৰীণ চিগনেল লাভ কৰা নাই। এনে পৰিস্থিতিত ৰাজস্থান ৰয়েলছে অধিনায়কত্ব সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২০ মাৰ্চত ফ্ৰেঞ্চাইজিয়ে ঘোষণা কৰে যে ৰিয়ান পৰাগে দলটোৰ প্ৰথম তিনিখন মেচৰ বাবে দলটোক নেতৃত্ব দিব, আনহাতে সঞ্জু চেমছনে বেটছমেন হিচাপে খেলি থাকিব। অৱশ্যে সম্পূৰ্ণ ফিট হৈ অধিনায়ক হিচাপে পুনৰ ঘূৰি আহিব সঞ্জু।  ৰিয়ানে মাত্ৰ ৩খন মেচৰ বাবে অধিনায়কত্ব লাভ কৰিছে যদিও যদি চেমছনক সম্পূৰ্ণ ফিট ঘোষণা কৰাত পলম হয়, তেন্তে তেওঁ এই মেচবোৰৰ বাহিৰেও দলৰ বাঘজৰী ল’ব পাৰে।

ইফালে IPLৰ মেচৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা। লালগণেশৰ নিৰ্মীয়মাণ উৰণসেতুৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হৈছে। জৰুৰীকালীন সেৱাৰ বাহনক ৰেহাই দি আন আন যান-বাহন চলাচলক লৈ বিশেষ নিৰ্দেশনা দিয়া হৈছে। আজিৰ উপৰিও ৩০ মাৰ্চৰ মেচৰ দিনটোতো প্ৰযোজ্য হ’ব এই নীতি-নিয়ম। ২৬, ৩০ মাৰ্চত ষ্টেডিয়ামৰ দিশে বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা। দিনৰ ২ বজাৰ পৰা নিশা ১২ বজালৈ বন্ধ থাকিব বাণিজ্যিক বাহন চলাচল।

IPLৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা

  1.  দিনৰ ২ বজাৰ পৰা মাজনিশা ১ বজালৈ জিএছ ৰোজ, বিকে কাকতি ৰোড, এটি ৰোড, একে দেৱ ৰোড, ডঃ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, FA ROAD, MG ROAD, RKC ROAD, বিৰুবাৰী-GMCH, কাহিলীপাৰা পথত সকলো বাণিজ্যিক বাহন চলাচলত বাধা।
  2.  ৱান ৱে হ’ব একে আজাদ ৰোড। ৩ বজাৰ পিছত চাইকেল ফেক্টৰী দিশৰ পৰা লালগণেশ তিনিআলি দিশলৈ চালাচল কৰিব নোৱাৰিব বাহন।
  3. বিয়লি ৪.৩০ বজাৰ পৰা লালগণেশৰ পৰা বৰ্ষাপাৰালৈ পাছ থকা বাহনহে আহিব পাৰিব।
  4. বৰ্ষাপাৰা তিনিআলি পৰা ধীৰেণপাৰালৈ যোৱা পথত বাহন চলাচল বন্ধ থাকিব।
  5. ষ্টেডিয়ামৰ পাৰ্কিঙত থকা বাহনসমূহ খেল শেষ হ’লে দুয়োটা পথেৰে ওলাই যাব পাৰিব।
  6. এইবাৰ ১১টাকৈ পাৰ্কিঙৰ ব্যৱস্থা থাকিব।
  7. ৬খন গেটেৰে দৰ্শকে ষ্টেডিয়ামত প্ৰবেশ কৰিব।
  8. বিয়লি ৪:৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ গেট।
  9.  মানি বেগ, ম’বাইলৰ বাহিৰে একো সামগ্ৰী ষ্টেডিয়ামলৈ নিব নোৱাৰিব দৰ্শকে।
  10. জৰুৰীকালীন সেৱাৰ ক্ষেত্রত নাই কোনো নিষেধাজ্ঞা।
ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...