১০ ৰোহিংগ্যাকে ধৰি ১৬ অনুপ্ৰৱেশকাৰীক বিতাৰণ অসম আৰক্ষীৰ, মুখ্যমন্ত্ৰীয়ে ক’লে, ‘Mission Impossible’

অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে পুনৰ ১৬ অনুপ্ৰৱেশকাৰীক পুছ বেক কৰিছে। এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

১০ ৰোহিংগ্যাকে ধৰি ১৬ অনুপ্ৰৱেশকাৰীক বিতাৰণ অসম আৰক্ষীৰ, মুখ্যমন্ত্ৰীয়ে কলে, Mission Impossible
Published: 

14 Nov 2025 15:50 PM

আজিও সীমান্তত চলি আছে বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা। দেখা গৈছে যে, প্ৰায়ে অসম আৰক্ষীয়ে সীমান্তৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুছ বেক কৰি আহিছে। আৰু এই খবৰ সামাজিক মাধ্যমৰ জৰিয়তে জনাই আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শেহতীয়াকৈ বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰাৰ লক্ষ্যৰে সীমান্তত অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে পুনৰ ১৬ অনুপ্ৰৱেশকাৰীক পুছ বেক কৰিছে। এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ জনাইছে যে, শুকুৰবাৰে পুৱা ১০জন ৰোহিংগ্যাকে ধৰি ১৬ জন অনুপ্ৰৱেশকাৰীক পুছ বেক কৰে অসম আৰক্ষীয়ে।


সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে, সীমান্ত সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ দায়বদ্ধ। তেওঁ হলিউডৰ এখন ছবিৰ উদ্ধৃতি দি কয়, “অবৈধভাৱে প্রৱেশ কৰা ছজন বাংলাদেশী নাগৰিক আৰু দহজন ৰোহিংগ্যাক আটক কৰি কালি নিশা ১২-৩০ বজাত ঘূৰাই পঠিওৱা হয়। অসমৰ সীমান্তক অনুপ্রৱেশৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰ আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰি সতৰ্ক হৈ আছে। এনে সফলতা ‘Mission Impossible’ ৰ দৃশ্যৰ দৰেই পৰিষ্কাৰ আৰু নিখুঁত।”

উল্লেখ্য যে, কোন জিলাৰ পৰা অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা হৈছিল সেই কথা উল্লেখ কৰা মুখ্যমন্ত্ৰী শৰ্মাই। কিন্তু বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা কাৰ্য অসম আৰক্ষীৰ কঠোৰ সতৰ্কতাক অধিক স্পষ্ট কৰি তুলিছে।

মাহেকীয়াৰ সময়ত মহিলসকলে মুড ছুইঙৰ পৰা সাত সাৰিবলৈ কি কি কৰা উচিত?
ৰক্তচাপ নিয়ন্ত্ৰণৰ লগতে আছে একাধিক উপকাৰিতা, শীতকালত পুৱা খালী পেটত নহৰু খালে কি হয় ?
শীতৰ বতৰত মহৌষধি গুড়, পিছে ক্ৰয় কৰোঁতে সদায় মনত ৰাখিব ৪টা কথা
কম হৈ পৰিব ডায়েবেটিছৰ আশংকা! জানক ৫টা সহজ উপায়...