আলফা (স্বাধীন)ৰ শিবিৰত ড্ৰোণেৰে ভয়ংকৰ আক্ৰমণ সেনাৰ, নিহত লেফটেনেণ্ট জেনেৰেল নয়ন অসম..

আলফা (স্বাধীন)ৰ শিবিৰত আক্ৰমণ ভাৰতীয়ে সেনাৰ । এই কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে। এই আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত ।

আলফা (স্বাধীন)ৰ শিবিৰত ড্ৰোণেৰে ভয়ংকৰ আক্ৰমণ সেনাৰ, নিহত লেফটেনেণ্ট জেনেৰেল নয়ন অসম..

ফাইল ফটো

Updated On: 

13 Jul 2025 14:44 PM

ম্যানমাৰস্থিত আলফা (স্বাধীন)ৰ শিবিৰত আক্ৰমণ সংঘটিত কৰিছে ভাৰতীয়ে সেনাই । এই কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে। আলফা (স্বাধীন)য়ে এক বিবৃতি প্ৰকাশ কৰি, এই আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত হোৱা কথাও নিশ্চিত কৰিছে।

বিবৃতিত কোৱা হৈছে যে, ১৩ জুলাই ২০২৫ তাৰিখে নাগালেণ্ড-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাছলৈকে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” আৰু “আৰ পি এফ/ পি এল এ” সংগঠনৰ বিভিন্ন চলনাম শিবিৰত ড্ৰোণেৰে আক্ৰমণ কৰে সেনাই। সেনাই পুৱতি নিশা প্ৰায় ২ বজাৰ পৰা ৪ বজালৈ ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত ড্ৰোণেৰে আক্ৰমণ কৰাৰ কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে৷

আলফা (স্বাধীন)ৰ বিদ্ৰোহী সংগঠনৰ বিভিন্ন শিবিৰত ডেৰ শতাধিক ড্ৰোণেৰে সেনাই সংঘটিত কৰা আক্ৰমণত সংগঠনৰ নিম্ন পৰিষদৰ সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম মৃত্যু হৈছে বুলি জানিবলৈ দিছে । ইয়াৰ লগতে সংগঠনটোৰ বিভিন্ন শিবিৰত থকা প্ৰায় ১৯ গৰাকী বিষয়া-সদস্য আহত হোৱাৰ কথা নিশ্চিত কৰিছে আলফা (স্বাধীন)য়ে।

বিবৃতিত কোৱা হৈছে যে, সেনাৰ আক্ৰমণৰ প্ৰাৰম্ভিক তথ্য প্ৰকাশ কৰিছে আলফা (স্বাধীন) য়ে ৷ পৰৱৰ্তী পৰ্যায়ত সবিশেষ তথ্য প্ৰকাশ কৰাৰ কথা সদৰী কৰিছে বিদ্ৰোহী সংগঠনটোৱে।

উল্লেখ্য যে, বিগত সময়ত আলফা (স্বাধীন) ৰ দাবীসমূহ পূৰণৰ স্বাৰ্থত ভাৰত চৰকাৰৰ সৈতে যুক্তিপূৰ্ণ আলোচনাৰ বাবে পৰেশ বৰুৱাই সন্মতি প্ৰকাশ কৰি অহা দেখা গৈছে। একে সময়তে অসমৰ মুখ্যমন্ত্ৰীয়েও আলফা (স্বাধীন)ৰ সৈতে বুজাবুজিৰ বাবে আগ্ৰহ প্ৰকাশ কৰি এই সন্দৰ্ভত কথা-বতৰা হৈ থকা বুলি বিভিন্ন সময়ত উল্লেখ কৰিছে আহিছে। ইয়াৰ মাজতে আলফা (স্বাধীন)ৰ শিবিৰত ভাৰতীয় সেনাৰ এই আক্ৰমণে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে।

১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৫ ৰাশিৰ...
পত্নীৰ ফটো মানিবেগত ৰাখিব লাগেনে? এনে অভ্যাসৰ বাবে ধনৰ আগমন ঘটে নে ক্ষতি হয় চাওক
খাদ্য বিষক্ৰিয়া হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক চিকিৎসকৰ পৰা...
গৰমৰ দিনত টেঙামৰাৰ পাত বা গুটি কিয় খাব লাগে? ইয়াৰ উপকাৰিতা জানক