Independence Day 2024: অসমৰ মুখ্যমন্ত্ৰী-মন্ত্ৰী সকলে কাইলৈ কোনে ক’ত পতাকা উত্তোলন কৰিব ?

Independence Day 2024 : অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী, স্বায়ত্তশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে কোন জিলাত পতাকা উত্তোলন কৰিব সেয়া ইতিমধ্যে ধাৰ্য কৰা হৈছে । মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজন কৰা ৰাজ্যিক স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব ।

Independence Day 2024: অসমৰ মুখ্যমন্ত্ৰী-মন্ত্ৰী সকলে কাইলৈ কোনে কত পতাকা উত্তোলন কৰিব ?

স্বাধীনতা দিৱস ২০২৪(প্ৰতীকী ফটো)

Updated On: 

14 Aug 2024 08:10 AM

১৫ আগষ্ট বৃহস্পতিবাৰে দেশবাসীয়ে গৌৰৱেৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰিব। ‘বিকশিত ভাৰত’ থিমেৰে উদযাপন কৰিবলৈ লোৱা এইবাৰৰ স্বাধীনতা দিৱসৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে । ইফালে, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী, স্বায়ত্তশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে কোন জিলাত পতাকা উত্তোলন কৰিব সেয়া ইতিমধ্যে ধাৰ্য কৰা হৈছে । মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজন কৰা ৰাজ্যিক স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব ।

ঠিক সেইদৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁও, অতুল বৰাই নগাঁও, উৰ্খাও গৌৰা ব্ৰহ্মই দৰং, চন্দ্ৰমোহৰ পাটোৱাৰীয়ে কামৰূপ, কেশৱ মহন্তই হোজাই, ৰণোজ পেগুৱে লখিমপুৰ, অশোক সিংহলে শোণিতপুৰ, যোগেন মহনে যোৰহাট, সঞ্জয় কিষাণে তিনিচুকীয়া, অজন্তা নেওগে গোলাঘাট, পীযুষ হাজৰিকাই গোৱালপাৰা, বিমল বৰাই ডিব্ৰুগড়, নন্দিতা গাৰ্লোচাই শিলচৰ আৰু জয়ন্তমল্ল বৰুৱাই নলবাৰীত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব ।

ইয়াৰ বিপৰীতে, বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কোকৰাঝাৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফু, উত্তৰ কাছাৰ-পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই হাফলং, বিটিআৰ উপ-মুখ্য কাৰ্যবাহী গোৱিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰি আৰু অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মোমিনে চৰাইদেউত পতাকা উত্তোলন কৰিব ।

উল্লেখ্য যে, পূৰ্বৰ দৰে আজি সন্ধিয়া ৭ বজাৰত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দেশবাসীক সম্বোধন কৰি বাৰ্ষিক ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে । দেশৰ ৰাষ্ট্ৰপতি গৰাকী ভাষণ আঞ্চলিক দুৰদৰ্শনত প্ৰচাৰ কৰাৰ লগতে সৰ্বভাৰতীয় ৰেডিঅ’ত শুনিবলৈ পাব । তদপুৰি অঞ্চলিক ৰেডিঅ’ত নিশা ৯ বজাত ৰাষ্ট্ৰপতি গৰাকীৰ বাৰ্ষিক ভাষণ নিজৰ মাতৃভাষাত শুনিবলৈ পাব । কাইলৈ ১৫ আগষ্টত পুৱাই দেশবাসীক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ইফালে, দিল্লীত আয়োজন কৰা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দেশৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ৬ হাজাৰ বিশিষ্ট অতিথিক আমন্ত্ৰণ জনোৱা হৈছে । ইয়াৰ ভিতৰত অসমৰ ৭০ গৰাকী বিশিষ্ট লোকক স্বাধীনতা দিৱসত অংশগ্ৰহণৰ বাবে দিল্লীলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি খবৰ প্ৰকাশ পাইছে ।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension