বৰ্তমানলৈকে কা’ৰ অধীনত অসমত কেইজন বিদেশীয়ে পালে নাগৰিকত্ব? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত কিমান বিদেশীয়ে নাগৰিকত্ব লাভ কৰিছে, তাৰ হিচাপ দিলে মুখ্যমন্ত্ৰীয়ে। পৰিসংখ্যালৈ লক্ষ্য ৰাখি কা' সন্দৰ্ভত আলোচনা অসাৰ বুলিও মন্তব্য ডঃ শৰ্মাৰ।

বৰ্তমানলৈকে কাৰ অধীনত অসমত কেইজন বিদেশীয়ে পালে নাগৰিকত্ব? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

03 Sep 2025 | 03:28 PM

মাত্ৰ তিনিজন বিদেশীকহে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে অসমত। মুঠ ১২ গৰাকীয়ে আবেদন কৰিছিল যদিও ইয়াৰ মাজৰ পৰা তিনিজনকহে দিয়া হৈছে নাগৰিকত্ব। বুধবাৰে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে অসমত লাখ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি থকা আশংকাৰ বিপৰীতে ইমান কম সংখ্যক আবেদনৰ পটভূমিত CAA সন্দৰ্ভত আলোচনা কৰাটো অসাৰ। “অসমত CAAৰ অধীনত এতিয়ালৈকে মাত্ৰ তিনিজন লোকেহে নাগৰিকত্ব লাভ কৰিছে।” মুখ্যমন্ত্ৰীয়ে কয়। কিন্তু নতুন ভাৰতীয় নাগৰিকৰ উৎপত্তিৰ সৈতে জড়িত সবিশেষ শ্বেয়াৰ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “এই পৰ্যন্ত আমি মাত্ৰ ১২ খন আবেদনহে পাইছো। বাকী ৯ খন আবেদন বিবেচনাধীন হৈ আছে।”

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “অসমত ২০-২৫ লাখ লোকে নাগৰিকত্ব লাভ কৰিব বুলি ব্যাপক চৰ্চা চলিছিল। এতিয়া, আপুনি নিজেই সিদ্ধান্ত লওক যে যেতিয়া আমি মাত্ৰ ১২খন আবেদন লাভ কৰিছোঁ, তেতিয়া CAA সম্পৰ্কে আলোচনা কৰাটো প্ৰাসংগিক নেকি?” ২০২৪ চনৰ আগষ্ট মাহত CAAৰ অধীনত নাগৰিকত্ব লাভ কৰা দুলন দাস নামৰ এজন ৫০ বছৰীয়া লোক অসমৰ প্ৰথমজন ব্যক্তি আছিল।

২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ, আৰু পাৰ্চীসকলক ইয়াত পাঁচ বছৰ বাস কৰাৰ পিছত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে CAA ৰ অধীনত। নথি-পত্ৰবিহীন অ-মুছলমান প্ৰব্ৰজনকাৰীৰ নাগৰিকত্ব ক্ষিপ্ৰতাৰে প্ৰদানৰ বাবে সংসদে আইনখন গৃহীত কৰাৰ চাৰি বছৰৰ পাছত যোৱা বছৰৰ ১১ মাৰ্চত এই নিয়মসমূহ অৱগত কৰি CAA কাৰ্যকৰী কৰিছিল।

যোৱা বছৰৰ জুলাই মাহত অসম চৰকাৰে নিজৰ সীমান্ত আৰক্ষী শাখাক ২০১৫ চনৰ পূৰ্বে ৰাজ্যখনত প্ৰৱেশ কৰা অ-মুছলমান অবৈধ অনুপ্ৰৱেশকাৰীৰ গোচৰ বিদেশী ন্যায়াধিকৰণ (এফ টি)লৈ প্ৰেৰণ নকৰিবলৈ আৰু তাৰ পৰিৱৰ্তে CAA ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ পৰামৰ্শ দিবলৈ কৈছিল। যোৱা মাহত ৰাজ্য চৰকাৰে CAA ৰূপায়ণৰ পিছত ২০১৫ চনৰ পূৰ্বে বিদেশী ন্যায়াধিকৰণৰ পৰা অ-মুছলমান অবৈধ বিদেশীৰ গোচৰসমূহ, সন্দেহযুক্ত অবৈধ বিদেশীৰ বিৰুদ্ধে চলি থকা গোচৰৰ পৰা বাদ দিবলৈ সকলো জিলাকে নিৰ্দেশ দিছিল।

উল্লেখ্য যে অতি শেহতীয়াভাৱে কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তি বৰ্ষ ১০ বছৰ বৃদ্ধি কৰিছে। এই আইন গৃহীত কৰাৰ সময়ত আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কিন্তু এতিয়া এই সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰা হৈছে। কেৱল অ-মুছলিম অনুপ্ৰৱেশকাৰীয়েহে লাভ কৰিব এই সুবিধা। অৰ্থাৎ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতলৈ অহা অ-মুছলমান অনুপ্ৰৱেশকাৰীয়ে আবেদন কৰিব পাৰিব ভাৰতীয় নাগৰিকত্বৰ বাবে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...