মই বৰ অকলশৰীয়া…. সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ আৱেগিক পোষ্ট

সদনৰ মজিয়াত হোৱা বিভিন্ন বাক-বিতণ্ডাৰ বাবেই চৰ্চাত থাকে বিধায়ক অখিল গগৈ। কেতিয়াবা যদি মুখ্যমন্ত্ৰী, কেতিয়াবা আকৌ মন্ত্ৰীসকলৰ ওপৰত জপিয়াই পৰে তেওঁ। কিন্তু শেহতীয়াকৈ অখিল গগৈয়ে সামাজিত মাধ্যমত শ্বেয়াৰ কৰা পোষ্টসমূহে ডাঙি ধৰিছে বিভিন্ন দিশ। যিবোৰ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে সামজিক মাধ্যমত।

মই বৰ অকলশৰীয়া.... সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ আৱেগিক পোষ্ট

বিধায়ক অখিল গগৈ

Published: 

07 Mar 2025 11:33 AM

বিধানসভা অধিৱেশন অনুষ্ঠিত হ’লে প্ৰায়ে চৰ্চাত থকা এজন বিধায়ক হ’ল অখিল গগৈ। সদনৰ মজিয়াত হোৱা বিভিন্ন বাক-বিতণ্ডাৰ বাবেই চৰ্চিত হয় বিধায়কগৰাকী। কেতিয়াবা যদি মুখ্যমন্ত্ৰী, কেতিয়াবা আকৌ মন্ত্ৰীসকলৰ ওপৰত জপিয়াই পৰে তেওঁ। কিন্তু শেহতীয়াকৈ অখিল গগৈয়ে সামাজিত মাধ্যমত শ্বেয়াৰ কৰা পোষ্টসমূহে ডাঙি ধৰিছে বিভিন্ন দিশ। যিবোৰ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে সামজিক মাধ্যমত।

শেহতীয়াকৈ অখিল গগৈয়ে এটা পোষ্টত লিখিছিল, “মোৰ সদনৰ পৰা নিলম্বিত হৈ হৈ আমনি লাগিছে। সদনলৈ যোৱাই বাদ দিম যেন লাগিছে দেই।” বিধানসভাত চলাত বিভিন্ন তৰ্কৰ মাজতে প্ৰায়ে অধ্যক্ষই নিলম্বন কৰে অখিল গগৈক। কিছুদিন পূৰ্বেও বিধানসভাৰ পৰা  নিলম্বন কৰা হৈছিল শিৱসাগৰৰ বিধায়কগৰাকীক। তাৰ পাছতে অখিল গগৈৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট।

 

তাৰ পিছত আহিছিল বুদ্ধিজীৱীৰ প্ৰসংগ। প্ৰায়ে ড৹ হীৰেন গোঁহাই আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ চলা দেখা যায়।  বৃহস্পতিবাৰে পুৱা এখন বাতৰি কাকতত প্ৰকাশ পাইছিল অখিল গগৈক উদেশ্য়ি  ড৹ হীৰেন গোঁহাইৰ এক মন্তব্য। য’ত ড৹ গোঁহাইয়ে উল্লেখ কৰিছিল, “অখিলৰ গতিবিধি বুজি নাপাও ।” তাৰ পাছতে অখিল গগৈ এটা ফেচবুক পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। য’ত তেওঁ লিখিছে-  “বুদ্ধিজীৱী নিৰপেক্ষ হ’ব লাগে। নহ’লে ফলাফল শূন্য”। অৱশ্যে এই পোষ্টটোত তেওঁ প্ৰত্যক্ষভাৱে কাৰোৰে নাম উল্লেখ কৰা নাই। ইফালে সংবাদমাধ্যমৰ আগত  অখিল গগৈ কয়, “অসমৰ একাংশ বুদ্ধিজীৱী সাংঘাতিকধৰণে কংগ্ৰেছপন্থী । সেইকাৰণে মনটো অলপ বেয়া লাগে । আমিতো সদায় ঐক্য মঞ্চৰ পক্ষত । যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে তেন্তে তেওঁলোকে নিজকে চিকুট মাৰি চাব লাগে যে তেওঁলোক কাৰ পক্ষত ?”

এইখিনিতে সমাপ্ত হোৱা নাই অখিল গগৈৰ চৰ্চা। শুকুৰবাৰে  ফেচবুক বিধায়কগৰাকী এটা দীঘলীয়া পোষ্ট। য’ত তেওঁ লিখিছে-“বিধান সভাত মই বৰ অকলশৰীয়া”।

তেওঁ আকৌ লিখিছে আজি অসম বিধান সভাত চৰকাৰে কেইখনমান বিধেয়ক উত্থাপন কৰিছিল।মিচিং, তিৱা, ৰাভা,দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদসমূহৰ নিৰ্বাচন অনিৰ্দ্দিষ্ট কাললৈ স্থগিত ৰাখি কাউন্সিলবোৰৰ ক্ষমতা ৰাজ্যপালৰ দ্বাৰা চৰকাৰৰ হাতলৈ অনাৰ প্ৰস্তাৱ দিছে।আমি কৈছিলো, বিশেষ পৰিস্থিতিত এনেদৰে নিৰ্বাচন পিছুৱালেও তাৰো এটা নিৰ্দ্দিষ্ট সীমা থকা দৰকাৰ(আমি ৬ মাহ বুলি সংশোধন আনিছিলো)।কাৰণ আইন অনুসৰি নিৰ্বাচিত কাউন্সিলখনৰ কাৰ্যকাল ১ বছৰ বৃদ্ধি কৰিবই পাৰি। গতিকে প্ৰস্তাৱিত চৰকাৰলৈ ক্ষমতা প্ৰদান অতিৰিক্ত সময়হে।যদি চৰকাৰক এই ক্ষমতা অনিৰ্দ্দিষ্ট কাললৈ দিয়া হয় তেন্তে জনজাতিসকলৰ স্বশাসনৰ অৰ্থ নাথাকিব। ক্ষমতা বিকেন্দ্ৰীকৰণ অথবা ফেডাৰেল ব্যৱস্থা অৰ্থহীন হ’ব। মই শেষলৈকে মোৰ স্থিতিত আপোচহীন হৈ থাকিলো আৰু ভোটিং দাবী কৰিলো। মোক কোনেও সমৰ্থন নিদিলে আৰু শাসক দলৰ একাংশ বিধায়কে ভাল টিটকাৰি মাৰিলে। মই এই জনজাতিসমূহৰ স্বায়ত্ত শাসন সংবিধানসন্মত হ’ব লাগে বুলি দাবী কৰিলো আৰু ৬ জনগোষ্ঠীৰ লগতে নাথ-যোগী আৰু কলিতাসকলক জনজাতিৰ মৰ্যাদা দি অসমৰ জনজাতি ৰাজ্য ঘোষণা কৰাৰ লগতে সংবিধানৰ ৩৭১ক অনুচ্ছেদ অনুসৰি অসমৰ বিশেষ ৰাজ্য দাবী কৰিলো।”

বিধায়কগৰাকীয়ে লিখিছে- “দ্বিতীয়খন বিল আহিছিল পৌৰসভাৰ কৰ্মচাৰীসকলৰ চাকৰি প্ৰাদেশীকৰণ সম্পৰ্কত। কি অদ্ভূত বিধেয়ক! প্ৰাদেশীকৰণৰ পাছত কৰ্মচাৰীৰ দৰমহা আধা মানলৈ কমিব, পেন্সনো NPS অনুসৰিহে পাব, অৱসৰৰ পাছত পদসমূহো বিলোপ কৰি দিয়া হ’ব। ইয়াতো অকলে অকলে ভোটৰ দাবী কৰিলো। হাৰিলো। চৰকাৰী পক্ষৰ তাচ্ছিল্যত মন বেয়া কৰি অকলে অকলে ওলাই আহিলো।”
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
ছালৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণ দেখা যায়? সবিশেষ জানক
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হ'ব? সবিশেষ জানক
এই ৫ টা গুণ নাথাকিলে আপোনাৰ ভালপোৱাও নাথাকিব ! এগৰাকী নাৰীয়ে কেনেকুৱা পুৰুষ বিচাৰে ?