কাকো ৰেহাই দিয়া নহয় ! বেদখলকাৰীক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ

মুখ্য়মন্ত্ৰীয়ে কয় যে, যিসকলে অচিনাক্ত লোকে অবৈধভাৱে ভূমি দখল কৰি আছে তেওঁলোকে তৎকালীনভাৱে সেই ভূমি খালী কৰিব লাগে। যদি খালী নকৰে তেন্তে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

কাকো ৰেহাই দিয়া নহয় ! বেদখলকাৰীক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ
Published: 

29 Dec 2025 | 10:03 PM

অবৈধ বেদখলকাৰীক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ স্পষ্টকৈ কয় যে, যিসকলে অচিনাক্ত লোকে অবৈধভাৱে ভূমি দখল কৰি আছে তেওঁলোকে তৎকালীনভাৱে সেই ভূমি খালী কৰিব লাগে। যদি খালী নকৰে তেন্তে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বৰদোৱাত দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অবৈধ বেদখলত জড়িত কোনো অচিনাক্ত লোকক ৰাজ্য চৰকাৰে ৰেহাই নিদিয়ে।

“সকলো অচিনাকী লোকক আহ্বান জনাম, যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক। আমাৰ বনাঞ্চলৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই। লগতে অসমবাসীক আহ্বান জনাই তেওঁ কয়, “আপোনালোকে অচিনাকী লোকক মাটি বিক্ৰী নকৰিব। অচিনাকী লোকক চাকৰি নিদিব আৰু অচিনাকী লোকসকল জাতিৰ বৰঘৰত সোমাবলৈ নিদিব। এই সংকল্পই আমাৰ জাতিটো মহা শক্তিলৈ ৰূপান্তৰিত কৰিব।”

“আমাৰ সত্ৰ আৰু বনাঞ্চলৰ ভূমি অবৈধ দখল অনতিপলমে খালী কৰিবলৈ সকলো অনুপ্ৰৱেশকাৰীক সকীয়াই দিছো।অন্যথা আমাৰ চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ বিষয়ে আপুনি ভালদৰেই জানে।”এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

স্থানীয় জনগোষ্ঠীক তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত সামূহিক দায়িত্ব ল’বলৈও শৰ্মাই আহ্বান জনায়। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উত্তৰাধিকাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ঐক্য আৰু সচেতন সিদ্ধান্তৰ জৰিয়তে সমাজখন এক মহাশক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে। সমগ্ৰ অসমৰ চৰকাৰী ভূমি আৰু বনাঞ্চলত অবৈধ বেদখলৰ বিৰুদ্ধে চলি থকা উচ্ছেদ অভিযানৰ মাজতে তেওঁৰ এই মন্তব্য প্ৰকাশ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...