হোটেলৰ ভিতৰত হোজাইৰ যুৱ নেতাক যুৱ নেত্ৰীৰ প্ৰচণ্ড চৰ, লগে লগে ভিডিঅ’ ভাইৰেল, প্ৰকৃততে কি ঘটিছিল?
অভিযোগ অনুসৰি, হোজাইৰ এগৰাকী বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ গালত পৰিল সেই সংগঠনৰ এগৰাকী নেত্ৰীৰ প্ৰচণ্ড চৰ। এই ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

হোটেলৰ ভিতৰত যুৱ নেতা-নেত্ৰীৰ কাজিয়া
এটা প্ৰচণ্ড চৰ, ইয়াৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’। এই ঘটনা কোনো সাধাৰণ নাগৰিকৰ সৈতে সংঘটিত হোৱা নাই। তদুপৰি এই ঘটনা কোনো ৰাজহুৱা স্থানত সংঘটিত হোৱা নাই। এই ঘটনা সংঘটিত হৈছে এখন হোটেলৰ ভিতৰত। অভিযোগ অনুসৰি, হোজাইৰ এগৰাকী বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ গালত পৰিল সেই সংগঠনৰ এগৰাকী নেত্ৰীৰ প্ৰচণ্ড চৰ।
আচলতে সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ’টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। কিয়, কি কাৰণত যুৱ নেতাগৰাকীক যুৱতীগৰাকীয়ে প্ৰহাৰ কৰিবলৈ বাধ্য হ’ল? খবৰ অনুসৰি, এই ঘটনাটো হোজাইৰ এখন হোটেলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ভিডিঅ’টো অৱশ্যে কোনে ৰেকডিং কৰিলে সেই কথাও পোহৰলৈ অহা নাই ।
অভিযোগ অনুসৰি,বিজেপি যুৱ মৰ্চাৰ নেত্ৰীগৰাকীক লৈ যুৱকজনে কিবা অশালীন মন্তব্য দিয়াৰ বাবেই এই ঘটনাৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে । যিটো ঘটনাকলৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। চামগুৰি উপ নিৰ্বাচনৰ সময়ত নগাঁৱৰ এইগৰাকী বিজেপি নেত্ৰীক লৈ ফকৰুল নামৰ বিজেপি যুৱ মৰ্চাৰ এগৰাকী নেতাই অশালীন মন্তব্য কৰা বুলি জানিব পৰা গৈছে।
ভিডিঅ’টোত যুৱতীগৰাকীৰ সমান্তৰালভাৱে যুৱ নেতাগৰাকীক আন এজন লোকেও প্ৰহাৰ কৰা দেখা গৈছে। স্থানীয় সূত্ৰই জনোৱা মতে, ফকৰুলক প্ৰহাৰ কৰাৰ আন লোক বৰ্তমান বিজেপি নেতা কমৰুজ অভিযোগ উত্থাপন হৈছে। ইফালে সেই যুৱতীগৰাকীৰ নিৰ্দেশত এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, সূত্ৰই সদৰী কৰা মতে, ২০২৩ চনত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই পিষ্টল সহ গ্ৰেপ্তাৰ কৰিছিল কামৰুজক। বৰ্তমান এই ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।