ঝাৰখণ্ডক লৈ চিন্তিত হিমন্ত বিশ্ব শৰ্মা! মুখ্যমন্ত্ৰী ছোৰেনক দিলে বিজেপিত যোগদানৰ পৰামৰ্শ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক বিজেপিত যোগদানৰ পৰামৰ্শ দিছে। হিমন্ত বিশ্ব শৰ্মাৰ মতে, ঝাৰখণ্ডৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু এই বিষয়ত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ সৈতে কথা পাতিবলৈ সাজু বুলি তেওঁ মন্তব্য কৰে।

ঝাৰখণ্ডক লৈ চিন্তিত হিমন্ত বিশ্ব শৰ্মা! মুখ্যমন্ত্ৰী ছোৰেনক দিলে বিজেপিত যোগদানৰ পৰামৰ্শ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

26 Aug 2024 16:45 PM

ৰাষ্ট্ৰীয় ৰাজনীতিত ক্ৰমাৎ শক্তিশালী নেতা হিচাপে আত্মপ্ৰকাশ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড ৰাজ্যৰ ৰাজনীতিক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক বিজেপি দলত যোগ দিবলৈক পৰামৰ্শ আগবঢ়াইছে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন তেওঁৰ শেহতীয়া ৰাজনৈতিক স্থিতিৰ বাবে বিগত কিছুদিন ধৰি ব্যাপক চৰ্চাত আছে। এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চম্পাই ছোৰেনক ৰাজ্যখনৰ শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চাই অপমানিত কৰা বুলি মন্তব্য কৰিছিল আৰু জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীক বিজেপিত যোগদানৰ বাবে প্ৰস্তাৱ দিছিল।

এইবাৰ চম্পাই ছোৰেনৰ লগতে হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনকো বিজেপিত যোগদানৰ প্ৰস্তাৱ দিছে। হিমন্ত বিশ্ব শৰ্মাৰ মতে, ঝাৰখণ্ডৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে অনুপ্ৰৱেশকাৰীৰ ব্যাপক আগমন। এই বিষয়ত তেওঁ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ সৈতে কথা পাতিবলৈ সাজু বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে চম্পাই ছোৰেনে বিজেপিলৈ আহি দলক শক্তি দিয়াটো তেওঁ বিচাৰে। কিন্তু যিহেতু চম্পাই ছোৰেন এগৰাকী জ্যেষ্ঠ নেতা, সেয়ে তেওঁৰ বিষয়ে কোনো মন্তব্য কৰাটো সঠিক নহ’ব বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই হেমন্ত ছোৰেনেও বিজেপিত যোগদান কৰা উচিত বুলি মন্তব্য কৰে। তেওঁৰ মতে, বিজেপি মানেই দেশপ্ৰেম আৰু দলৰ বাবে দেশ প্ৰথমে।

সম্প্ৰতি ঝাৰখণ্ড অনুপ্ৰৱেশকাৰীৰ বাবে এক ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে ‘আমি ঝাৰখণ্ডক বচাব লাগিব’ লাগিব বুলিও মন্তব্য কৰে। ইফালে নিৰ্বাচনৰ সময়ত ঝাৰখণ্ড চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি ঝাৰখণ্ডক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাই বিজেপিৰ উদ্দেশ্য বুলিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঝাৰখণ্ড চৰকাৰক ছেপ্টেম্বৰৰ পূৰ্বে ৫ লাখ চাকৰি প্ৰদান কৰিবলৈ, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে থিয় দিবলৈ আৰু মহৰমৰ সময়ত হিন্দুসকলৰ ওপৰত হোৱা কু-ব্যৱহাৰৰ বিৰুদ্ধে থিয় দিবলৈ দাবী জনায় আৰু এই দাবীসমূহ পূৰণ কৰিলে ঝাৰখণ্ড চৰকাৰৰ লগত থাকিব বুলি উল্লেখ কৰে। ইফালে চম্পাই ছোৰেনৰ সৈতে আলোচনাৰ বাট এতিয়াও মুকলি বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

Related Stories
Assam Flood Alert: অসম-অৰুণাচলত প্ৰচণ্ড বৰষুণ ! সজাগ হৈ থাকক নদীৰ পাৰ, নিম্নভূমিত বাস কৰা লোকসকল…মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী…
Top News in Assamese: ১ মিনিটতে পঢ়ক দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
ছ’চিয়েল মিডিয়াত পাকিস্তান সমৰ্থিত পোষ্ট ! ৰাজ্যত এতিয়ালৈকে ৰাষ্ট্ৰ বিৰোধী গোচৰত ৮১ জনক গ্ৰেপ্তাৰ…
মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
পুনৰ বিশ্বজুৰি চৰ্চিত অসম কন্যা, ব্ৰিটেইনছ গট টেলেণ্টত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল বিনীতা চেত্ৰীৰ
Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু
দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !