অসমীয়াক সংখ্যালঘিষ্ঠ কৰাৰ চেষ্টা! গোলাঘাটত জনগাঁথনি পৰিবৰ্তন প্ৰচেষ্টাৰ আশংকা মুখ্যমন্ত্ৰীৰ…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, গোলাঘাট জিলাৰ উৰিয়ামঘাটত জনগাঁথনিগত পৰিৱৰ্তন ঘটোৱাৰ এক ষড়যন্ত্ৰৰ আশংকা কৰা হৈছে।

অসমীয়াক সংখ্যালঘিষ্ঠ কৰাৰ চেষ্টা! গোলাঘাটত জনগাঁথনি পৰিবৰ্তন প্ৰচেষ্টাৰ আশংকা মুখ্যমন্ত্ৰীৰ...

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

13 Jul 2025 20:45 PM

বিগত কেইটামান দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলি আছে। এই সময়চোৱাত অসম চৰকাৰে গোৱালপাৰা, ধুবুৰী আদিকে ধৰি বহু ঠাইৰ মাটি বেদখলমুক্ত কৰিছে। কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে, একাংশই জনগাঁথনি পৰিবৰ্তনৰ চেষ্টা কৰি থকাৰ আশংকা কৰা হৈছে। যোৱা কেইটামান দিনত হোৱা ঘটনাৰাজিয়ে ইয়াৰে ইংগিত দিছে। কিয়নো বহু লোকে অন্য জিলাৰ পৰা আহিছে। ইয়াৰ ওপৰত অধ্যয়ন হ’ব লাগে বুলিও শৰ্মাই কয়।

তেওঁ কয় যে, “যেতিয়া আমি উচ্ছেদ কৰিবলৈ গৈছো, তেতিয়া নতুন কথা এটা ধৰা পৰিছে। যেনে-আমি গোৱালপাৰাত উচ্ছেদ কৰিছো, আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে। যদি মাটি নাই নিজৰ জাগাত মাটি বিচাৰিব। লখিমপুৰত উচ্ছেদ চলাওতে দেখা গৈছে যে, বেছিভাগ মানুহ দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা আহিছে। গৰখুটিত উচ্ছেদ হওঁতে বহু মানুহ বকো, ছয়গাঁৱলৈ গুচি গৈছে। এই মানুহবোৰে বেলেগ বেলেগ জিলাত কিয় আহে? আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে। ইয়াৰ ওপৰত অধ্যয়ন হ’ব লাগে। এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আহে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টি বিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰাৰ বাবে ইয়ালৈ লৈ আহে”।

ইয়াৰোপৰি গোলাঘাটৰ জনগাঁথনি সলনি কৰাৰ চেষ্টা চলোৱাৰ আংশকা ব্যক্ত কৰি শৰ্মাই কয় যে- ” গোলাঘাট জিলাৰ উৰিয়ামঘাটত আমি সন্দেহজনক লোকৰ আগমন দেখা পাইছো। উৰিয়ামঘাটৰ পৰা ধিং, মৈৰাবাৰী, লাহৰীঘাটলৈ এতিয়া নিতৌ বাছ চলাচল কৰে। ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি চেষ্টা কৰা হৈছে নেকি? আমি বিষয়টো অধ্যয়ন কৰি আছো। কেইদিনমানৰ ভিতৰত বন বিভাগৰ দল এটা আহিব। ক’ত, কিমান মাটি বেদখল কৰি ৰাখিছে তেওঁলোকে হিচাপ ল’ব। তাৰ পাছত স্থানীয় বিধায়ক, জনতাৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব”।

ইয়াৰোপৰি বিৰোধিক কটাক্ষ কৰি শৰ্মাই কয় যে,  “প্ৰাক্তন বনমন্ত্ৰীয়েই হওক বা চৰ্চাত থাকিব বিচৰা বিধায়ক– সকলোৱে ৰাজনীতিৰ নামত উচ্ছেদৰ বিৰোধিতা কৰিছে৷ এওঁলোক সংখ্যালঘু মানুহৰো শত্ৰু। সংখ্যালঘুসকলক (১৯৭১ চনৰ পূৰ্বে অহা) ন্যায় প্ৰদানৰ বাবে আমাৰ হাতত ব্যৱস্থা আছে৷ মাত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰিলেই হ’ল”। লগতে শৰ্মাই অখিল গগৈক কটাক্ষ কৰি কয় যে, উচ্ছেদিৰ কাষত গৈ তেওঁৰো চকু পানী ওলোৱা নাই। ৰাজনীতিৰ নামত সকলোৱে বিৰোধিতা কৰিছে।

 

ঘৰৰ দক্ষিণ দিশত ৰাখক এইসমূহ বস্তু, দেৱী লক্ষ্মীৰ কৃপাত আগমন ঘটিব ধন-সম্পদৰ
বহু গুৰুতৰ ৰোগৰ অন্যতম এটা কাৰণ মানসিক চাপ, ইয়াৰ পৰা উপশম পোৱাৰ উপায় জানক
১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৫ ৰাশিৰ...
পত্নীৰ ফটো মানিবেগত ৰাখিব লাগেনে? এনে অভ্যাসৰ বাবে ধনৰ আগমন ঘটে নে ক্ষতি হয় চাওক