এইসমূহ বস্তু ঘৰৰ দক্ষিণ দিশত ৰাখিলে পৰিব দেৱী লক্ষ্মীৰ কৃপা

14 July 2025

TV9 ASSAM

সাধাৰণতে ঘৰ নিৰ্মাণ তথা ঘৰৰ ভিতৰখন সজোৱাৰ ক্ষেত্ৰত বহু লোকে বাস্তু শাস্ত্ৰ অনুসৰণ কৰে। বাস্তু শাস্ত্ৰই শুভ-অশুভ বিচাৰ কৰি এই দিশত পৰামৰ্শ আগবঢ়ায়।

বাস্তু

বাস্তু শাস্ত্ৰই শাস্ত্ৰ মতে কিছুমান বস্তু সদায় ঘৰৰ দক্ষিণ দিশত ৰাখিব লাগে আৰু তেতিয়া দেৱী লক্ষ্মীৰ কৃপা থাকে। সেই তালিকাত কি আছে চাওঁ আহক?

দেৱী লক্ষ্মী

বাস্তু মতে ঘৰৰ দক্ষিণ বেৰত ফিনিক্স চৰাইৰ ছবি ৰখাটো শুভ। তেতিয়া আৰ্থিক সমস্যা দূৰ হয়, হাতলৈ ধন-সম্পত্তি আহে। লগতে পৰিয়ালৰ লোকসকলৰ স্বাস্থ্যও ভাল হৈয়েই থাকে।

ফিনিক্সৰ ছবি

বাস্তু শাস্ত্ৰই কয় যে বিচনাৰ মূৰটো সদায় দক্ষিণ দিশত ৰাখিব লাগে। ইয়াৰ ফলত জীৱনত ইতিবাচক শক্তি বজাই ৰাখে। অন্যথা ঘৰত বাস্তু দোষ হ’ব পাৰে।

বিচনা

ঘৰৰ দক্ষিণ দিশত ঝাড়ু ৰাখিব লাগে। ইয়াৰ দ্বাৰা দেৱী লক্ষ্মীৰ আশীৰ্বাদ অটুট থাকে। ঝাড়ু ভুল দিশত ৰাখিলে পৰিয়ালত আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ঝাড়ু

জেড গছ ঘৰৰ দক্ষিণ দিশত ৰাখিলে ধন-সম্পত্তি বৃদ্ধি পাব। এই গছজোপাই চুম্বকৰ দৰে ধন আকৰ্ষণ কৰে। ঘৰৰ দক্ষিণ ফাল যম আৰু পূৰ্বপুৰুষৰ সৈতে সম্পৰ্কিত বুলি কোৱা হয়।

জেড গছ

পূৰ্বপুৰুষৰ ছবিও দক্ষিণ দিশত ৰাখিব লাগে। তেনে কৰিলে পূৰ্বপুৰুষৰ আত্মাই শান্তি লাভ কৰে আৰু ঘৰৰ সকলোৰে ওপৰত পূৰ্বপুৰুষৰ আশীৰ্বাদ পৰে।

পূৰ্বপুৰুষৰ ছবি

এই প্ৰতিবেদনত উপস্থাপন কৰা দিশসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মন্তব্য প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য 

পঢ়িবলৈ ক্লিক কৰক 

মানিবেগত পত্নীৰ ফটো ৰখাটো শুভ নে অশুভ?