২৬’ৰ নিৰ্বাচনত হ’বনে অগপ-বিজেপিৰ মিত্ৰতা? কোনে পাব কিমান আসন, ক’লে মুখ্যমন্ত্ৰীয়ে…

Assam Assembly Election 2026: সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬। ইয়াকে লৈ ইতিমধ্যে প্ৰতিটো দলে চলাইছে নিজা নিজা প্ৰস্তুতি। পিছে এতিয়ালৈকে কাৰো চূড়ান্ত হোৱা নাই আসনৰ ভাগ-বতৰা। প্ৰশ্ন হয়, এইবাৰ অগপ-বিজেপিৰ মিত্ৰতা হ'বনে?

২৬ৰ নিৰ্বাচনত হবনে অগপ-বিজেপিৰ মিত্ৰতা? কোনে পাব কিমান আসন, কলে মুখ্যমন্ত্ৰীয়ে...

মুখ্যমন্ত্ৰী

Published: 

28 Dec 2025 | 06:46 PM

মাজত মাত্ৰ কেইটামান মাহ। অসম বিধানসভা নিৰ্বাচন ২০২৬ ক লৈ ইতিমধ্যে প্ৰতিটো দলে চলাই গৈছে নিজা নিজা প্ৰস্তুতি। এই সময়চোৱাত শাসকীয় পক্ষৰ পৰা বিৰোধিলৈ সকলোৰে মাজত বৰ্তমান এটাই চিন্তা, কাৰ হাতলৈ যাব কি আসন? এতিয়ালৈকে আসন ভাগ বতৰা সন্দৰ্ভত কোনো দলে বিশেষ মত প্ৰকাশ কৰা নাই। পিছে প্ৰশ্ন হয়, এইবাৰ নিৰ্বাচনত মিত্ৰতা হ’বনে অসম গণ পৰিষদ (AGP) আৰু ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ? কাৰ হাতলৈ যাব কোনখন আসন? কিমানখন আসন লাভ কৰিব অগপই? এই বিষয়টো সন্দৰ্ভত শেহতীয়াকৈ মত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাই কয় যে, ৰাজ্যিক পৰ্যায়ত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা হ’ব। কেন্দ্ৰীয় নেতৃত্বই কেৱল অনুমতি প্ৰদান কৰিব। সোমবাৰে শ্বহীদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কথা পাতিব মন্ত্ৰী অতুল বৰাই। পাছত বটদ্ৰৱাত শ্বাহৰ সৈতে কথা পাতিব কেশৱ মহন্তই। মিত্ৰতা সন্দৰ্ভত অগপ আৰু বিজেপিৰ মাজত কোনো জটিলতা নাই, যাৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰে কোনো আনুষ্ঠানিক আলোচনা ৰখা নাই বুলি কয় শৰ্মাই।

উল্লেখ্য যে, বৰ্তমান বিধানসভাত অগপৰ ৯ জন বিধায়ক আছে। কিছুদিন পূৰ্বে সাংসদ ফণীভূষণ চৌধুৰীয়ে ঘোষণা কৰিছিল যে, বঙাইগাঁও সমষ্টিৰ পৰা এইবাৰো অগপই প্ৰাৰ্থিত্ব আগবঢ়াব। প্ৰাৰ্থীৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি দিয়া হ’ব দলীয় টিকট। ইয়াৰোপৰি মিত্ৰতা সন্দৰ্ভত তেওঁ কৈছিল যে, এই সন্দৰ্ভত বিজেপিৰ সৈতে আলোচনা কৰি আসন ভাগ বতৰা কৰ হ’ব। যি সমষ্টিত যিটো দল শক্তিশালী তাত সেই দলকে টিকট দিয়াৰ পোষকতা কৰে চৌধুৰীয়ে।

এক কথাত এতিয়ালৈকে বিজেপি আৰু অগপৰ মাজত আসন ভাগ-বতৰা হোৱা নাই। কিন্তু আসন আৰু প্ৰাৰ্থিত্বই দল দুটাৰ মাজত সমস্যাৰ আনিব পাৰে। বিজেপিৰ পৰা এইবাৰ কটা যাব পাৰে বহুতৰ টিকট। ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, এইবাৰ কোনো কোনো সমষ্টিত যুৱ প্ৰজন্ম আৰু মহিলাক প্ৰাৰ্থিত্ব দিয়া হ’ব। অৱশ্যে কোন সমষ্টিৰ পৰা কোনে প্ৰাৰ্থিত্ব আগবঢ়াই সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ ফণীভূষণৰ পত্নী নে আন কোনো? ২৬’ৰ নিৰ্বাচনত কোনে পাব বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...