NDA সাংসদৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, কি কি আলোচনা হ’ল?

সন্মুখত বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ এন ডি এ সাংসদসকলৰ সৈতে এক গুৰুতৰ আলোচনাত মিলিত হয়।

NDA সাংসদৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, কি কি আলোচনা হল?

সাংসদসকলৰ সৈতে হিমন্ত বিশ্ব শৰ্মা

Published: 

26 Mar 2025 | 11:08 PM

অহা বৰ্ষত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে বিজেপি দলে শাসনৰ বাঘজৰী ধৰি ৰাখিবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰি গৈছে। ইয়াৰ মাজতে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ NDA সাংসদসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই সময়চোৱাত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে ৰাজ্যৰ উন্নয়নৰ বাবে সাংসদসকলৰ পৰা পৰামৰ্শও বিচাৰে।

বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। লগতে সংসদত প্ৰাসংগিক বিষয় উত্থাপন কৰা বাবে সাংসদসকলৰ শলাগ লয়। বৈঠকৰ অন্তত শৰ্মাই জাৰি কৰা বিবৃতি অনুসৰি মঙলবাৰে দিল্লীত আহ্বান কৰা বৈঠকত মুখ্যমন্ত্ৰীয়ে এন ডি এৰ সাংসদসকলৰ সৈতে অসমৰ উন্নয়ন সম্পৰ্কীয় প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত ৰাজ্যখনৰ উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰিবলৈ কি কি কৰিব পাৰি সেই সম্পৰ্কে বিশদ আলোচনা কৰে।

 

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “নতুন দিল্লীত অসমৰ বিশিষ্ট এন ডি এ সাংসদসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় ৰাজধানীত আমাৰ জনসাধাৰণৰ সমস্যা উত্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰশংসনীয় কাম কৰি আছে।”

তেওঁ লগতে কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত অসমৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে আমি আমাৰ সামূহিক প্ৰচেষ্টাক অব্যাহত ৰাখিম। এই প্ৰচেষ্টা কেনেকৈ আগুৱাই নিব পাৰো সেই সম্পৰ্কেও আমি এক আলোচনা কৰিছিলো।” উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ  সৈতে হোৱা বৈঠকত অংশগ্রহণ কৰা সাংসদসকল হ’ল দিলীপ শইকীয়া, কামাখ্যা প্রসাদ তাছা, ভুৱনেশ্বৰ কলিতা, প্রদান বৰুৱা, বীৰেন্দ্র প্রসাদ বৈশ্য আৰু পবিত্র মাৰ্ঘেৰিটা, ফনীভূষণ চৌধুৰী আদি ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...