সৰ্বানন্দ সোণোৱালক আঁতৰাবলৈ ষড়যন্ত্ৰ ৰচিছিল হিমন্ত বিশ্ব শৰ্মাই! ন-কংগ্ৰেছী সত্যব্ৰত কলিতাৰ বিস্ফোৰণ

হিমন্ত বিশ্ব শৰ্মাক শৰ্মাক মুখ্যমন্ত্ৰীৰ বাব নিদিলে তেওঁ বিজেপিক চৰকাৰ গঠন কৰাত বাধা দিলেহেঁতেন। তাৰ পৰিৱৰ্তে অগপ, এআইইউডিএফ আদিৰ সৈতে মিত্ৰতা কৰি বিকল্প মিত্ৰজোঁট গঠন কৰিলেহেঁতেন। সত্যব্ৰত কলিতাৰ বিস্ফোৰণ।

সৰ্বানন্দ সোণোৱালক আঁতৰাবলৈ ষড়যন্ত্ৰ ৰচিছিল হিমন্ত বিশ্ব শৰ্মাই! ন-কংগ্ৰেছী সত্যব্ৰত কলিতাৰ বিস্ফোৰণ

হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল

Updated On: 

16 Sep 2025 | 08:48 PM

শেহতীয়াকৈ অসম গণ পৰিষদ চমুকৈ অগপ এৰি কংগ্ৰেছত যোগদান কৰিলে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। তাৰ পাছতেই তেওঁ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কেনেকৈ ডঃ শৰ্মা মুখ্যমন্ত্ৰী হ’ল এই সন্দৰ্ভত চাঞ্চল্যকৰ মন্তব্য কৰিছে নেতাগৰাকীয়ে।

ইণ্ডিয়া টুডে এন ইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কলিতাই দাবী কৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আঁতৰাই ২০২১ চনত মুখ্যমন্ত্ৰী হ’বলৈ ব্যাপক ষড়যন্ত্ৰ ৰচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কলিতাই অভিযোগ কৰে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই ২০২১ চনত তেওঁক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছিল। তেওঁৰ পূৰ্বৰ দল অগপক ডাবল ষ্টেণ্ডাৰ্ড বুলিও কটাক্ষ কৰে সত্যব্ৰত কলিতাই।

“এফালে অগপই কা’ৰ বিৰুদ্ধে উচ্চতম ন্য়ায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু আনফালে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কা’ৰ সপক্ষে ভোট দিছিল। মই এই ভণ্ডামীৰ ভুক্তভোগী আছিলোঁ।” কলিতাই কয়।

কংগ্ৰেছত যোগদানৰ বিষয়ক লৈ কলিতাই যুক্তি আগবঢ়াই যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ দৰে আঞ্চলিক শক্তি কমলপুৰ সমষ্টিত তৃণমূল পৰ্যায়ত ভেটি দুৰ্বল। আনহাতে কংগ্ৰেছে শক্তিশালী সাংগঠনিক ভিত্তি আগবঢ়াইছে। তেওঁৰ যোগদানক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ কৰা কাৰ্যকো উল্লেখ কৰি কলিতাই সেয়া ‘আবেগিক প্ৰতিক্ৰিয়া’ বুলি কয়।

হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কলিতাই দাবী কৰে, “সোণোৱালক ৰোধিবলৈ, শৰ্মাই অধিক বিধায়ক বিচাৰিছিল। মই এই ষড়যন্ত্ৰৰ বলি হৈছিলোঁ। কিয়নো ‘দাদা বিগ্ৰেড’ৰ কিছু সদস্যক টিকট দিয়া হৈছিল।” তেওঁ লগতে অভিযোগ কৰে যে শৰ্মাই টিকট বিতৰণৰ পৰাই সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল।

সত্যব্ৰত কলিতাই আৰু কয় যে হিমন্ত বিশ্ব শৰ্মাক শৰ্মাক মুখ্যমন্ত্ৰীৰ বাব নিদিলে তেওঁ বিজেপিক চৰকাৰ গঠন কৰাত বাধা দিলেহেঁতেন। তাৰ পৰিৱৰ্তে অগপ, এআইইউডিএফ আদিৰ সৈতে মিত্ৰতা কৰি বিকল্প মিত্ৰজোঁট গঠন কৰিলেহেঁতেন। তেওঁ দৃঢ়তাৰে কয়, “২০২১ চনৰ জনাদেশ সোণোৱালৰ বাবে আছিল, শৰ্মাৰ বাবে নহয়। সোণোৱালৰ মুখ চাইহে মানুহে ভোট দিছিল।”

কলিতাৰ প্ৰৱেশৰ লগে লগে কংগ্ৰেছে কেৱল এজন প্ৰাক্তন বিধায়কেই লাভ কৰা নাই। বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী অস্ত্ৰ লাভ কৰিলে। তেওঁৰ এই বিস্ফোৰণে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত জোৱাৰ তুলিব বুলি ধাৰণা কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...