গুৱাহাটীত ১.৪ কোটি টকাৰ হেৰ’ইনসহ তিনি সৰবৰাহকাৰীক আটক…

গুৱাহাটীত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, হেৰ’ইন জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰাৰ বুলিও জানিব পৰা গৈছে । গোপন সূত্ৰৰ তথ্যৰ ভিত্তি চলোৱা দুটা পৃথক অভিযানত প্ৰায় ১.৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ।

গুৱাহাটীত ১.৪ কোটি টকাৰ হেৰ’ইনসহ তিনি সৰবৰাহকাৰীক আটক...

গুৱাহাটীত ড্ৰাগছ জব্দ

Updated On: 

08 Dec 2024 | 02:01 PM

উত্তৰ পূৰ্বৰ মুখ্য দুৱাৰ গুৱাহাটীত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, হেৰ’ইন জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰাৰ বুলিও জানিব পৰা গৈছে । গোপন সূত্ৰৰ তথ্যৰ ভিত্তি চলোৱা দুটা পৃথক অভিযানত প্ৰায় ১.৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । বশিষ্ঠ থানা এলেকাৰ বালুঘাটত চলোৱা হৈছিল প্ৰথমটো অভিযান ।

জানিব পৰা মতে, বিশেষ টাস্ক ফ’ৰ্চে গোপন সূত্ৰ পৰা পোৱা তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত ১.৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে । অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, বালুঘাটত প্ৰথমটো অভিযান চলাই এজন ড্ৰাগছ বেপাৰীক আটক কৰে বিশেষ টাস্ক ফ’ৰ্চে ।

আটক কৰা ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ২৭ টা কণ্টেইনাৰত ৩৬.০৫ গ্ৰাম হেৰ’ইন, এটা মোবাইল ফোন, এখন দুচকীয়া বাহন আৰু কিছু নগদ ধন জব্দ কৰা হৈছে বিবৃতিটোত উল্লেখ কৰা হৈছে । একেদৰে আটক কৰা ব্যক্তিজনক লগত লৈ দিছপুৰ আৰক্ষী থানা এলেকাৰ গাৰুকুছি পথৰ বেলতলা বজাৰৰ এটা ভাড়াঘৰত তালাচী চলাই আৰু দুজন ড্ৰাগছ বেপাৰীক আটক কৰে।

এই ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা ১০২ টা কণ্টেইনাত ১৩৮ গ্ৰাম ওজনৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । ইয়াৰ লগতে ধৃত ব্যক্তি দুজনৰ পৰা দুটা মোবাইল ফোনো জব্দ কৰা বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে । আন এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, জব্দ কৰা ড্ৰাগছৰ মুঠ মূল্য নাৰ্কটিক কণ্ট্ৰল ব্যুৰোৰ (এনচিবি) মানদণ্ড অনুসৰি প্ৰায় ১.৪ কোটি টকা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...