বিক্ৰী কৰিবলৈ আহিছিল নিষিদ্ধ দ্ৰব্য! আটক আলিম উদ্দিন লস্কৰ…
ৰাজ্যত নিষিদ্ধ দ্ৰব্য বিৰোধী অভিযান তীব্ৰতৰ হৈ উঠিছে। যোৱা সময়চোৱাত বহু লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য জব্দ হৈছে। শেহতীয়াকৈ পুনৰ হাইলাকান্দিত জব্দ হৈছে বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য।

মাজৰজন আটক
ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছ বিৰোধী অভিযান। কিন্তু তাৰ পাছতো একাংশই নিষিদ্ধ দ্ৰব্যৰ বেহা চলাই গৈছে। শেহতীয়াকৈ পুনৰ বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য জব্দ হোৱাৰ লগতে আটক হয় এজন। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰে লোকজনক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
জানিব পৰা মতে, হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজনক, লগতে জব্দ কৰে বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য। হাইলাকান্দি জিলাৰ ৰামনাথপুৰ আৰক্ষী চকীৰ অন্তৰ্গত জামিৰা তৃতীয় খণ্ডত অভিযান চলাই আটক কৰা লোকজন আলিম উদ্দিন লস্কৰ বুলি চিনাক্ত হৈছে। তেওঁৰ পৰা আৰক্ষীয়ে ৪৮ গ্ৰাম সন্দেহযুক্ত নিষিদ্ধ দ্ৰব্যৰ কন্টেইনাৰ জব্দ কৰিছে। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই বুধবাৰে এই সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰক্ষী।
তথ্য অনুসৰি, আলিম উদ্দিন লস্কৰে জামিৰাত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছিল আৰু তেতিয়াই আৰক্ষীয়ে তেওঁক হাতে-লোটে আটক কৰে। সন্দেহ অনুসৰি, দীৰ্ঘদিন ধৰি আলিম উদ্দিন নামৰ লোকজনে নিষিদ্ধ দ্ৰব্যৰ ব্যৱসায় চলাই আহিছে। বৰ্তমান আৰক্ষীয়ে তেওঁৰ সোধা-পোছা কৰি আছে।
উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই যোৱা সময়চোৱাত অসম আৰক্ষীয়ে বহু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ বিৰোধী অভিযানৰ বাবে চৰকাৰেও বিভিন্ন পদক্ষেপ হাতত লৈছে। কিন্তু এতিয়াও একােংশই এই বেহা চলাই আছে। এই নিষিদ্ধ দ্ৰব্যৰ কবলত পৰিয়ে বহু যুৱক-যুৱতী ধ্বংসৰ গৰাহলৈ গৈছে। বহু লোকে মৃত্যুকো সাৱতিছে। গতিকে এই মৰবিহ সম্পূৰ্ণৰূপে নোহোৱা কৰিবলৈ চৰকাৰৰ লগতে প্ৰশাসনে আৰু অধিক কঠোৰ পদক্ষেপৰ লগতে সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন।
অন্য খবৰ পঢ়কঃ ছলমানৰ আহিব ডাঙৰ বিপদ! ২০২৬ চনত শ্বাহৰুখৰ ভাগ্যত কি আছে? জ্যোতিষীৰ ভৱিষ্যদ্বাণী…