কি কাৰণত ঘৰৰ চাদৰ পৰা জাঁপ দিছিল ACS বিষয়া ত্ৰিদিৱ কোঁৱৰে! পোহৰলৈ আহিছে এই তথ্য
এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ আত্মহননৰ অপচেষ্টাই যোৱা নিশা মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কি কাৰণত ACS বিষয়া গৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল, সেই লৈ ব্যাপক প্ৰশ্ন উত্থাপন হৈছিল। এই সন্দৰ্ভত সম্প্ৰতি পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ তথ্য।

ACS বিষয়া ত্ৰিদীৱ কোঁৱৰ সন্দৰ্ভত পোহৰলৈ নতুন তথ্য
গুৱাহাটী মহানগৰীত যোৱা নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ আত্মহননৰ অপচেষ্টাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। মহানগৰীৰ গুৱাহাটী ক্লাৱৰ মেজিষ্ট্ৰেট কলনিত বাস কৰা এগৰাকী অতিৰিক্ত উপায়ুক্তই কলনিৰ ৪ নম্বৰ আৱাসৰ চাদৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল। অৱশ্যে এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে বিষয়াগৰাকীৰ। গুৰুতৰভাৱে আহত হোৱা বিষয়াগৰাকীক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়।
আত্মহননৰ চেষ্টা কৰা এই অতিৰিক্ত উপায়ুক্তগৰাকী ত্ৰিদিৱ কুমাৰ কোঁৱৰ বুলি জানিব পৰা যায়। কি কাৰণত ACS বিষয়া গৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল, সেই লৈ ব্যাপক প্ৰশ্ন উত্থাপন হৈছিল। এই সন্দৰ্ভত সম্প্ৰতি পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ তথ্য। প্ৰকাশিত খবৰ অনুসৰি বিষয়াগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰ পূৰ্বে চুইছাইড নোট লিখি গৈছে।
সম্প্ৰতি এই চুইছাইড নোট উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। এই চুইছাইড নোটে তেওঁ কিয় এই পন্থা গ্ৰহণ কৰিলে, তাৰ আঁৰৰ কাৰণ পোহৰলৈ আনিছে। জানিব পৰা মতে, ACS বিষয়া গৰাকীয়ে চুইছাইড নোটত তেওঁৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় বুলি উল্লেখ কৰিছিল। “মোৰ নিজৰ কামৰ বাবে মই নিজে দোষী। মোৰ হৈ মোৰ পত্নী আৰু সন্তানে কষ্ট পোৱাটো নিবিচাৰোঁ। মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নোভোগে। I AM SORRY।”- তথ্য মতে এইদৰে লিখা হৈছিল উদ্ধাৰ হোৱা চুইছাইড নোটত।
এইদৰে চুইছাইড নোট লিখি মেজিষ্ট্ৰেট কলনিৰ ৪ নম্বৰ আৱাসৰ প্ৰথম মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল ত্ৰিদিৱ কোঁৱৰে। উল্লেখ্য যে, বিষয়াগৰাকীয়ে যোৱা এবছৰ ধৰি ষ্ট’ক ৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসা চলাই আহিছিল। ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰশাসনিক বিষয়া গৰাকী মানসিক ভাৱে কিছু ভাগৰি পৰিছিল। বৃহস্পতিবাৰেও তেওঁ চিকিৎসা গ্ৰহণ কৰি চৰকাৰী বাসভৱনলৈ ওভতি আহিছিল।
ইফালে পোহৰলৈ অহা তথ্য অনুসৰি, এই ঘটনাৰ পূৰ্বে তেওঁ পৰিয়ালৰ সৈতে বাহিৰতে নিশাৰ আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰিছিল। সেই অনুসৰি পৰিয়ালক বাহিৰত থৈ তেওঁ প্ৰথম মহলালৈ গৈছিল। কিন্তু পুনৰ পৰিয়ালক সংগ দিবলৈ তললৈ নামিআহাৰ পৰিৱৰ্তে তেওঁ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল। সম্প্ৰতি অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিষয়াগৰাকী।