‘ৰৈ ৰৈ বিনালে’ৰ পৰা লাভ কৰা GST দান কৰা হ’ব জুবিন গাৰ্গৰ কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনলৈ…

Roi Roi Binale: জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ কৰ সন্দৰ্ভত বিশেষ সিদ্ধান্ত অসম চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ছবিখনৰ পৰা যি GST আহিব সেয়া কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনলৈ দান কৰা হ'ব।

ৰৈ ৰৈ বিনালেৰ পৰা লাভ কৰা GST দান কৰা হব জুবিন গাৰ্গৰ কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনলৈ...

ৰৈ ৰৈ বিনালে

Published: 

29 Oct 2025 | 09:27 PM

ৰৈ ৰৈ বিনালে ছবিখনৰ কৰ সন্দৰ্ভত বিশেষ সিদ্ধান্ত অসম চৰকাৰৰ। বুধবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰৈ ৰৈ বিনালে ছবিখনৰ পৰা অসম চৰকাৰে কেন্দ্ৰৰ পৰা যি কৰ (GST) লাভ কৰিব সেয়া কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনলৈ দান কৰা হ’ব। এই ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল জুবিন গাৰ্গে।

শৰ্মাই কয় যে, “অসমত চিনেমাৰ ক্ষেত্ৰত কোনো কৰ নাই। কিন্তু ভাৰত চৰকাৰে চিনেমাৰ বিনিময়ত কৰ সংগ্ৰহ কৰে। টিকটৰ দাম ১০০ টকাতকৈ অধিক হ’লে ১৮ শতাংশ কৰ আৰু ১০০ টকাতকৈ কম হ’লে ৫ শতাংশ জি এছ টি সংগ্ৰহ কৰে। এমাহৰ পাছত ইয়াৰে আধা কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰক ঘূৰাই দিয়ে। অৰ্থাৎ জি এছ টি ১৮ শতাংশ হ’লে ৰাজ্য চৰকাৰে পাই ৯ শতাংশ আৰু ৫ শতাংশ হ’লে পাই আঢ়ৈ শতাংশ”।

শৰ্মাই আৰু কয় যে, “গতিকে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পৰা যি জি এছ টি আহিব সেয়া আমি কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনৰ হাতত দান কৰিম। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগত আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে”। শৰ্মাই কয় যে, এই ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আছিল জুবিন গাৰ্গ। শিল্পীসকলক চিকিৎসাৰ বাবে সহায় কৰিবলৈ, বানপানীৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ, শিক্ষাৰ্থীসকলৰ বাবে এই ফাউণ্ডেশ্যন তেওঁ প্ৰতিষ্ঠা কৰিছিল।

 

 

উল্লেখ্য যে, ৩১ অক্টোবৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’। ইতিমধ্যে চিনেমাখনৰ টিকট বুকিং চলি আছে। মুক্তিৰ পূৰ্বে ছবিখনৰ টিকট কেইবাদিনৰ বাবে বিক্ৰী শেষ হৈছে।

 

অন্য খবৰ পঢ়কঃ ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ! মুকলি নগদবিহীন স্বাস্থ্য সেৱা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...