চাকৰিৰ আশা আশা হৈয়ে ৰ’ল! ADRE পৰীক্ষা দিবলৈ গৈ জীৱিত অৱস্থাত আৰু ঘূৰি নাহিল পৰশ্ৰী
আজি অনুষ্ঠিত হোৱা ADREৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে পৰীক্ষা কেন্দ্ৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে ডিব্ৰুগড়ৰ এগৰাকী যুৱতীৰ। নিহত যুৱতীগৰাকীক চাচনীৰ দেওঘৰীয়া গাঁৱৰ পৰশ্ৰী গগৈ বুলি চিনাক্ত কৰা হৈছে।

নিহত পৰশ্ৰী গগৈ
আজি অনুষ্ঠিত হ’ল অসম প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়া, চমুকৈ ADREৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। ৰাজ্যৰ ২৮ খন জিলাৰ মুঠ ২৩০৫ টা পৰীক্ষা কেন্দ্ৰত সুকলমে এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যায়। এটা চৰকাৰী চাকৰীৰ আশাত এই পৰীক্ষাত সমগ্ৰ ৰাজ্যজুৰি ১১ লক্ষাধিক চাকৰি প্ৰত্যাশী যুৱক যুৱতী আজি পৰীক্ষাত অৱতীৰ্ণ হ’ল। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত নিযুক্তি পৰীক্ষাত বহিল প্ৰতিগৰাকী প্ৰাৰ্থী। কিন্তু ব্যতিক্ৰম হৈ ৰ’ল ডিব্ৰুগড় জিলাৰ চাচনীৰ এগৰাকী যুৱতী। পৰীক্ষা দিবলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে যুৱতীগৰাকীয়ে।
নিহত এই যুৱতীগৰাকীক চাচনীৰ দেওঘৰীয়া গাঁৱৰ পৰশ্ৰী গগৈ বুলি চিনাক্ত কৰা হৈছে। চাচনীৰ এই যুৱতীগৰাকীয়ে ADREৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে পৰীক্ষা কেন্দ্ৰলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয়। এই ভয়াৱহ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত আৰু জীৱিত অৱস্থাত ঘৰলৈ উভতি নাহিল পৰশ্ৰী। চাকৰিৰ আশা মনতে কঢ়িয়াই চিৰদিনৰ বাবে চকু মুদে যুৱতীগৰাকীয়ে।
এই হৃদয় বিদাৰক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। নিহত যুৱতীগৰাকীয়ে ২০২১ চনত টিংখাং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৱে শোকাহত কৰি তুলিছে সকলোকে। ইফালে বৰপেটা জিলাতো আজি পৰীক্ষাৰ সময়ত আন এক শোকাৱহ ঘটনা সংঘটিত হৈছে। নিযুক্তি পৰীক্ষা দিয়াৰ উদ্দেশ্যে পৰীক্ষা কেন্দ্ৰলৈ গৈছিল দুই ভাতৃ-ভগ্নী।
কিন্তু পৰীক্ষা দি ঘৰলৈ উভতি দুই ভাতৃ-ভগ্নীয়ে দেখা পালে মাতৃৰ নিথৰ দেহ। বৰপেটাৰ ১ নং গলিয়াহাটীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। নিহত মহিলাগৰাকীক বিৰজা দাস বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকী দীৰ্ঘদিনৰ পৰা অসুস্থতাত ভুগি আছিল বুলি জানিব পৰা গৈছে। পৰীক্ষা দিবলৈ যাওঁতে মাতৃক মাত দি যোৱা ভাতৃ-ভগ্নীয়ে ঘৰলৈ উভতি মাতৃৰ নিঠৰ দেহ দেখাৰ পিছত ভাগি পৰিছে শোকত।
লক্ষণীয়ভাৱে আজি ADREৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। ADRE পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিগৰাকী অভিযুক্তক। ধৃত অভিযুক্ত কেইগৰাকীক ক্ৰমে কাৰ্বি আংলঙৰ ৰবীন কুমাৰ বৰা, মৰিগাঁৱৰ সপোন দাস, যোৰহাটৰ প্ৰমীলা শইকীয়া আৰু দেৰগাঁৱৰ তুলুমণি শইকীয়া বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে এই চাৰি অভিযুক্তৰ কু-কৰ্মৰ সম্ভেদ লাভ কৰাৰ পিছতে কাৰ্বি আংলং আৰক্ষীয়ে শনিবাৰে নিশাই অভিযান চলাই এই অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰে। অধিক তথ্য উদ্ধাৰৰ বাবে সম্প্ৰতি কাৰ্বি আংলং আৰক্ষীয়ে চাৰিও অভিযুক্তক মাৰাথন জেৰা চলাইছে। আৰক্ষীৰ জেৰাত এই সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।