পত্নীৰ বিৰুদ্ধে উত্থাপিত মুখ্য়মন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুতৰ সাংসদ গৌৰৱ গগৈৰ…

অসমৰ মুখ্য়মন্ত্ৰীৰ লগতে বিজেপিৰ আই টি চেলে “ক্ষুদ্ৰ ৰাজনীতি”ত জড়িত হৈ পৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে তীব্ৰ সমালোচনা কৰি পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে সাংসদ গৌৰৱ গগৈয়ে ।

পত্নীৰ বিৰুদ্ধে উত্থাপিত মুখ্য়মন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুতৰ সাংসদ গৌৰৱ গগৈৰ...

হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ

Published: 

06 May 2025 19:41 PM

পাকিস্তানৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত হোৱাৰ সময়ত অসমৰ মুখ্য়মন্ত্ৰীৰ লগতে বিজেপিৰ আই টি চেলে “ক্ষুদ্ৰ ৰাজনীতি”ত জড়িত হৈ পৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে তীব্ৰ সমালোচনা কৰি পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে সাংসদ গৌৰৱ গগৈয়ে । উল্লেখ্য যে, মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰি আহিছে যে,সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তান সেনাৰ সৈতে ‘ভাল সম্পৰ্ক’ আছে।

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মঙলবাৰে তেওঁ পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি কয় যে, সমগ্ৰ দেশ একত্ৰিত হৈ থকা সময়ত বিজেপিৰ আই টি চেলে “ক্ষুদ্ৰ ৰাজনীতি”ত লিপ্ত হৈ আছে । ইফালে, মঙলবাৰে দিনটোত গুৱাহাটীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, কলবাৰ্নে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছিল আৰু পাকিস্তান সেনাৰ বিষয়াসকলেও তেওঁক বিভিন্ন সুবিধা আগবঢ়াইছিল ।

ইয়াৰ প্ৰত্যুত্তৰত সাংসদ গৌৰৱ গগৈয়ে কয়, “যি সময়ত সমগ্ৰ দেশ একত্ৰিত হৈ আছে আৰু পাকিস্তানৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰক সমৰ্থন আগবঢ়াইছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ আই টি চেলে ক্ষুদ্ৰ ৰাজনীতিত লিপ্ত হৈছে।” সাংসদগৰাকীয়ে লগতে কয় যে, “আমি বিচাৰো যে চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পহলগাম আক্ৰমণৰ প্ৰতিশোধ লওক ।”

কিন্তু মনকৰিগলগীয়া যে, মুখ্য়মন্ত্ৰী শৰ্মাই অভিযোগ কৰি আহিছে যে, সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত কাম কৰিছিল আৰু তাৰ পিছত দিল্লীলৈ আহিছিল বেচৰকাৰী সংস্থাত কাম কৰিবলৈ । তাৰ পিছতো তেওঁ পাকিস্তানৰ পৰা দৰমহা লাভ কৰিয়েই আছিল। মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, আনকি সাংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তাত ১৫ দিন আছিল । লগতে সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানত ১৫ দিন থাকি কি কৰিলে সেয়া বুজাব লাগিব বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

INPUT-PTI

সেন্দূৰৰ ৰং কেৱল ৰঙা কিয়? আঁৰত আছে বিশেষ কাৰণ....
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বিচাৰে?
শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan