SIT য়ে দাখিল কৰিলে প্ৰতিবেদন! ইফালে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৰিলে ডাঙৰ মন্তব্য…

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, অসমৰ মানুহৰ বিবেকক সন্মান কৰিব নাজানে মুখ্যমন্ত্ৰীয়ে।

SIT য়ে দাখিল কৰিলে প্ৰতিবেদন! ইফালে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৰিলে ডাঙৰ মন্তব্য...

হিমন্ত-গৌৰৱ

Updated On: 

10 Sep 2025 19:33 PM

অসমৰ ৰাজনীতিৰ বাবে আজি এক ডাঙৰ দিন বুলি ক’ব পাৰি। কিয়নো ১০ ছেপ্টেম্বৰত এছ আই টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত দাখিল কৰিলে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তদন্ত কৰা এক প্ৰতিবেদন। সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্ভাব্য সম্পৰ্কৰ বিষয়ে অনুসন্ধানৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছিল এছ আই টি। আজি সন্ধিয়া এছ আই টিয়ে লোকসেৱা ভৱনত এই প্ৰতিবেদন শৰ্মাৰ হাতত অৰ্পন কৰে। বাতৰি লিখি থকা পৰলৈকে প্ৰতিবেদনত কি তথ্য আছে সেয়া প্ৰকাশ কৰা নাই।

কিন্তু তাৰ পূৰ্বে সাংসদ গৌৰৱ গগৈয়ে এক ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গগৈয়ে কয় যে, “তেওঁ ভাবে অসমৰ মানুহৰ মুৰ্খ বুলি যিয়ে তেওঁৰ কিছুমান আজৱ মন্তব্য বিশ্বাস কৰি ল’ব। তেওঁ অসমৰ মানুহৰ বুদ্ধিমত্তা আৰু বিবেকক সন্মান নকৰে”। গগৈয়ে আৰু কয় যে, “মুখ্যমন্ত্ৰীয়ে নিজ চৰকাৰৰ দুৰ্নীতিগ্ৰস্ত শাসনৰ কাৰ্যক ঢাকিবলৈ কাল্পনিক কাহিনী সৃষ্টি কৰিছে। শৰ্মাই নিজৰ পদৰ ব্যৱহাৰ কৰি নিজৰ পৰিয়ালৰ সমৃদ্ধি আৰু অবৈধ সম্পৰ্কৰ পাহাৰ গঢ়ি তুলিছে”।

গগৈয়ে আৰু কয়,  “অসমৰ মানুহে ইতিমধ্যে এয়া ঠিক কৰি লৈছে যে হিমন্ত বিশ্ব শৰ্মাই যিয়েই নকৰক কিয়, পৰিবৰ্তন দ্ৰুতগতিত আহিব আৰু অসমত নতুন চৰকাৰ গঠন হ’ব। ভোটাৰসকলে এনে এখন চৰকাৰ বিচাৰে যিয়ে দৰিদ্ৰসকলৰ স্বাস্থ্য আৰু শিক্ষা, নিয়োগ সৃষ্টি, স্থানীয় উদ্যোগ, শিল্পীৰ উন্নয়ন আদিৰ ওপৰত কাম কৰে”।

উল্লেখ্য যে, বিগত সময়চোৱাত অসমৰ ৰাজনীতিত গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ বিষয়টোৱে যথেষ্ঠ চৰ্চা লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছিল যে, গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে। আনকি গৌৰৱ গগৈয়ে আই এছ আইৰ আমন্ত্ৰণমৰ্মে পাকিস্তানলৈ গৈছিল। ইমানেই নহয়, গৌৰৱ গগৈৰ পত্নী আৰু সন্তান ভাৰতীয় নহয় বুলিও উল্লেখ কৰিছিল শৰ্মাই।

অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰো দিছিল গৌৰৱ গগৈয়ে। তেওঁ কৈছিল যে, ব্যক্তিগত ভ্ৰমণৰ বাবেহে তেওঁ পাকিস্তানলৈ গৈছিল। তাৰ পাছত আৰু শৰ্মাই বহু অভিযোগ তুলিছিল গৌৰৱৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি চলা অভিযোগ-প্ৰতিঅভিযোগৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছিল যে, তেওঁ ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো তথ্য দাখিল কৰিব। ইয়াৰ বাবে শৰ্মাই এছ আই টি গঠন কৰাৰ নিৰ্দেশো দিছিল। অৱশেষত আজি সেই এছ আই টিয়ে তদন্তৰ অন্তত প্ৰতিবেদন দাখিল কৰে। গতিকে এই প্ৰতিবেদনত কি আছে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ কাইলৈ ১০ ছেপ্টেম্বৰ! সঁচাকৈ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল নেকি গৌৰৱ গগৈ? শীঘ্ৰেই স্পষ্ট হ’ব সকলো…

বৃক্ক বিকল হ'লে ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
অত্যধিক চুলি সৰিছে নেকি? ঘৰুৱা উপায়েৰে দূৰ কৰক এই সমস্যা
ফ্ৰীজত কণী ৰখাৰ সময়ত নকৰিব এই ভুল! হ'ব স্বাস্থ্যৰ ক্ষতি...
গুপ্তাংগৰ খজুৱতি উঠিলে কি কৰিব? জানক সহজ ঘৰুৱা উপায়