গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়, চানফ্লা’ৱাৰ অইল বুলি ক’লে হয়তো বুজি পাব : মুখ্যমন্ত্ৰী

তেওঁ কয়, গৌৰৱ গগৈৰ সন্তান ইংলেণ্ডত থাকে আৰু ইংৰাজ নাগৰিক। গতিকে তেওঁ সৰিয়হৰ তেলৰ(মিঠাতেল) দাম নাজানে বা মূল্য বুজি নাপায়।

গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়, চানফ্লা’ৱাৰ অইল বুলি কলে হয়তো বুজি পাব : মুখ্যমন্ত্ৰী

গৌৰৱ গগৈ-হিমন্ত বিশ্ব শৰ্মা

Published: 

10 Oct 2025 | 04:22 PM

গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়। যদি চানফ্লা’ৱাৰ অইল বুলি কোৱা হয়, তেন্তে তেওঁ হয়তো বুজিব পাৰে। এই মন্তব্যৰে শুকুবাৰে ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ চৰকাৰে ৰেচন কাৰ্ডধাৰীক মিঠাতেল প্ৰদান কৰাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইলৈ বিৰোধীয়ে সমালোচনা কৰি অহাৰ সময়তে এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

বিজেপিয়ে ৰাইজৰ মাজত মিঠাতেল বিতৰণ কৰি “নিম্ন পৰ্যায়ৰ ৰাজনীতি” কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আজি পুৱা মই ইংলেণ্ডৰ মানুহৰ খাদ্যাভ্যাসৰ ওপৰত কিছু গৱেষণা কৰি আছিলোঁ আৰু গম পালোঁ যে, তেওঁলোকে চানফ্লা’ৱাৰ অইল ব্যৱহাৰ কৰে।”

ইয়াৰ লগতে তেওঁ কয়,”গৌৰৱ গগৈৰ সন্তান ইংলেণ্ডত থাকে আৰু ইংৰাজ নাগৰিক। গতিকে তেওঁ সৰিয়হৰ তেলৰ(মিঠাতেল) দাম নাজানে বা মূল্য বুজি নাপায়। আমি যদি চানফ্লা’ৱাৰ অইলৰ কথা কওঁ, তেন্তে হয়তো তেওঁলোকে বুজিব।”

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, এসময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া কংগ্ৰেছে এতিয়া তেওঁলোকৰ পদাংক অনুসৰণ কৰিছে। ইফালে, কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পৰা ৰাজনৈতিক মাইলেজ লাভ কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয় যে, যদি কংগ্ৰেছে সঁচা অৰ্থত জুবিনৰ ন্যায় বিচাৰিছিল, তেন্তে তেওঁলোকে নিজৰ সমৰ্থন আৰু পৰামৰ্শ আগবঢ়াব লাগিছিল। তাৰ পৰিৱৰ্তে কংগ্ৰেছে জুবিন গাৰ্গৰ নামটোক ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে পঢ়ক: চৰকাৰী দৰমহাৰ বাহিৰে মোৰ কোনো সম্পত্তি নাই, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...