পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই…! তিনিচুকীয়াৰ পৰা গৌৰৱ গগৈৰ হুংকাৰ

‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। যদি জিলা প্ৰশাসনে নিজৰ কৰ্তব্য ফলপ্ৰসূভাৱে পালন কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল’ব লাগে আৰু পদত্যাগ কৰিব লাগে বুলি দাবী তোলে কংগ্ৰেছ সাংসদগৰাকীয়ে।

পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই...! তিনিচুকীয়াৰ পৰা গৌৰৱ গগৈৰ হুংকাৰ

গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা

Updated On: 

09 Aug 2025 18:15 PM

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে দলৰ ৰাজ্যিক শীৰ্ষ পদ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে তিনিচুকীয়া ভ্ৰমণ কৰি কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

মটৰ চাইকেল ৰেলীৰে চহৰখনলৈ আদৰণি জনোৱা হয় গৌৰৱ গগৈক। প্ৰথমে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি জ্বলাই আশীৰ্বাদ বিচাৰে গৌৰৱ গগৈয়ে। ইয়াৰ পিছত তেওঁ মা কালি মন্দিৰ আৰু স্থানীয় গুৰুদ্বাৰলৈ গৈ আগন্তুক দিনবোৰৰ বাবে প্ৰাৰ্থনা কৰে, তাৰ পিছত নাট্য মন্দিৰত এখন সভাত অংশগ্ৰহণ কৰে।

সভাত ভাষণ দি গগৈয়ে মৰাণ, মটক আৰু ৰাজ্যৰ আন ছটা খিলঞ্জীয়া জনগোষ্ঠীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তথাকথিত ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভতো মন্তব্য কৰি গৌৰৱে কয় যে যদি জিলা প্ৰশাসনে নিজৰ কৰ্তব্য ফলপ্ৰসূভাৱে পালন কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল’ব লাগে আৰু পদত্যাগ কৰিব লাগে।

‘‘বাংলাদেশীৰ নামত ৰাজনীতি চলি আছে। আজিলৈকে প্ৰকৃততে কিমান ধৰা পৰিছে তাৰ কোনো তথ্য নাই। বাংলাদেশীক লক্ষ্য কৰি লোৱাৰ অজুহাতত সাধাৰণ ভাৰতীয় নাগৰিকক কোনো ধৰণৰ হাৰাশাস্তি কংগ্ৰেছে কেতিয়াও সহ্য নকৰে।‘‘ গগৈয়ে কয়।

উল্লেখ্য যে শেহতীয়াকৈ উজনি অসমত বিভিন্ন দল-সংগঠনে একাংশ সন্দেহযুক্ত নাগৰিকক উজনি এৰি যাবলৈ সকীয়াই দিছিল। সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দিয়া এই হুংকাৰক মুখ্যমন্ত্ৰীয়েও আওপকীয়াকৈ সমৰ্থন জনাইছিল। কিন্তু কংগ্ৰেছকে ধৰি কেবাটাও বিৰোধী দলে এইসকল লোকক সন্দেহযুক্ত নাগৰিক বুলি মানি ল’বলৈ অস্বীকাৰ কৰা দেখা গৈছে।

বিজেপিৰ নেতা-সদস্যই কংগ্ৰেছ দলে ভোট বেংক সুৰক্ষা কৰাৰ স্বাৰ্থতেই মিঞাক সুৰক্ষা দিয়া বুলি অভিযোগ তোলে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলাইছিল ৰাজ্যৰ প্ৰশাসনে। উচ্ছেদিতৰ অধিকাংশই আছিল সংখ্যালঘু মুছলমান। মিঞা জনসংখ্যাৰ বিষয়টোক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিৰ লগতে বিভিন্ন ক্ষেত্ৰত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...