APCC president: পত্নীৰ পাকিস্তান বিতৰ্কৰ মাজতেই আহিল ভাল খবৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ

ঘোষণা হ'ল APCC ৰ নতুন কমিটী। AICC য়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্ত প্ৰদান কৰে সাংসদ গৌৰৱ গগৈক। উল্লেখ্য যে, যোৱা কেইটামান মাহত সভাপতিকেন্দ্ৰিক বিতৰ্কই কংগ্ৰেছৰ ভিতৰচৰাত খলকনিৰ সৃষ্টি কৰিছিল।

APCC president: পত্নীৰ পাকিস্তান বিতৰ্কৰ মাজতেই আহিল ভাল খবৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ

গৌৰৱ গগৈ

Updated On: 

28 May 2025 14:55 PM

কেইবাদিন ধৰি চলা জল্পনা-কল্পনাৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হ’ল সাংসদ গৌৰৱ গগৈ। ইয়াৰ লগতে জাকিৰ হুছেইন শিকদাৰক পুনৰ এবাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত ৰাখি ৰ’জলীনা তিৰ্কী আৰু বিধায়ক প্ৰদীপ সৰকাৰকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। প্ৰদীপ সৰকাৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক। ইয়াৰ বিপৰীতে নিৰ্বাচনী প্ৰচাৰ কমিটীৰ দায়িত্ব দিয়া হয় প্ৰাক্তন কংগ্ৰেছ সভাপতি ভূপেন বৰাক।

ইয়াৰ লগতে সমন্বয়ৰক্ষী কমিটীৰ দায়িত্ব অৰ্পন কৰা হয় দেৱব্ৰক শইকীয়াক, ইস্তাহাৰ কমিটীৰ দায়িত্ব প্ৰদ্যুত বৰদলৈক আৰু প্ৰচাৰ কমিটীৰ দায়িত্ব প্ৰদান কৰা হয় ৰকিবুল হুছেইন। AICC য়ে গঠন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন কমিটী।

 

AICC ৰ প্ৰেছ বাৰ্তা

উল্লেখ্য যে, যোৱা কেইটামান মাহৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীত সভাপতিকেন্দ্ৰিক বিতৰ্কই গা কৰি উঠিছিল। ইয়াকে লৈ প্ৰদেশৰ কংগ্ৰেছত আৰম্ভ হৈছিল অন্তৰ্কন্দল। কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ একাংশই ভূপেন বৰাৰ পক্ষ লোৱাৰ বিপৰীতে আন একাংশ আছিল গৌৰৱ গগৈৰ পক্ষত। আনহাতে বিভিন্ন সময়ত গৌৰৱ গগৈ আৰু ভূপেন বৰাই পৰস্পৰে পৰস্পৰৰ বিপৰীত মেৰুত থিয় হোৱা দেখা গৈছিল। গতিকে তেতিয়াই ধাৰণা কৰা হৈছিল যে সভাপতি হিচাপে ভূপেন বৰাই বেছি দিন হয়তো পদবীত থাকিব নোৱাৰিব।

ইয়াৰ মাজতে ,এগৰাকী সাংসদৰ সৈতে প্ৰায় ১৯ গৰাকী বিধায়কে ভূপেন বৰাৰ বিৰুদ্ধে থিয় দিছিল। অভিযোগ অনুসৰি, এগৰাকী সাংসদৰ নেতৃত্বত ভূপেন বৰাৰ বিৰুদ্ধে এক স্বাক্ষৰ অভিযান আৰম্ভ হৈছিল আৰু য’ত প্ৰায় ১৮- ১৯ গৰাকী বিধায়কে স্বাক্ষৰ কৰিছিল। এই চিঠিতেই ভূপেন বৰাক অপসাৰণ কৰাৰ দাবী জনাই AICC লৈ প্ৰেৰণ কৰিছিল। তেওঁলোকে বিচাৰিছিল প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ হোৱাটো।

এই সমগ্ৰ বিষয়টো ২০২৪ চনৰ আগষ্ট মাহতেই পোহৰলৈ আহিছিল যদিও কংগ্ৰেছে এই সন্দৰ্ভত কোনো বিশেষ মন্তব্য প্ৰদান কৰা নাছিল।  কিন্তু লাহে লাহে ভূপেন বৰাৰ প্ৰতি দলৰ আন কৰ্মীসকলৰ স্থিতিৰ বহিঃপ্ৰকাশ ঘটিছিল। কংগ্ৰেছৰ বহু-নেতা কৰ্মীয়ে প্ৰায় মুকলিকৈ ভূপেন বৰাৰ বিভিন্ন মন্তব্যৰ বিৰোধিতা কৰিছিল।

ইয়াৰোপৰি যোৱা কেইটামান দিনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ সক্ৰিয়তা বহু পৰিমাণে কমি যোৱা পৰিলক্ষিত হৈছে ।  ইয়াৰ মাজতে আজি AICCয়ে নতুন কমিটী গঠন কৰি প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব প্ৰদান কৰে সাংসদ গৌৰৱ গগৈক।

উল্লেখ্য যে, ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ বাবে ইতিমধ্যে প্ৰতিটো দল-সংগঠনে সাজু হৈছে যদিও কংগ্ৰেছ যথেষ্ঠখিনি দুৰ্বল হৈ আহিছে। ইয়াৰ প্ৰমাণ পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত পোৱা গৈছে। ইয়াৰোপৰি কংগ্ৰেছৰ ৰণনীতি সন্দৰ্ভতো বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। গতিকে দলে বিচাৰিছিল এজন নতুন তথা সবল নেতৃত্ব।

উল্লেখ কৰা প্ৰয়োজন যে ৫ বছৰৰ বাবে ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দিয়া হৈছিল আৰু কাৰ্যকাল শেষ নোহোৱাৰ পূৰ্বে তেওঁক পদৰ পৰা আঁতৰ কৰা হয়। যোৱা সময়চোৱাত কংগ্ৰেছৰ একাংশ বিধায়কে যুক্তি দিছিল যে ৰাজনীতিত ভূপেন বৰাতকৈ গৌৰৱ গগৈ বেছি প্ৰাসংগিক। লোকসভা নিৰ্বাচন ইয়াৰ প্ৰমাণ। গতিকে গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিব লাগে। অৱশেষত সম্ভৱতঃ দলীয় নেতা-কৰ্মীৰ অনুৰোধ মৰ্মে AICC য়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ গগৈক নিৰ্বাচন কৰে।

 

 

 

অন্য খবৰ পঢ়কঃ কংগ্ৰেছত বিদ্ৰোহ! ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তুতি…

আৰু পঢ়কঃ কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? গৌৰৱ হ’ব নেকি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী…

আপুনি কিনিব বিচৰা আপেলটো আচল নে নকল? এই সহজ উপায়েৰে জানক...
ৰাতিপুৱা খালী পেটত গৰম পানী খালে কি হয়? ইয়াৰ উপকাৰিতা জানক
তিতা কেৰেলাই উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰেনে?
দূৰ হ'ব আৰ্থিক সমস্যা, আজিয়ে ত্যাগ কৰক এই অভ্যাস...