বিশ্বৰ শীৰ্ষ ২% শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ অধ্যাপকৰ নাম

Gauhati university: উত্তৰ পূৰ্বাঞ্চলৰ ১৪ গৰাকীয়ে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৪ গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়, ৬ গৰাকী NIPER (National Institute of Pharmaceutical Education & Research) গুৱাহাটী, ৩ গৰাকী নাগালেণ্ড বিশ্ববিদ্যালয় আৰু এগৰাকীয়ে USTM (The University of Science and Technology), মেঘালয়ৰে অধ্যাপকে স্থান লাভ কৰে।

বিশ্বৰ শীৰ্ষ ২% শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ অধ্যাপকৰ নাম

গুৱাহাটী বিশ্ববিদ্যালয়

Published: 

22 Sep 2024 | 06:01 PM

অসমবাসীৰ বাবে ভাল খবৰ! ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে পুনৰ বিশ্ব দৰবাৰত নাম উজ্বলাবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয়খনৰ ৪ গৰাকীকৈ অধ্যাপকৰ নাম সন্নিবিষ্ট হৈছে বিশ্বৰ অগ্ৰণী ২ শতাংশ বিজ্ঞানীৰ তালিকাত। এই ৪ গৰাকী অধ্যাপকে লাভ কৰা স্বীকৃতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্যৰ শিক্ষাখণ্ডকো গৌৰৱান্বিত কৰি তুলিছে।

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে এই সন্দৰ্ভত এক তালিকা প্ৰস্তুত কৰিছে। ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে বিশ্বৰ শীৰ্ষ  ২ শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰা এখন তালিকা প্ৰস্তুত কৰিছে। এই তালিকাত নাম আছে  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰদীফ ফুকন, বিপান হাজৰিকা, ড০ ৰঞ্জিত ঠাকুৰীয়া আৰু ড০ অৰবিন্দ ঘোষৰ । যোৱা ১৬ ছেপ্টেম্বৰক ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে এই তালিকা প্ৰকাশ কৰিছিল।

প্ৰদীপ ফুকন নামৰ অধ্যাপকগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগত কৰ্মৰত। ফুকনে এই ক্ষেত্ৰখনত দীঘলীয়া সময়ৰ বাবে কাম কৰি আহিছে। বিপান হাজৰিকা নামৰ অধ্যাপকগৰাকীয়ে গণিত বিভাগত, ড০ ৰঞ্জিত ঠাকুৰীয়াই ৰাসায়ন বিজ্ঞান আৰু ড০ অৰবিন্দ ঘোষে মাইক্ৰবায়লজী- উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰখনত ২০২৩ বৰ্ষত কৰা কামৰ বাবে এই তালিকাত স্থান লাভ কৰিছে। অৰবিন্দ ঘোষ নামৰ অধ্যাপকগৰাকীয়ে শেহতীয়াকৈ ত্ৰিপুৰা বিশ্ববিদ্যালয়ত যোগদান কৰিছে।

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ ১৪ গৰাকীয়ে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৪ গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়, ৬ গৰাকী NIPER (National Institute of Pharmaceutical Education & Research) গুৱাহাটী, ৩ গৰাকী নাগালেণ্ড বিশ্ববিদ্যালয় আৰু এগৰাকীয়ে USTM (The University of Science and Technology), মেঘালয়ৰে অধ্যাপকে স্থান লাভ কৰে। দেশৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ  বহুকেইগৰাকী অধ্যাপকে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ৪৬ গৰাকী অধ্যাপকে এই স্থান লাভ কৰে।  সংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে এই ক্ষেত্ৰত শীৰ্ষত আছে পঞ্জাৱ বিশ্ববিদ্যালয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ এই প্ৰাপ্তিয়ে এতিয়া শৈক্ষিক ক্ষেত্ৰখনত অন্য এখন স্থানলৈ গতি কৰাইছে। এই কেইগৰাকী অধ্যাপকৰ কৰ্তৃত্বই বিশ্ববিদ্যালয়খনৰ নাম বিশ্ববাসীৰ আগত দাঙি ধৰিছে। উল্লেখ কৰা প্ৰয়োজন যে ১৯৪৮ চনৰ ২৬ জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা এই বিশ্ববিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (NAAC), বাংগালুৰৰ দ্বাৰা মূল্যাংকিত আৰু A গ্ৰেড প্ৰাপ্ত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত QS World University Rankings য়ে গুৱাহাটী বিশ্ববিদ্যালয়ক ২০২৩ চনত এছিয়াৰ ৬০১-৬০৫ বেণ্ডত স্থান দিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...