বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নাম

আমেৰিকাৰ ষ্টেণ্ডফ'ৰ্ড বিশ্ববিদ্যালয়ে সংকলিত ২০২৫ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানী তালিকাত বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। এই তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকে । 

বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নাম

গুৱাহাটীৰ বিশ্ববিদ্যালয়

Updated On: 

30 Sep 2025 | 07:24 PM

অসমবাসীৰ বাবে গৌৰৱৰ খবৰ। আমেৰিকাৰ ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ে সংকলিত ২০২৫ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানী তালিকাত বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। এই তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকে ।  এই কৃতিত্বই বিশ্ববিদ্যালয়খনৰ গৱেষণা আৰু শৈক্ষিক উৎকৰ্ষতাৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকৰ স্থায়ী অৱদানৰ ওপৰত আলোকপাত কৰি অধ্যাপকসকলে দীঘলীয়া কেৰিয়াৰৰ প্ৰভাৱ (Career-Long Impact) শিতানত স্বীকৃতি লাভ কৰে। তালিকাত অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীয়ে বিশ্বব্যাপী ২২,১৪৫ ৰেংক লাভ কৰে। ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰদীপ ফুকনে ১৪২,৮২২ স্থান আৰু গণিত বিভাগৰ অধ্যাপক বিপণ হাজৰিকাক ৩৬১,১২০ নম্বৰত স্থান দিয়া হয়।

ইয়াৰ উপৰিও ২০২৪ চনৰ উদ্ধৃতিৰ প্ৰদৰ্শন (Citation Performance)ৰ ভিত্তিত অধ্যাপক গোস্বামীয়ে ১৮,২৬৫, অধ্যাপক হাজৰিকাই ১৪৮,৫০৩, আৰু ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ৰঞ্জিত ঠাকুৰিয়াই ২৭০,৪০৪ ৰেংক লাভ কৰে।  ২০২৫ চনৰ সংস্কৰণত একবছৰীয়া শাখাত ৬,২৩৯ জন ভাৰতীয় গৱেষক আৰু কেৰিয়াৰ দীঘলীয়া শাখাত ৩,৩৭২ জন গৱেষকক অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দেশৰ সম্প্ৰসাৰিত গৱেষণাৰ ক্ষেত্ৰক প্ৰতিফলিত কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ননী গোপাল মহন্তই এই স্বীকৃতিৰ প্ৰশংসা কৰি কয়, “গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ বাবে এইটো এটা অতি গৌৰৱৰ বিষয়।ই আমাৰ অধ্যাপকৰ নিষ্ঠা, উদ্ভাৱন, আৰু বিশ্বব্যাপী প্ৰভাৱৰ বিষয়ে বহু কথাই কয়। গুৱাহাটী বিশ্ববিদ্যালত আমি ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় পণ্ডিতৰ ক্ষেত্ৰত অৰিহণা যোগোৱা বিশ্বমানৰ গৱেষণা পৰিৱেশ তন্ত্ৰক লালন-পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

তেওঁ কয়, “GUৰ অধ্যাপক সদস্যসকলক ষ্টেনফ’ৰ্ডৰ শীৰ্ষ ২% তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই সন্মানে বিশ্ববিদ্যালয়খনৰ গৱেষকসকলৰ ব্যতিক্ৰমী কৃতিত্বক উদযাপন কৰাই নহয়, বিশ্ব মঞ্চত জ্ঞান, উদ্ভাৱন, আৰু শৈক্ষিক নেতৃত্বক আগুৱাই নিয়াৰ বাবে GUৰ দায়বদ্ধতাক শক্তিশালী কৰে।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...