নিয়ন্ত্ৰণত আছে যদিও ভটিয়াপাৰৰ গেছ লিকেজ কেতিয়া বন্ধ হ’ব নাজানে ONGC য়ে…!

ভটিয়াপাৰৰ গেছ নিৰ্গমনৰ ঘটনাকলৈ অ’এনজিচিৰ বিষয়াসকলে বনগাঁও হাইস্কুলত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰত সংবাদমেল সম্বোধন কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি অ’এনজিচি অসম এচেটৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰীয়ে আশ্বাস দিয়ে যে, পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা অব্যাহত আছে।

নিয়ন্ত্ৰণত আছে যদিও ভটিয়াপাৰৰ গেছ লিকেজ কেতিয়া বন্ধ হব নাজানে ONGC য়ে...!
Published: 

18 Jun 2025 | 01:35 PM

আজিও শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ RDS-147 ৰীগৰ পৰা নিৰ্গত হৈ আছে গেছ । যোৱা ১২ জুনৰ পৰা ৰীগটোত গেছ নিৰ্গমনৰ ঘটনাকলৈ অ’এনজিচিৰ বিষয়াসকলে বনগাঁও হাইস্কুলত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰত সংবাদমেল সম্বোধন কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি অ’এনজিচি অসম এচেটৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰীয়ে আশ্বাস দিয়ে যে, পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ প্ৰচেষ্টা অব্যাহত আছে।

চৌধুৰীয়ে কয়, “গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছো। জিলা প্ৰশাসনে আগবঢ়োৱা সহযোগিতাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা নাই । কিন্তু আমি সঠিকভাৱে নিশ্চিত কৰিব নোৱাৰো যে কেতিয়া ৰীগটোৰ লিকেজ সম্পূৰ্ণৰূপে বন্ধ হ’ব ।”

তেওঁ লগতে কয়, “বিশেষজ্ঞসকলে পানী ব্যৱহাৰ কৰি লিকেজ হোৱা স্থানটো অবিৰতভাৱে শীতল কৰাৰ পৰামৰ্শ দিছে আৰু আমি এই পৰামৰ্শ অতি জৰুৰীভাৱে কাৰ্যকৰী কৰিছো।” চৌধুৰীয়ে আৰু স্পষ্ট কৰি দিয়ে যে, বি অ’ পি (ব্ল’আউট প্ৰিভেণ্টাৰ)ৰ সকলো কাৰিকৰী দিশ সঠিকভাৱে কাম কৰি আছে ।

এছ.কে. পেট্ৰ’ই এই ঘটনাৰ সৈতে জড়িত বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছে বুলি কয় বিষয়াগৰাকীয়ে । চৌধুৰীয়ে কয়, “আমি এই ঘটনাৰ পৰা শিকিছো আৰু ভৱিষ্যতে এনে ঘটনা ৰোধৰ বাবে কাম কৰিম। তদন্তৰ প্ৰতিবেদনৰ তথ্যৰ ভিত্তিত এছ কে পেট্ৰ’ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখ্য যে, এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত প্ৰায় ৩৫০ টা পৰিয়ালক সেই স্থানৰ পৰা স্থানান্তৰ কৰা হৈছে। এই পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়াৰ কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, “শিবিৰটোত প্ৰায় ৩৫০টা পৰিয়াল আছে আৰু তেওঁলোক আতংকিত হৈ পৰিছে । তাৎক্ষণিক সকাহৰ বাবে আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পৰিয়ালসমূহক ২৫ হাজাৰকৈ টকা প্ৰদান কৰিম।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...