বিগত ৩ দিন ধৰি ভটিয়াপাৰৰ RDS-147 ৰীগৰ পৰা নিৰ্গত হৈ আছে গেছ, আতংকিত স্থানীয় লোক…

ভটিয়াপাৰস্থিত RDS-147 ৰীগৰ পৰা বিগত তিনি দিন ধৰি অনিয়ন্ত্ৰিতভাৱে নিৰ্গত হৈ আছে গেছ । অ’ এন জি চিৰ ৰুদ্ৰসাগৰ ৰীগৰ পৰা অবিৰতভাৱে ওলাই থকা গেছ এতিয়ালৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । জানিব পৰা মতে ১২ জুনত পুৱা ৰুটিন চাৰ্ভিচিং অপাৰেচনৰ সময়ত এই ৰীগত গেছ লিক হৈছিল।

বিগত ৩ দিন ধৰি ভটিয়াপাৰৰ RDS-147 ৰীগৰ পৰা নিৰ্গত হৈ আছে গেছ, আতংকিত স্থানীয় লোক...
Published: 

14 Jun 2025 | 06:43 PM

শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত RDS-147 ৰীগৰ পৰা বিগত তিনি দিন ধৰি অনিয়ন্ত্ৰিতভাৱে নিৰ্গত হৈ আছে গেছ । অ’ এন জি চিৰ ৰুদ্ৰসাগৰ ৰীগৰ পৰা অবিৰতভাৱে ওলাই থকা গেছ এতিয়ালৈকে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । জানিব পৰা মতে ১২ জুনত পুৱা ৰুটিন চাৰ্ভিচিং অপাৰেচনৰ সময়ত এই ৰীগত গেছ লিক হৈছিল। তেতিয়াৰ পৰা এই ৰীগটোৰ পৰা অনিয়ন্ত্ৰিতভাৱে নিৰ্গত হৈ আছে গেছ । যাৰ পৰিপ্ৰেক্ষিত এক আতংকই বিৰাজ কৰিছে স্থানীয় লোকসকলৰ মাজত ।

স্থানীয় সূত্ৰই সদৰী কৰা মতে, অ’এনজিচিৰ সংকট ব্যৱস্থাপনা দল আৰু জৰুৰীকালীন সেৱাৰ দল নিয়োগ কৰা হৈছে । কিন্তু এতিয়া নিৰ্গত হোৱা গেছ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । বৰ্তমানলৈকে ৰীগত গেছ লিক হোৱাৰ ফলত অগ্নিকাণ্ড বা কোনো লোকৰ হতাহত হোৱাৰ তথ্য পোৱা নাই । অৱশ্যে গেছ নিৰ্গত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত দুৰ্গন্ধ বিয়পি পৰিছে ।

খবৰ অনুসৰি, গেছ নিৰ্গত হোৱা স্থানৰ পৰা ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰায় ১৩৭ পৰিয়ালক সুৰক্ষা আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে । ইফালে, আশ্ৰয় শিবিৰত থকা লোকসকলক খাদ্যৰ পৰা আৰম্ভ কৰি খোৱাপানী, চিকিৎসা সেৱা আদি ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । কিন্তু তেওঁলোকে পৰ্যাপ্ত মৌলিক সুবিধা নোপোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰা দেখা গৈছে । একে সময়তে সুৰক্ষাৰ দিশটোক লৈয়ো শংকিত হৈছে স্থানীয় লোকসকল ।

শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুষ গাৰ্গে কয়, “অ’এনজিচি, এছডিআৰএফ, এনডিআৰএফ আৰু স্থানীয় জৰুৰীকালীন সেৱাৰ কাৰিকৰী দলসমূহে কূপটো সুৰক্ষিত কৰি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সহযোগিতা আগবঢ়াইছে।” তেওঁ লগতে স্থানীয় বাসিন্দাসকলক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...