Zubeen Garg: মৃত্যুৰ আগদিনা পত্নী গৰিমাৰ সৈতে কি কথা পাতিছিল জুবিন গাৰ্গে? জনালে সকলো…
Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ আদ্যশ্ৰাদ্ধৰ দিনা বিশেষ মন্তব্য প্ৰদান কৰে গৰিমাই। তেওঁ কয় যে, বহু প্ৰশ্ন আছে, সকলো প্ৰশ্নৰ উত্তৰ লাগিব।

গৰিমা শইকীয়া গাৰ্গ
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ আদ্য শ্ৰাদ্ধৰ দিনা সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি গৰিমাই ঘটনাৰ উচিত তদন্ত বিচাৰে। তেওঁ কয় যে, “আমি ন্যায় বিচাৰো। তেওঁৰ লগত কি হৈছিল আমাক জনাব লাগিব। কিয় হৈছিল জনাব লাগিব, আমি জানিব লাগিব। তেওঁৰ দৰে মানুহ এজনৰ যত্নত কিয় ইমান গাফিলতি কৰা হৈছিল। সেই উত্তৰ লাগিব, ন্যায় লাগিব। উচিত তদন্ত হওক। আমি তদন্তৰ আশা আশা ৰাখিছো”।
শ্যামকানু মহন্ত সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ গৰিমাই প্ৰত্যক্ষভাৱে নিদিয়ে যদিও কয় যে,” আমি ভাবিছিলো আমাৰ অনুপস্থিত জুবিনৰ যত্ন ল’ব , কিন্তু সেয়া দেখা নগ’ল। জুবিনৰ এটা মেডিচিন আছিল। সেইটো দি পঠিয়াইছিলো। কিন্তু তেওঁ খাইছিল নে নাই গম পোৱা নাই”।
জুবিনৰ সৈতে কথা পতা সন্দৰ্ভত তেওঁ কয় যে, “মই আগদিনা কথা পাতিছিলো। কিন্তু য়াট পাৰ্টিৰ কথা গম পোৱা নাছিল। সম্ভৱতঃ জুবিনেও এই কথা জনা নাছিল। যদি জানিলেহেতেন তেন্তে ১৮ তাৰিখে কথা পতাৰ সময়ত খুব উৎসাহেৰে ক’লেহেতে। এইবোৰ যিহেতু ভাল পায়। ৰাতিলৈ ভিডিঅ’ দেখিছিলো। টিয়েৰছ অৱ হেভেন গাইছিল। কিন্তু পাছদিনা আমাৰ কোনো যোগাযোগ হোৱা নাছিল”।
জুবিনৰ সুঁৱৰি আৱেগিক হৈ গৰিমাই কয় যে, “তেওঁ আচলতে এটা মিছনতে আহিছিল। নিজৰ ক’বলগীয়া, কৰিবলগীয়াখিনি কৰি গ’ল। তেওঁ কথা বহুতে বুজি নাপালে তেওঁ কৈছিল যে ১০ বছৰ পাছত বুজি পাব। তেওঁৰ নিজৰ কাম কৰিছিল, কথাখিনি কৈছিল। তেওঁৰ ওচৰত সময় নাছিল। যাৰ বাবে হয়তো সকলো সময়মতে কৰিছিল। সকলোৱে লাহে লাহে বুজি পাব”।
তেওঁ আৰু কয় যে,” জুবিনে এখন বৰ অসম চাব বিচাৰিছিল। আজি তেওঁক বিচাৰি জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছে। প্ৰাৰ্থনা কৰিছে। আশা কৰো এই অসমখন সদায় এনেদৰে থাকক। তেওঁৰ বহুত সপোন আছিল”।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে তদন্ত কৰি আছে। ইয়াৰ মাজতে কালি জুবিনৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। এই সন্দৰ্ভত এতিয়ালৈকে কোনো লোক গ্ৰেপ্তাৰ হোৱা নাই। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।
অন্য খবৰ পঢ়কঃকাইলৈ গুৱাহাটীত বিশ্বকাপৰ মেচঃ জুবিন অনুৰাগীলৈ বিনামূলীয়া টিকট…