Morning News: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা মহিলা বিশ্বকাপলৈ, চাওক পুৱাৰ কেইটামান চৰ্চিত খবৰ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত অব্যাহত আছে তদন্ত। তাৰ মাজতে সোমবাৰে সন্ধিয়া এক অজ্ঞাত স্থানৰ পৰা বিশেষ ফেচবুক পোষ্ট কৰিছে এই গোচৰৰ এগৰাকী প্ৰধান অভিযুক্ত শ্যামকানু মহন্তই। এই পোষ্টটোত শ্যামকানু মহন্তই শীঘ্ৰেই অসমলৈ আহি বুলি উল্লেখ কৰিছে।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। এইবাৰ পুনৰ অসম আৰক্ষীয়ে ২৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে এই বিষয়ে সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত অব্যাহত আছে তদন্ত। তাৰ মাজতে সোমবাৰে সন্ধিয়া এক অজ্ঞাত স্থানৰ পৰা বিশেষ ফেচবুক পোষ্ট কৰিছে এই গোচৰৰ এগৰাকী প্ৰধান অভিযুক্ত শ্যামকানু মহন্তই। এই পোষ্টটোত শ্যামকানু মহন্তই শীঘ্ৰেই অসমলৈ আহি বুলি উল্লেখ কৰিছে।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হোৱাইট হাউছত এক যৌথ সংবাদমেলত গাজা যুদ্ধৰ অৱসানৰ বাবে এক শান্তি প্ৰস্তাৱ ঘোষণা কৰে। দুয়ো লগতে এই শান্তি প্ৰস্তাৱৰ প্ৰতি সমৰ্থনৰ বাবে হামাছক ৭২ ঘণ্টা সময় বান্ধি দিছে। এই সময়ৰ ভিতৰত হামাছে সমৰ্থন আগনবঢ়ালে অধিক শক্তিশালী আক্ৰমণৰ ইঙ্গিত দিছে দুয়ো নেতাই।
- আজিৰ পৰা আৰম্ভ হ’ব মহিলাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ। গুৱাহাটীত আজি প্ৰতিযোগিতাৰ প্ৰথমখন মেচত মুখামুখি হ’ব আয়োজক ভাৰতীয় দল আৰু শ্ৰীলংকা। বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত আজি জুবিন গাৰ্গৰ প্ৰতি বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা লোৱা হৈছে।
- কালি সম্পন্ন হয় জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। এই দিনটোতে প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কেইটামান তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অৱহেলা হোৱাৰ অভিযোগ তুলি গৰিমা শইকীয়া গাৰ্গে এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী কৰিছে।
- জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তদন্তৰ বাবে ছিংগাপুৰ চৰকাৰলৈ সহযোগিতাৰ প্ৰস্তাৱ আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ভাৰত চৰকাৰক এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু ভাৰত চৰকাৰে ছিংগাপুৰলৈ এই প্ৰস্তাৱ আগবঢ়ালে তদন্তৰ ক্ষেত্ৰত যথেষ্ট আগুৱাব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
- সোমবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ১৬ নং ৰাষ্ট্ৰীয় ৰাইফলছৰ মুখ্য কাৰ্যালয় কমপ্লেক্সৰ ভিতৰত এক গ্ৰেণেড বিস্ফোৰণত এগৰাকী সেনা জোৱানৰ মৃত্যু হয়। অৱশ্যে প্ৰাথমিক তদন্তত এই বিস্ফোৰণ সন্ত্ৰাসবাদী আক্ৰমণৰ ফল নে আকস্মিক বিস্ফোৰণ আছিল সেয়া এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই। সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কৰ্তৃপক্ষই।