Morning News: জুবিন গাৰ্গ ন্যাস গঠনৰ পৰা বিচিচিআইৰ পদক্ষেপলৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত গঠন কৰা হ’ব ন্যাস। এই ন্যাসে জুবিন গাৰ্গৰ সৃষ্টি ৰাজি সংৰক্ষণ কৰিব। এক সংবাদমেল যোগে গৰিমা শইকীয়া গাৰ্গে এই বিষয়ে জানিবলৈ দিয়ে।

Morning News: জুবিন গাৰ্গ ন্যাস গঠনৰ পৰা বিচিচিআইৰ পদক্ষেপলৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ

পুৱাৰ মুখ্য খবৰ

Published: 

03 Jan 2026 08:07 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত গঠন কৰা হ’ব ন্যাস। এই ন্যাসে জুবিন গাৰ্গৰ সৃষ্টি ৰাজি সংৰক্ষণ কৰিব। এক সংবাদমেল যোগে গৰিমা শইকীয়া গাৰ্গে এই বিষয়ে জানিবলৈ দিয়ে।
  2. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো শুনানি আজি অনুষ্ঠিত হ’ব। সত্ৰ ন্যায়াধীশৰ আদালতত হ’ব এই শুনানি গ্ৰহণ কৰা হ’ব। ইতিপূৰ্বে CJM আৰু সত্ৰ ন্যায়াধীশৰ আদালতত এই গোচৰৰ ২টাকৈ শুনানি হৈ গৈছে।
  3. চলিত মাহত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে ১৭-১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু ২৯ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহিব।
  4. সৰুসজাইত বৃহৎ ‘বাগৰুম্বা’ নৃত্য প্ৰদৰ্শনৰ বাবে চলোৱা হৈছে প্ৰস্তুতি। অহা ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বডো লোকনৃত্য ‘বাগৰুম্বা’। এই অনুষ্ঠানৰ বাবে ৪ জানুৱাৰীৰ পৰা মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ’ব।
  5. শুকুৰবাৰে এক নতুন আঁচনি প্ৰৱৰ্তন কৰিলে অসম চৰকাৰে। লোকসেৱা ভৱনত ‘উদাসীন ভকতলৈ আৰ্থিক সাহায্য’ শীৰ্ষক এই নতুন আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আঁচনিখনৰ অধীনত ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকতে প্ৰতিমাহে ১,৫০০ টকাকৈ সাহায্য লাভ কৰিব।
  6. মধ্য প্ৰদেশৰ ইন্দোৰত দূষিত বিষাক্ত পানীয়ে লৈছে কালৰূপ। দূষিত পানী খাই যোৱা কেইদিনমানৰ ভিতৰত চহৰখনত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৫০ জন লোক চিকিৎসাধীন হোৱাৰ তথ্য পোহৰলৈ আহিছে।
  7. বিশ্বৰ আটাইতকৈ ধনাঢ্য ক্ৰিকেট লীগ বিচিচিআইয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই বৰ্ষৰ আগষ্টত শ্ৰীলংকা ভ্ৰমণৰ সময়ত দেশখনৰ ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত লোকৰ সহায়ৰ বাবে ভাৰতীয় দলে অতিৰিক্ত টি-২০ শৃংখলা খেলিব বুলি বিচিচিআই-এ নিশ্চিত কৰিছে।
  8. অহা ১১ জানুৱাৰীৰ পৰা নিউজিলেণ্ডৰ বিপক্ষে আৰম্ভ হ’ব ভাৰতৰ এদিনীয়া শৃংখলা। এই শৃংখলাটোৰ বাবে আজি ভাৰতীয় দল ঘোষণা কৰা হ’ব। ঘোষিত দলটোত শ্ৰেয়স আয়াৰ আৰু মহম্মদ ছামিৰ স্থান লাভক লৈ চলিছে চৰ্চা।
বহুলোকেই নাজানে ডালচেনিৰ এনে অসাধাৰণ গুণ, জানিলে দেহত পাব যাদুকৰী উপকাৰিতা
শীতত অসহ্যকৰ গাঁঠিৰ বিষ কেনেকৈ কৰিব দূৰ, জানক টিপচ!
আলুৰ উপকাৰিতাই আচৰিত কৰিব আপোনাক, খাবলৈ এৰি কৰিব এই কাম!
উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ...
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা
কংগ্ৰেছৰ প্ৰতিটো টিকটৰ দাম ৩ ৰ পৰা ৪ কোটি: মুখ্যমন্ত্ৰী
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...