উৰুকাৰ আনন্দৰ পৰা ট্ৰাম্পৰ ভাবুকিলৈ, থোৰতে পঢ়ক পুৱাৰ মুখ্য খবৰসমূহ

ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ আনন্দ। আজি ৰাজ্যবাসীয়ে উদযাপন কৰিব হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। এই উপলক্ষে ৰাজ্যৰ সৰ্বপ্ৰান্তত আজি দেখা গৈছে ব্যাপক ব্যস্ততা। থলুৱা ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ।

উৰুকাৰ আনন্দৰ পৰা ট্ৰাম্পৰ ভাবুকিলৈ, থোৰতে পঢ়ক পুৱাৰ মুখ্য খবৰসমূহ

পুৱাৰ মুখ্য খবৰ

Published: 

13 Jan 2026 | 08:01 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ আনন্দ। আজি ৰাজ্যবাসীয়ে উদযাপন কৰিব হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। এই উপলক্ষে ৰাজ্যৰ সৰ্বপ্ৰান্তত আজি দেখা গৈছে ব্যাপক ব্যস্ততা। থলুৱা ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে বজাৰ।
  2. আন এক ডাঙৰ ঘোষণাৰে বিশ্বৰ ৰাজনীতি তথা অৰ্থনীতিত তোলপাৰ লগাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইৰানত চলি থকা প্ৰতিবাদ আৰু প্ৰশাসনৰ কঠোৰ পদক্ষেপত ক্ষোভ প্ৰকাশ কৰি ট্ৰাম্পে দেশখনৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা দেশসমূহৰ ওপৰত ২৫% শুল্ক আৰোপ কৰিছে।
  3. গুৱাহাটীত সংঘটিত হৈছে এক হিট এণ্ড ৰানৰ ঘটনা। এগৰাকী যুৱতীৰ বাহনৰ খুন্দাত আহত হৈছে এজন শ্ৰমিক। আহত শ্ৰমিকজনক GMCHত ভৰ্তি কৰা হৈছে। মহানগৰীৰ ছয় মাইলৰ উৰণসেঁতুত এই ঘটনা সংঘটিত হৈছে।
  4. আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ফিফা বিশ্বকাপৰ ট্রফী প্ৰদৰ্শনৰ লগতে ক’ক ষ্টুডিঅ’ ভাৰতৰ কনচাৰ্ট অনুষ্ঠিত হ’ব। এই দুটাকৈ আকৰ্ষণীয় অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰত আজি ব্যাপক যান-বাহন নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি বহু পথত যান-বাহন চলাচলত থাকিব বিশেষ নীতি-নিয়ম।
  5. কংগ্ৰেছত যোগ দিয়ে এক বিশেষ মন্তব্যৰে বিতৰ্কৰ সূচনা কৰিছিল প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰে। বিতৰ্কৰ পিছত কালি তেওঁ এনে মন্তব্যৰ বাবে ক্ষমা বিচাৰে। ইফালে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজহুৱা মঞ্চত কথা কওঁতে সাৱধান হ’বলৈ সৰকাৰক আহ্বান জনাইছে।
  6. গুৱাহাটীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত এগৰাকী ৱাৰ্ড গালৰ আত্মহননৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছতে ৱাৰ্ড গাৰ্লগৰাকীয়ে চিকিৎসালয়খনৰ বাথৰুমত চৰম পন্থা লয় বুলি জানিব পৰা গৈছে।
  7. বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা আক্ৰমণৰ ঘটনা অব্যাহত আছে। কালি পুনৰ ফেণী জিলাত উন্মত্ত লোকৰ প্ৰহাৰত প্ৰাণ হেৰুৱাইছে সমীৰ কুমাৰ দাস (২৮) নামৰ এজন হিন্দু যুৱকে। বিগত মাত্ৰ ২৫ দিনৰ ভিতৰত দেশখনত এয়া অষ্টমগৰাকী হিন্দু ব্যক্তিৰ হত্যাকাণ্ড।
  8. চলিত ৱ’মেন প্ৰিমিয়াৰ লীগত কালি অনুষ্ঠিত হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ইউ পি ৱাৰিৱৰ্জৰ মেচ। এই মেচখনত আৰচিবিয়ে ৯ উইকেটত সহজ জয় সাব্যস্ত কৰিছে। চলিত ছিজনত পূৰ্বৰ চেম্পিয়ন আৰচিবিৰ এয়া প্ৰথম বিজয়।
গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়...
পিঁয়াজ আৰু নহৰু একেলগে খালে দেহত কি প্ৰভাৱ পৰে? জানক ইয়াৰ বিস্ময়কৰ উপকাৰিতা!
শৰীৰত ভিটামিন B12 ৰ অভাৱ হ'লে কি কি ইংগিত দিয়ে, জানক...
বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ