হাজোৰ সমন্বয়ৰ বাৰ্তাৰ পৰা প্ৰদীপ বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ, দিনটোৰ চৰ্চিত খবৰসমূহ
মাঘ বিহুৰ আনন্দৰ মাজতে প্ৰদীপ বৰুৱাৰ মৃত্যুৰ খবৰে ৰাজ্যক শোকস্তব্ধ কৰি তোলে। ইফালে হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাই আজি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। চাওঁ আহক দিনটোত চৰ্চা লাভ কৰা এনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

দিনটোৰ চৰ্চিত খবৰসমূহ
ৰাজ্যৰ এগৰাকী প্রসিদ্ধ লেখক তথা সাংবাদিক প্রদীপ বৰুৱাৰ বুধবাৰে মৃত্যু হয়। আজি নৱগ্ৰহত তেওঁৰ শেষকৃত্য সম্পন্ন হয়। মাঘ বিহুৰ আনন্দৰ মাজতে এই খবৰে ৰাজ্যক শোকস্তব্ধ কৰি তোলে। ইফালে হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাই আজি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। চাওঁ আহক দিনটোত চৰ্চা লাভ কৰা এনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ-
- ৰাজ্যত অব্যাহত আৰক্ষী-প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযান। যোৱা নিশা লামডিং আৰক্ষীয়ে এক অভিযানত ড্ৰাগছ সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে যুৱক জনৰ পৰা এটা চাবোন বাকচত প্ৰায় ১২ গ্ৰাম ড্ৰাগছ জব্দ কৰে। যুৱকজনৰ নাম ৰামদেৱ শ্বাহ বুলি জানিব পৰা গৈছে।
- প্রসিদ্ধ লেখক, সাংবাদিক তথা জনপ্ৰিয় আলোচনী প্ৰান্তিকৰ স্ৰষ্টা প্রদীপ বৰুৱাৰ যোৱা নিশা দেহাৱসান ঘটে। গুৱাহাটীৰ ডাউন টাউন হাস্পতালত তেওঁৰ মৃত্যু হয়। আজি নৱগ্রহ শ্মশানত তেওঁ শেষকৃত্য সম্পন্ন হয়।
- বিগত বৰ্ষৰ ডিচেম্বৰত কামপুৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছিল ৮টা বন্যহস্তীৰ। এই ঘটনাক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড আৰু অন্যান্য কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে।
- পৰম্পৰা অনুসৰি আজি পহিলা মাঘৰ দিনা তীৰ্থ নগৰী হাজোত অনুষ্ঠিত হৈছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা। আছুৰ উদ্যোগত পোৱামক্কা দৰগাহৰ পৰা মাধৱ মন্দিৰলৈ উলিওৱা হ’ল বিশাল সমন্বয় শোভাযাত্ৰা।
- ৰাজ্যৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা বৃহৎ সাহায্য লাভ কৰিছে অসম চৰকাৰে। অসমৰ তিনিটাকৈ উন্নয়নমূলক প্ৰকল্পৰ বাবে বিশ্ববেংকে ৬৮০ মিলিয়ন আমেৰিকান ডলাৰৰ ঋণৰ মঞ্জুৰি প্ৰদান কৰিছে।
- বিলাসীপাৰাৰ খুদিগাঁৱত আজি আদানী পাৱাৰৰ ৭০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩৫০ কোটি টকাতকৈ অধিক ব্যয়ৰে নিৰ্মিত এই প্ৰকল্পটোৱে বছৰি ১৪.১ কোটি ইউনিট বিদ্যুৎ উৎপাদন কৰাৰ লগতে প্ৰায় ১.১৫ লাখ টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব।
- অহা ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা প্ৰদৰ্শন কৰিব প্ৰায় ১০ হাজাৰ শিল্পীয়ে। এই বিশেষ অনুষ্ঠানৰ বাবে সৰুসজাইত চলোৱা হৈছে পূৰ্ণ প্ৰস্তুতি। ১৯ হাজাৰ দৰ্শকে এই অনুষ্ঠান উপভোগৰ সুযোগ লাভ কৰিব।
- বুধবাৰে ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শুনানি। ছিংগাপুৰৰ শুনানিৰ পাছতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি ফেচবুকত এক বিশেষ পোষ্ট কৰিছে। দোষীৰ সৰ্বোচ্চ পৰ্যায়ৰ শাস্তিৰ পোষকতাৰে প্ৰতিটো আইনী পথত আগবঢ়া হ’ব বুলি স্পষ্ট কৰি দিছে গৰিমা শইকীয়া গাৰ্গে।
- অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা। সমন্বয়ৰ বাৰ্তাৰে আয়োজিত এই ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে পৰিচালনা সমিতিয়ে।