নন্দিনীৰ সৈতে কি সম্পৰ্ক USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ! ছামিউলৰ মোমায়েকে তুলিলে এনে অভিযোগ
গুৱাহাটীৰ হিট এণ্ড ৰান ঘটনাৰ সৈতে USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকৰ নামো সাঙোৰ খাই পৰিছে। ঘটনাত মৃত ছামিউলৰ মোমায়েকে উল্লেখ কৰা মতে, বিশ্বজিত দাস নামৰ মহবুবুল হকৰ এজন সহায়কে তেওঁক মেঘালয়স্থিত USTM লৈ গৈছিল। তেওঁৰ উপস্থিতিতে মহবুবুল হকে নন্দিনীলৈ ফোনকল কৰে বুলি মোমায়েকে উল্লেখ কৰিছে।

নন্দিনীৰ সৈতে কি সম্পৰ্ক মহবুবুল হকৰ!
গুৱাহাটী মহানগৰীত শেহতীয়াকৈ অভিনেত্ৰী নন্দিনী কাশ্যপৰ দ্বাৰা সংঘটিত হোৱা হিট এণ্ড ৰান ঘটনাৰ চাঞ্চল্য এতিয়াও অব্যাহত আছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলস্বৰূপে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ছামিউল হক নামৰ যুৱকজনে। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নন্দিনী কাশ্যপক। ইফালে আজি এক সংবাদ মেল সম্বোধন কৰে নিহত ছামিউল হকৰ মোমায়েকে। এই সংবাদ মেলত তেওঁ বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
সংবাদ মেলত নিহত ছামিউল হকৰ মোমায়েকে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে হাৰাশাস্তিৰো অভিযোগ তুলিছে। অভিশপ্ত দুৰ্ঘটনাটোৰ সন্দৰ্ভত তেওঁ দিয়া ভাষ্য মতে, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীক অৱগত কৰাৰ বাবে প্ৰত্যক্ষদর্শীয়ে 100 ডায়েল কৰিছিল।
এই ফোনকল ওদালবাক্ৰা আৰক্ষী থানাত লাগে আৰু ওদালবাক্ৰা আৰক্ষীয়ে ভগদত্ত পুৰ আউট পষ্টৰ সৈতে ফোনকল কনফাৰেন্স কৰাই দিয়ে বুলি মৃত ছামিউলৰ মোমায়েকে কয়। ইয়াৰ পিছত দিছপুৰ আৰক্ষী ঘটনস্থলীত উপস্থিত হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে। ইফালে এই দুৰ্ঘটনা সন্দৰ্ভত এজাহাৰ দাখিলৰ সময়ত ছামিউল হকৰ পৰিয়ালক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে মোমায়েকে।
তেওঁ সংবাদ মেলত অভিযোগ কৰা মতে, এজাহাৰ দাখিলৰ সময়ত আৰক্ষীৰ এগৰাকী বিষয়াই মোবাইল, অন্যান্য নথি পত্ৰ বিচাৰি পৰিয়ালক হাৰাশাস্তি কৰে। আনকি বিষয়াগৰাকীয়ে পৰিয়ালক সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া বুলিও মোমায়েকে সংবাদ মেলত উল্লেখ কৰিছে। আনহাতে দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই মীমাংসাৰ বাবে পৰিয়ালক মাতি পঠিয়াইছিল বুলিও তেওঁ লগতে কয়।
ইফালে এই ঘটনাৰ সৈতে USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকৰ নামো সাঙোৰ খাই পৰিছে। ছামিউলৰ মোমায়েকে উল্লেখ কৰা মতে, বিশ্বজিত দাস নামৰ মহবুবুল হকৰ এজন সহায়কে তেওঁক মেঘালয়স্থিত USTM লৈ গৈছিল। তেওঁৰ উপস্থিতিতে মহবুবুল হকে নন্দিনীলৈ ফোনকল কৰে বুলি মোমায়েকে উল্লেখ কৰিছে।
লগতে ছামিউলৰ চিকিৎসাৰ বাবে মহবুবুল হকে ৫ লাখ টকা সাহায্য দিয়াৰ কথা কৈছিল আৰু তিনিটা কিস্তিত এই ধন আদায় দিয়া কথা আছিল বুলিও ছামিউলৰ মোমায়েকে সদৰী কৰিছে। কিন্তু USTM স্বত্বাধিকাৰী মহবুবুল হকে এইপৰ্যন্ত কোনো ধন দিয়া নাই বুলি তেওঁ উল্লেখ কৰে। ইফালে মহবুবুল হকে ছামিউলৰ পৰিয়ালে নন্দিনী কাশ্যপৰ বিৰুদ্ধে দিয়া এজাহাৰ উঠাই ল’বলৈ পৰামৰ্শ দিয়া বুলিও মোমায়েকে অভিযোগ কৰিছে।
মৃত ছামিউলৰ আত্মীয়ৰ এনে অভিযোগে এই ঘটনাক স্বাভাৱিকতেই এতিয়া অধিক ৰহস্যজনক কৰি তুলিছে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীৰ তদন্ত সঠিক দিশত আগবাঢ়িছে বুলি মন্তব্য কৰে।