ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব শিল্পী দীপক শৰ্মাৰ শেষকৃত্য, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

এক শোকবার্তা যোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে, বাঁহীৰ সুৰেৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শর্মাই বহু অনবদ্য সৃষ্টিৰাজিৰে সাংস্কৃতিক জগতখনক মহীয়ান কৰিছিল। বিশিষ্ট শিল্পীগৰাকীৰ এই অকাল বিয়োগ অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি।

ৰাজ্যিক মর্যাদাৰে সম্পন্ন হব শিল্পী দীপক শৰ্মাৰ শেষকৃত্য, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
Published: 

03 Nov 2025 | 10:09 PM

খ্যাতনামা বাঁহীবাদক, শিল্পী দীপক শৰ্মাৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে যে,বিশিষ্ট শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ চেন্নাইৰ পৰা অসমলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাজ্যিক মর্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। চেন্নাইত চিকিৎসাধীন অৱস্থাত পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।

এক শোকবার্তা যোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে, বাঁহীৰ সুৰেৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শর্মাই বহু অনবদ্য সৃষ্টিৰাজিৰে সাংস্কৃতিক জগতখনক মহীয়ান কৰিছিল। বিশিষ্ট শিল্পীগৰাকীৰ এই অকাল বিয়োগ অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি অভিহিত কৰি সংস্কৃতিৰ সাধকগৰাকীৰ অৱদানৰাজি চিৰস্মৰণীয় হৈ ৰ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

লগতে মুখ্যমন্ত্ৰীয়ে প্রয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, বিশিষ্ট শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ চেন্নাইৰ পৰা অসমলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাজ্যিক মর্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

উল্লেখ্য যে, ৩ নৱেম্বৰ সোমবাৰে পুৱা ভাগতে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসানৰ শোকৰ খবৰটো লাভ কৰে ৰাজ্যবাসীয়ে। যোৱা কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত সোমবাৰে পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। জানিব পৰা মতে, দীর্ঘদিনে যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল বাঁহীবাদক দীপক শর্মা। ৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকীৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...