অসম-মেঘালয়ৰ সীমা বিবাদ সমাধানৰ অৰ্থে গুৰুত্বপূৰ্ণ পদক্ষেপঃ স্থাপন হ’ল প্ৰথমটো সীমা স্তম্ভ

অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ দিশত গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূর্ণ পদক্ষেপ। দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত সীমাকেন্দ্ৰিক বিবাদিত অঞ্চলসমূহৰে এটাত আজি প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে।

অসম-মেঘালয়ৰ সীমা বিবাদ সমাধানৰ অৰ্থে গুৰুত্বপূৰ্ণ পদক্ষেপঃ স্থাপন হ’ল প্ৰথমটো সীমা স্তম্ভ

অসম-মেঘালয় সীমান্তত সীমা স্তম্ভ স্থাপন

Published: 

04 Jul 2025 19:19 PM

অসম আৰু মেঘালয়ৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ দিশত গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূর্ণ পদক্ষেপ দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত সীমাকেন্দ্ৰিক বিবাদিত অঞ্চলসমূহৰে এটাত আজি প্ৰথমটো সীমা স্তম্ভ স্থাপন কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এক পোষ্টযোগে এই বিষয়ে সদৰী কৰিছে। এই সীমা স্তম্ভক স্পষ্টতা আৰু শান্তিৰ স্তম্ভ আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে এই সীমা স্তম্ভই এসময়ৰ ধূসৰ অঞ্চলবোৰলৈ অৱশেষত নৱ ৰূপত চৰকাৰী শাসন ব্যৱস্থা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত লিখিছে, “অসম-মেঘালয় সীমান্তত প্ৰথমটো সীমা স্তম্ভ স্থাপন ২০২২ চনৰ চুক্তি বাস্তৱায়নৰ দিশে এক পদক্ষেপ”। অৱশ্যে এই সীমা স্তম্ভ কোন স্থানত স্থাপন কৰা হৈছে, সেই সম্পৰ্কে স্পষ্টকৈ উল্লেখ কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্টটোত তেওঁ লগতে কয় যে ১৯৭২ চনত অসমৰ পৰা পৃথক হৈ স্থাপন হোৱাৰ পিছৰ পৰাই অসম-মেঘালয় সীমান্তৰ এটা বৃহৎ অংশ অস্পষ্ট হৈ ৰৈছিল।

এই অনিশ্চয়তাৰ ফলত দুয়োখন ৰাজ্যৰ মাজত বহু সময়তে উত্তেজনাৰ সৃষ্টি হৈছিল বুলিও তেওঁ দোহাৰেমেঘালয় গঠনৰ ৫০ বছৰ পিছত ২০২২ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যই এক ঐতিহাসিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল আৰু এই চুক্তিৰ জৰিয়তে সীমান্ত নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্টটোত উল্লেখ কৰে

 

অসম আৰু মেঘালয়ৰ মাজত ১২টা বিবাদিত অঞ্চলৰ ৬টা এলেকাত ইতিমধ্যে বিবাদৰ সমাধান কৰা হৈছে আৰু বুজাবুজিৰ চুক্তিৰ ফলাফল হিচাপে এতিয়া প্ৰথম সীমা স্তম্ভ স্থাপন কৰা হৈছে বুলিও তেওঁ লগতে কয়। এই সীমা স্তম্ভই দুয়োখন ভগ্নী ৰাজ্যৰ মাজত বন্ধুত্বৰ এক উন্নত সাঁকো নিৰ্মাণ কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণ আৰু প্ৰশাসনৰ বাবে এতিয়া সঠিক ন্যায়িক সীমা স্পষ্ট হৈ উঠিব বুলিও আশা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পোষ্টটোত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকো টেগ কৰে। উল্লেখ্য যে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যোৱা ২ জুনত গুৱাহাটীত এক যুগ্ম সংবাদমেল সম্বোধন কৰি আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে ৫টা বিবাদিত অঞ্চলত সীমা স্তম্ভ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ঘৰৰ কোন স্থানত পাৰ চৰাইৰ বাহ থকাটো শুভ, কোন স্থানত অশুভ? জানেনে আপুনি?
নিশা শোৱাৰ পূৰ্বে মোবাইল চাই নেকি? আপোনাৰ শৰীৰত এই অভ্যাসৰ কেনে প্ৰভাৱ পৰে চাওক...
আপোনাৰ চুলি পকিছে নেকি? এই সমস্যা ৰোধ কৰাৰ ঘৰুৱা উপায় জানক...
জীৱনত এই কেইটা ভুল কেতিয়াও নকৰিব, নহ’লে জীৱন সৰ্বনাশ!