যোৰহাটৰ AT ৰোডত বিধ্বংসী অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু

যোৰহাট চহৰৰ ভোগদৈ মছজিদৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত ভোগদৈ দলঙৰ সমীপত এ টি ৰোডৰ কাষত থকা ব্যৱসায় প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন লোকৰ।

যোৰহাটৰ AT ৰোডত বিধ্বংসী অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু

যোৰহাটৰ AT ৰোডত বিধ্বংসী অগ্নিকাণ্ড!

Updated On: 

02 Nov 2024 | 10:52 AM

দীপাৱলীৰ আনন্দ-উলাহৰ মাজতে শুকুৰবাবে নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত  অগ্নিকাণ্ড।   দীপাৱলীৰ নিশা যোৰহাটৰ AT ৰোডত বিধ্বংসী অগ্নিকাণ্ড৷ যোৰহাট চহৰৰ ভোগদৈ দলঙৰ সমীপৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড! ভোগদৈ মছজিদৰ সমীপৰ কন্দলীয়া মাৰ্কেটত জুই জুইৰ লেলিহান শিখাত জাহ গ’ল বৃহত্তৰ অঞ্চল। লগতে জীৱন্তে অগ্নিদগ্ধ হৈ এজনৰ মৃত্যু৷ শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু হয় লোকজনৰ। অগ্নিদগ্ধ হৈ সুশীল ৰায় নামৰ লোকজনৰ মৃত্যু৷ জুইত ভস্মীভূত কেইবা কোটি টকাৰ সা-সম্পত্তি ৷

যোৰহাট চহৰৰ ভোগদৈ মছজিদৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হৈছে এই অগ্নিকাণ্ড। শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত ভোগদৈ দলঙৰ সমীপত এ টি ৰোডৰ কাষত থকা ব্যৱসায় প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । পাছত ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে থকা বাসগৃহলৈয়ো জুই সম্প্ৰসাৰিত হয়। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপণ কৰে।

এই অগ্নিকাণ্ডত প্ৰাণ যায় এজন লোকৰ। মৃত লোকজনৰ নাম সুশীল ৰয়। শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু সুশীল ৰয়ৰ। মৃত সুশীল ৰয়ৰ ঘৰ বিহাৰৰ সীতামাৰীত। প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও দিপাৱলীৰ আতচবাজী, ফটকাৰ পৰাই এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

সোণাৰিৰ নামতোলা ৰোডত অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত ভস্মীভূত এখন ব্যৱসায়িক প্ৰতিষ্ঠান৷ জুইত জাহ যায় হোটেলখনৰ বহু সামগ্ৰী৷ লখিমপুৰ DK ৰোডতো অগ্নিকাণ্ড। জানিব পৰা মতে হনুমান কটনচ নামৰ এখন কাপোৰৰ দোকানৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড। মাৰ্ঘেৰিটাত নিশা বিধ্বংসী অগ্নিকাণ্ড মাজনিশা সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় আৰ নাথ নামৰ ব্য়ৱসায়ীৰ বাসগৃহ।

দীপাৱলীৰ আনন্দৰ মাজতে মহানগৰীতো অগ্নিকাণ্ড। পানবজাৰ মহিলা থানাৰ সমীপত সংঘটিত হয় অগ্নিকাণ্ড। আতচবাজীৰ পৰা হয় জুইৰ সূত্ৰপাত। আৰক্ষী আৱাসলৈও জুই বিয়পি পৰে। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপণ কৰে। ফাঁচি বজাৰতো নিশা অগ্নিকাণ্ড।

বৃহস্পতিৰে নিশা শিৱসাগৰ থানাপট্টীত সংঘটিত হৈছিল বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ নাম ৰামজন্ম ৰায়। এই বিধ্বংসী জুইত জাহ গ’ল ১১টা ভাড়াঘৰ। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় শ্যাম ৰায় নামৰ এজন লোক। আহত লোকজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। অগ্নিকাণ্ডত বিস্ফোৰণ ঘটে এটা চিলিণ্ডাৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত অধিক ভয়ংকৰ ৰূপ লয় জুয়ে। পাছত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...