বুলড’জাৰ তথা নিৰাপত্তাবাহিনী সাজু, জাননীও জাৰি, আকৌ চলিব উচ্ছেদ

এইবাৰ নগাঁও জিলাৰ চামগুৰি জিলাত উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে প্ৰশাসন। শুকুৰবাৰে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াই খাটোৱাল মৌজাৰ অন্তৰ্গত বেলগুৰি কছাৰী গাঁৱৰ একাংশ লোকক ঠাই খালী কৰিবলৈ জাননী জাৰি কৰিছে।

বুলডজাৰ তথা নিৰাপত্তাবাহিনী সাজু, জাননীও জাৰি, আকৌ চলিব উচ্ছেদ

উচ্ছেদ অভিযান (ফাইল ফটো)

Published: 

26 Jul 2025 10:45 AM

বেদখলৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান। ধুবুৰীৰ চাপৰ আৰু গোৱালপাৰাৰ হাচিলা বিলৰ লগতে আন কেবাটাও স্থানত ইতিমধ্যেই উচ্ছেদ চলালে প্ৰশাসনে। অবৈধভাৱে বসতি স্থাপন কৰা একাংশ লোকক উচ্ছেদ কৰা হয় সেই স্থানৰ পৰা।

এইবাৰ ৰাজ্য চৰকাৰে উচ্ছেদৰ বাবে চিনাক্ত কৰিছে মধ্য অসমৰ নগাঁও আৰু গোলাঘাটৰ উৰিয়ামঘাটৰ কেতবোৰ অঞ্চল। একাংশ সন্দেহযুক্ত লোকে এই অঞ্চলসমূহত থকা চৰকাৰী ভূমিত অবৈধভাৱে বসতি স্থাপন কৰাৰ অভিযোগ।

নগাঁৱৰ চামগুৰি জিলাত উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে প্ৰশাসন। শুকুৰবাৰে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াই খাটোৱাল মৌজাৰ অন্তৰ্গত বেলগুৰি কছাৰী গাঁৱৰ একাংশ লোকক ঠাই খালী কৰিবলৈ জাননী জাৰি কৰিছে।

ইফালে উচ্ছেদ চলিব বুলি খবৰ ওলোৱাৰ পাছতেই গোলাঘাটৰ উৰিয়ামঘাটৰ পৰা একাংশ লোকে টালি-টোপোলা বান্ধি আন ঠাইলৈ ঢাপলি মেলা দেখা গৈছে। চৰ্চিত খবৰ অনুসৰি উৰিয়ামঘাটৰ পৰা বহু লোকে নগাঁৱৰ কেতবোৰ অঞ্চললৈ গতি কৰিছে।

চৰকাৰী সূত্ৰ অনুসৰি, বেদখলত চৰকাৰী “চৰণীয়া সংৰক্ষিত ভূমি” হিচাপে নিৰ্ধাৰণ কৰা একাধিক ভূমি চিহ্নিত কৰা হৈছে, বিশেষকৈ জৰীপৰ অধীনত ডাগ নম্বৰ ৩, ৫২৮, ৫০৬, ৫০৫, আৰু ৬০৪ ত বেদখল চলাৰ অভিযোগ উঠিছে। ৰাজহুৱা ব্যৱহাৰ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে নিৰ্ধাৰিত এই মাটিসমূহ স্থানীয় বসতিপ্ৰধান লোকে অবৈধভাৱে কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।

জাননীখনত আৰু কোৱা হৈছে যে নিয়ম মানি নচলাৰ বাবে চৰকাৰী নীতি-নিয়ম আৰু আইনী বিধান অনুসৰি উচ্ছেদ কৰা হ’ব। বেদখলকাৰীয়ে স্বেচ্ছাই ঠাই খালী নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৰ্তৃপক্ষই সকীয়াই দিছে।

যোৱা কেইমাহমানত বিভিন্ন জিলাত একেধৰণৰ উচ্ছেদ অভিযান চলোৱা হৈছে, যাৰ ফলত প্ৰায়ে স্থানীয় প্ৰতিৰোধ আৰু ৰাজনৈতিক সমালোচনাৰ সৃষ্টি হৈছে।

উচ্ছেদক লৈ ৰাজনৈতিক মহলত দেখা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বিৰোধী দল কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু ৰাইজৰ দলে উচ্ছেদৰ ব্যাপক বিৰোধিতা কৰা দেখা গৈছে। ধুবুৰী আৰু গোৱালপাৰাত উচ্ছেদিতৰ কাষত ৰৈ চকুপানী টোকা দেখা গৈছে বিধায়ক অখিল গগৈক। কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনেও উচ্ছেদস্থলী পৰিদৰ্শন কৰি উচ্ছেদিতক সান্ত্বনা দিয়ে।

এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি এই উচ্ছেদ চলোৱা বুলি অভিযোগ তুলিছে বিৰোধীয়ে। ইয়াৰ বিপৰীতে শাসক দল তথা মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰতি টুকুৰা মাটি বেদখলমুক্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে। খিলঞ্জীয়াৰ স্বাৰ্থত সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰি ভূমি ৰক্ষা কৰাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।

ব্ৰেকফাষ্ট নকৰাকৈয়ে আৰম্ভ কৰে নেকি দিনটো? সাৱধান, এই ভুলৰ ফলত দেহত হ’ব পাৰে ৫টা চিন্তনীয় সমস্যা
কৰ্মস্থলীত কেনেকৈ সক্ৰিয় হৈ থাকিব পাৰি? অফিচৰ সময়ত অহা টোপনিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানক
চিংৰা দেখিলেই ওলায় লোভৰ পানী, পিছে লোভ সম্বৰণ নকৰিলেই এইসকল লোকৰ হ’ব বিপদ
নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...