অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰাৰ নিৰ্দেশ দিব পাৰিব বিদেশী ন্যায়াধিকৰণে, বিশেষ ক্ষমতা প্ৰদান…

এতিয়াৰ পৰা সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীক নিৰ্দিষ্ট শিবিৰত ৰখাৰ নিৰ্দেশ দিব পাৰিব বিদেশী ন্যায়াধিকৰণে। এই ক্ষমতা পূৰ্বে এক্সিকিউটিভ অৰ্ডাৰৰ জৰিয়তে প্ৰয়োগ কৰা হৈছিল।

অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰাৰ নিৰ্দেশ দিব পাৰিব বিদেশী ন্যায়াধিকৰণে, বিশেষ ক্ষমতা প্ৰদান...

বিদেশী ন্যায়াধীকৰণ

Updated On: 

03 Sep 2025 12:50 PM

অসমত থকা বিদেশী ন্যায়াধিকৰণক পোনপটীয়াকৈ নিৰ্দেশ দিয়াৰ ক্ষমতা প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে। সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীক নিৰ্দিষ্ট শিবিৰত ৰখাৰ নিৰ্দেশ দিব পাৰিব বিদেশী ন্যায়াধিকৰণে। এই ক্ষমতা পূৰ্বে এক্সিকিউটিভ অৰ্ডাৰৰ জৰিয়তে প্ৰয়োগ কৰা হৈছিল।

অসমত কোনো ব্যক্তি অবৈধ অনুপ্ৰৱেশকাৰী নে বিদেশী সেইটো নিৰ্ণয় কৰা অৰ্ধ ন্যায়িক সংস্থা হৈছে বিদেশী ন্যায়াধিকৰণ। এতিয়ালৈকে এক্সিকিউটিভ অৰ্ডাৰৰ জৰিয়তে অনুপ্ৰৱেশকাৰীক আটক কৰা হৈছিল। গৃহ মন্ত্ৰালয়ে দ্য ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ অৰ্ডাৰ, ২০২৫ৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণক এই ক্ষমতা প্ৰদান কৰে।

২ ছেপ্টেম্বৰত জাৰি কৰা এই আদেশে ১৯৬৪ চনৰ ফৰেইনাৰ্ছ (tribunal) অৰ্ডাৰৰ ঠাইত বিদেশী ন্যায়াধিকৰণক ক্ষমতা প্ৰদান কৰে যে, কোনো ব্যক্তি যদি অবৈধভাৱে ভাৰতত থাকে বা নাগৰিকত্ব সন্দেহজনক আৰু তেওঁ নিজে যদি হাজিৰ হ’ব নোৱাৰে তেন্তে ডিটেনচন কৰাৰ আদেশ জাৰি কৰিব পাৰে।

প্ৰথম অৱস্থাত অসমত ১১ খন অবৈধ প্ৰব্ৰজনকাৰী নিৰ্ণয় ন্যায়াধিকৰণ স্থাপন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে ২০০৫ চনত ইলিগেল মাইগ্ৰেণ্টছ (ডিটাৰমিনেচন বাই ট্ৰিবিউনেলছ) এক্ট, ১৯৮৩ বাতিল কৰাৰ পিছত এইবোৰ ন্যায়াধিকৰণলৈ ৰূপান্তৰিত কৰা হৈছিল। অসমত প্ৰায় ১০০ টা বিদেশী ন্যায়াধিকৰণ কাৰ্যক্ষম হৈ আছে।

পুৱা খালী পেটত ১ চামুচ ঘিউ খালে কেনে প্ৰভাৱ পৰে জানেনে? বিশেষজ্ঞই কি কয় চাওক
ইলাচীয়ে বঢ়াব যৌন ক্ষমতা! মাত্ৰ এইদৰে কৰক ব্যৱহাৰ
গুপ্তাংগ ক'লা পৰিলে কেনেকৈ ঠিক কৰিব? জানক সহজ উপায়
পূজাৰ বতৰত জেলেপীৰ সোৱাদ লয় নে? পিছে ভাৰতলৈ ক’ৰপৰা আহিছিল জেলেপী, জানেনে?