মহববুল হকৰ গ্ৰেপ্তাৰক লৈ প্ৰধানমন্ত্ৰীলৈ চিঠি দিলে কোনে?

বৃহস্পতিবাৰে বিশিষ্ট মুছলমান লোকসকলক লৈ গঠিত নাগৰিক সমাজৰ এটা গোটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি ব্যক্তিগত শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয় (USTM) স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি বিষয়টোত ন্যায় সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

মহববুল হকৰ গ্ৰেপ্তাৰক লৈ প্ৰধানমন্ত্ৰীলৈ চিঠি দিলে কোনে?

মহববুল হকৰ গ্ৰেপ্তাৰক লৈ প্ৰধানমন্ত্ৰীলৈ চিঠি দিলে কোনে?

Updated On: 

28 Feb 2025 14:58 PM

বৃহস্পতিবাৰে বিশিষ্ট মুছলমান লোকসকলক লৈ গঠিত নাগৰিক সমাজৰ এটা গোটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি ব্যক্তিগত শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয় (USTM) স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি বিষয়টোত ন্যায় সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক শনিবাৰে পুৱতি নিশা গুৱাহাটী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে “প্ৰৱঞ্চনাৰ মাধ্যমেৰে” উচ্চ নম্বৰৰ আশ্বাস দি ছাত্ৰ-ছাত্ৰীক প্ৰলোভিত কৰা নেটৱৰ্কৰ সৈতে জড়িত আছিল মহবুবুল হক।

“এজন সন্মানীয়, অৰাজনৈতিক নাগৰিকক এইদৰে গ্ৰেপ্তাৰ কৰি দীৰ্ঘদিন ধৰি কাৰাগাৰত ৰখাৰ লক্ষ্য হৈছে সমাজৰ দ্বায়িত্বশীল শ্ৰেণীৰ মনোবল হেৰুৱাই পেলোৱা। ইয়ে ব্যক্তিসকলক উচ্চ শিক্ষা আৰু চিকিৎসা সুবিধাৰ আধুনিক ধৰ্মনিৰপেক্ষ প্ৰতিষ্ঠান স্থাপনৰ দিশত চেষ্টা চলোৱা প্ৰচেষ্টাক বাধা প্ৰদান কৰে।” জানিব পৰা মতে, চিঠিখনত স্বাক্ষৰ কৰিছে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰাইছি, দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নাজিব জং, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য জমিৰ উদ্দিন শ্বাহ, প্ৰাক্তন সাংসদ শ্বাহিদ ছিদ্দিকী আৰু উদ্যোগপতি ছাইদ শ্বেৰৱানীয়ে।

পত্ৰখনত নাগৰিক সমাজৰ গোট ‘চিটিজেনছ ফৰ ফ্ৰেটাৰ্নিটি’ই কয় যে, এয়া এক প্ৰতিশোধ আৰু আমি নিশ্চিত যে আপুনি প্ৰতিকাৰৰ বাবে নিৰ্দেশনা দিব। মোদীলৈ লিখা পত্ৰখনত গোটটোৱে কয় যে, শনিবাৰে পুৱতি নিশা হকক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰাথমিক চাৰ্জশ্বীট বা গ্ৰেপ্তাৰৰ পৰোৱানা অবিহনে আৰু গুৱাহাটীৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰৈৰ শ্ৰীভূমি জেললৈ পঠিওৱা হৈছিল তেওঁক। পত্ৰখনত কোৱা হৈছে যে, গ্ৰেপ্তাৰৰ এদিন পিছত উপলব্ধ কৰা চাৰ্জশ্বীটত তেওঁৰ বিৰুদ্ধে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সামূহিক নকল কৰিবলৈ উৎসাহিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। গ্ৰেপ্তাৰৰ সময়, শনিবাৰে পুৱা যি দিনত ন্যায়িক প্ৰতিকাৰ গ্ৰহণ কৰাটো কঠিন হৈ পৰে, সেইসময়ত হকক গ্ৰেপ্তাৰ কৰা ঘটনাই স্পষ্টভাৱে USTM আৰু ইয়াৰ প্ৰতিষ্ঠাপকৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা প্ৰতিশোধৰ গোন্ধ পোৱা গৈছে।

ইফালে আজি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ জেৰাৰ সন্মুখীন হ’ব মহবুবুল হক।ইতিমধ্যে গুৱাহাটীলৈ লৈ অনা হৈছে USTMৰ স্বত্বাধিকাৰীগৰাকীক। নিশা ১১ বজাত শ্ৰীভূমিৰ পৰা গুৱাহাটীলৈ অনা হয় মহবুবুল হকক।  USTMৰ স্বত্বাধিকাৰীগৰাকীৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বহুদিনলৈ জে’লত থাকিব USTMৰ স্বত্বাধিকাৰী মহবুবুল হক।

বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক
হাড়ত কৰ্কট ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক...
যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...