ড্ৰাগছ সৰবৰাহৰ নতুন কৌশল, কাছাৰত ১২.৫ কোটি টকাৰ হেৰ’ইন জব্দ…
ম্যানমাৰৰ পৰা উত্তৰ-পূবত প্ৰৱেশ কৰি মণিপুৰৰ ঘন জংঘলৰ পথেৰে পৰিবহন কৰাৰ পাছত বৰাক নদীৰ জল পথেৰে অসমলৈ ড্ৰাগছ সৰবৰাহৰ কৌশল গ্ৰহণ কৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে। এই সৰবৰাহ কাৰ্যত তেওঁলোকে ব্যৱহাৰ কৰে সৰু সৰু মটৰবৌট।

স্থল পথেৰে নহয়, এইবাৰ ড্ৰাগছ সৰবৰাহৰ বাবে জলপথ বাছি লৈছে সৰবৰাহকাৰীয়ে। চিকিউৰিটি চেকৰ পৰা হাত সাৰিবলৈ সৰবৰাহকাৰীয়ে বৰাক নদীৰ জলপথেৰে সৰবৰাহ কৰিছে ড্ৰাগছ। ম্যানমাৰৰ পৰা উত্তৰ-পূবত প্ৰৱেশ কৰি মণিপুৰৰ ঘন জংঘলৰ পথেৰে পৰিবহন কৰাৰ পাছত বৰাক নদীৰ জলপথেৰে অসমলৈ ড্ৰাগছ সৰবৰাহৰ কৌশল গ্ৰহণ কৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে। এই সৰবৰাহ কাৰ্যত তেওঁলোকে ব্যৱহাৰ কৰে সৰু সৰু মটৰবৌট।
শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ কাৰ্টেলৰ বিৰুদ্ধে এক বৃহৎ অভিযানত নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (NCB)য়ে ম্যানমাৰৰ পৰা নদী হৈ চোৰাংভাৱে অনা ১২.৫ কোটি টকাৰ হেৰ’ইন অসমত জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে। খবৰ অনুসৰি, নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত এনচিবিৰ গুৱাহাটী জ’নেল ইউনিটে চিআৰপিএফ আৰু অসম আৰক্ষীৰ সৈতে যৌথ অভিযান চলাইছিল।
অভিযানত প্ৰথমে মণিপুৰৰ ঘন বনাঞ্চলৰ পথেৰে পৰিবহণ কৰা আৰু তাৰ পাছত বৰাক নদীৰ কাষেৰে আহি থকা এখন সৰু মটৰ নাও অনুসৰণ কৰে। পিটিআইৰ প্ৰতিবেদন অনুসৰি, ২০২৫ চনৰ ১ ডিচেম্বৰত এনচিবি গুৱাহাটীয়ে শিলচৰৰ সমীপৰ বৰাক নদীত এখন দেশত নিৰ্মিত মটৰবৌট আটক কৰি দুজন লোকক আটক কৰে।
তেওঁ আৰু কয় যে, মেচিনেৰে চালিত দেশত নিৰ্মিত নাওখনত পুংখানুপুংখভাৱে তালাচী চলোৱাৰ ফলত ৫৩০ টা চাবোনৰ বাকচৰ ভিতৰত আৰু বাঁহত লুকুৱাই থোৱা ৬.১৪৯ কিলোগ্ৰাম “হাই গ্ৰেড” হেৰ’ইন উদ্ধাৰ হয়। এনচিবিৰ গুৱাহাটীৰ এগৰাকী বিষয়াই কয়, “জব্দ কৰা ড্ৰাগছৰ মূল্য অবৈধ বজাৰত প্ৰায় ১২.৫ কোটি টকা হ’ব।”
তেওঁ কয় যে, আটক কৰা কাছাৰ জিলাৰ বাসিন্দা দুজনক আদালতত হাজিৰ কৰোৱা হৈছে আৰু অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনচিবিৰ বিষয়াগৰাকীয়ে কয় যে, প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে,এই ড্ৰাগছখিনি ম্যানমাৰৰ পৰা সৰবৰাহ কৰা হৈছিল আৰু মণিপুৰৰ ঘন জংঘলেৰে হামৰাখৱলিয়ান-ফুলাৰতাল-লক্ষীপুৰ বেল্টৰ দিশে লৈ যোৱা হৈছিল।
বিষয়াগৰাকীয়ে আৰু কয়,”সৰবৰাহকাৰীয়ে বিশেষভাৱে নগৰীয়া চোৰাংচোৱাগিৰি, আৰক্ষীৰ চেকপইণ্ট, আৰু নিৰাপত্তা শিবিৰসমূহ বাইপাছ কৰিবলৈ নদীৰ পথ ব্যৱহাৰ কৰিছিল।” বিষয়াগৰাকীয়ে দাবী কৰে যে, সীমা অতিক্ৰম কৰি ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এই বৃহৎ সফলতাই এক প্ৰকাৰে ম্যানমাৰ-মণিপুৰ-অসমত চলি থকা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক ভাঙি পেলাইছে।