ড্ৰোণ আক্ৰমণৰ পাছতে আলফা (স্বা)ৰ শিবিৰত মিছাইল নিক্ষেপ, নিহত ৩ শীৰ্ষ নেতা…

আলফা(স্বা)ৰ শিবিৰত ড্ৰোণৰ পাছতে মিছাইলেৰে আক্ৰমণ সেনাৰ! আক্ৰমণ নিহত বিদ্ৰোহী সংগঠনটোৰ তিনিগৰাকী শীৰ্ষ নেতা। কিন্তু ভাৰতীয় সেনাৰ হাতত নাই এই অভিযানৰ কোনো ইনপুট।

ড্ৰোণ আক্ৰমণৰ পাছতে আলফা (স্বা)ৰ শিবিৰত মিছাইল নিক্ষেপ, নিহত ৩ শীৰ্ষ নেতা...

আলফা (স্বাধীন)ৰ শিবিৰৰ ফটো

Updated On: 

13 Jul 2025 | 03:47 PM

সেনাৰ টাৰ্গেটত আলফা (স্বাধীন)! দেওবাৰে পুৱতি নিশা আলফা (স্বাধীন) ৰ বিভিন্ন শিবিৰত ডেৰ শতাধিক ড্ৰোণেৰে সেনাই আক্ৰমণ সংঘটিত কৰাৰ পাছতে পুনৰ মিছাইল আক্ৰমণ কৰাৰ খবৰ লাভ কৰা গৈছে। এই কথা বিবৃতিৰ জৰিয়তে দাবী কৰিছে আলফা (স্বাধীন) য়ে। আলফা (স্বাধীন)য়ে দাবী কৰা সেনাৰ এই আক্ৰমণত লেফটেনেণ্ট জেনেৰেল নয়ন অসম নিহত হোৱাৰ লগতে সংগঠনটোৰ ব্রিগেদিয়াৰ গণেশ অসম আৰু কর্ণেল প্রদীপ অসম নিহত হৈছে।

শেহতীয়াকৈ আলফা (স্বাধীন)য়ে প্ৰকাশ কৰা বিবৃতিত দাবী কৰা হৈছে যে, সেনাই সংঘটিত কৰা ড্ৰোণ আক্ৰমণত নিহত আলফা (স্বাধীন)ৰ নিম্ন পৰিষদৰ সভাপতি লেঃ জেঃ নয়ন অসমৰ অন্ত্যেষ্টিক্রিয়া চলি আছিল। সেই সময়তে সেনাই পুনৰ মিছাইল নিক্ষেপ কৰে। এই আক্রমণত ব্রিগেদিয়াৰ গণেশ অসম আৰু কর্ণেল প্রদীপ অসম নিহত হোৱাৰ লগতে বিদ্ৰোহী সংগঠনটোৰ কেইবাগৰাকী বিষয়া/সদস্যৰ লগতে সাধাৰণ নাগৰিক আহত হৈছে।

আলফা (স্বাধীন)য়ে দাবী কৰিছে যে, বর্তমানেও নির্দিষ্ট অঞ্চল সমূহত সেনাই যুদ্ধ বিমানেৰে আক্ৰমণ অব্যাহত ৰাখিছে।

পুৱা ভাগত আলফা (স্বাধীন)য়ে প্ৰকাশ কৰা আন এটা বিবৃতিত দাবী কৰিছিল যে, ১৩ জুলাই ২০২৫ তাৰিখে নাগালেণ্ড-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাছলৈকে আলফা (স্বাধীন) আৰু “আৰ পি এফ/ পি এল এ” সংগঠনৰ বিভিন্ন চলনাম শিবিৰত ড্ৰোণেৰে আক্ৰমণ কৰে সেনাই। সেনাই পুৱতি নিশা প্ৰায় ২ বজাৰ পৰা ৪ বজালৈ ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত ড্ৰোণেৰে আক্ৰমণ কৰাৰ কথা বিবৃতিত নিশ্চিত কৰে আলফা (স্বাধীন)য়ে৷

সেনাই বিদ্ৰোহী সংগঠনটোৰ বিভিন্ন শিবিৰত ডেৰ শতাধিক ড্ৰোণেৰে সংঘটিত কৰা আক্ৰমণত সংগঠনৰ নিম্ন পৰিষদৰ সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম মৃত্যু হোৱাৰ দাবী কৰিছে আলফা(স্বা)য়ে। ইয়াৰ লগতে সংগঠনটোৰ বিভিন্ন শিবিৰত থকা প্ৰায় ১৯ গৰাকী বিষয়া-সদস্য আহত হোৱাৰ কথা নিশ্চিত কৰিছিল আলফা (স্বাধীন)য়ে।

শেহতীয়াকৈ প্ৰকাশ কৰা বিবৃতিত সেনাৰ আক্ৰমণত নয়ন অসমৰ লগতে ব্রিগেদিয়াৰ গণেশ অসম আৰু কর্ণেল প্রদীপ অসম নিহত হোৱা বুলি দাবী কৰিছে আলফা (স্বাধীন)য়ে।

ইফালে, এই আক্ৰমণৰ সন্দৰ্ভত ভাৰতীয় সেনাৰ পৰা কোনো নিশ্চয়তা পোৱা নাই। আলফা(স্বা)য়ে প্ৰেছ বিবৃতিত সেনাই পুৱা ড্ৰোণ আৰু মিছাইলেৰে কেইবাটাও শিবিৰত আক্ৰমণ কৰা বুলি দাবী কৰিছে যদিও এজন প্ৰতিৰক্ষা মুখপাত্ৰই পিটিআইক জনাইছে যে, তেওঁৰ হাতত এনে কোনো ঘটনাৰ কোনো তথ্য নাই। লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে কয় যে, ভাৰতীয় সেনাৰ হাতত এনে অভিযানৰ কোনো ইনপুট নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...