ডিমা হাছাও আৰক্ষীৰ গুলীত নিহত সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনৰ সদস্য…

ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত হয়। এই নিহতজন মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক নামৰ সংগঠনটোৰ সদস্য আছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

ডিমা হাছাও আৰক্ষীৰ গুলীত নিহত সন্দেহযুক্ত উগ্ৰপন্থী সংগঠনৰ সদস্য...

নিহতজন

Published: 

02 Dec 2025 | 01:53 PM

বিদ্ৰোহী সংগঠন আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীত নিহত এজন। জানিব পৰা মতে, কালি নিশা ডিমা হাছাও জিলাত উগ্ৰপন্থী সংগঠন আৰু নিৰাপত্তা বাহিনীৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়, য’ত এজনে প্ৰাণ হেৰুয়ায়। তথ্য অনুসৰি, জিলাখনৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত প্ৰত্যন্ত জিনামভেলিত সোমবাৰ (১ ডিচেম্বৰ) য়ে নিশা প্ৰায় ১১ মান বজাত অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়ন আৰু মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক চুমুকৈ এইচপিচি (ডি) উগ্ৰপন্থী সংগঠনৰ মাজত গুলীয়াগুলী চলে।

এই ঘটনাৰ ফলত সংগঠনটোৰ সদস্য মোদী মাৰ ওৰফে মেমো নিহত হয় বুলি ডিমা হাছাও আৰক্ষীয়ে নিশ্চিত কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, সোমবাৰ নিশা ১১ টা বজাত জিনামভেলিৰ চিল্লেই গাঁৱত HPC,(D) উগ্ৰপন্থী সংগঠনৰ এটা দলে এখন গাড়ী ৰখাই বাহনখনৰ চালকক ভাবুকি দি শূণ্যলৈ দুই ৰাউণ্ড গুলি চলায়। গুলিৰ শব্দ শুনি কাষতে থকা কেম্পৰ পৰা অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়ান ওলাই আহে। লগে লগে উগ্ৰপন্থীৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি গুলী চলায়।

ইয়াৰ পাছতে আৰম্ভ হয় অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়নৰ লগত উগ্ৰপন্থী সংগঠনটোৰ সদস্যৰ গুলীয়াগুলী। য’ত এইচপিচি (ডি) উগ্ৰপন্থী সংগঠনৰ এগৰাকী সদস্য নিহত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। জানিব পৰা মতে নিহত কেডাৰ মোদী মাৰ ওৰফে মেমো জিনামভেলিৰ বৰো আৰ্কাপ গাঁৱৰ বাসিন্দা। এই ঘটনাৰ পাছতে মোদীৰ মাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ সন্মুখত নিৰ্বাচন, শংকিত বিৰোধী! উপায় বিচাৰি দিল্লীলৈ উৰা মাৰিছে গৌৰৱ,ৰকি, ভূপেন…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...