চাকৰিৰ দালাল! চাকৰিৰ প্ৰলোভনেৰে ৭ কোটি টকা লুণ্ঠন, ডিব্ৰুগড় আৰক্ষীৰ জালত প্ৰৱঞ্চক
চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে দীৰ্ঘসময় ধৰি চাকৰি প্ৰত্যাশী যুৱক যুৱতীক লুণ্ঠন চলোৱাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছে লোহিত দাস নামৰ এগৰাকী প্ৰৱঞ্চক। ক্ৰীড়া বিভাগৰ কৰ্মচাৰী লোহিত দাসে চাকৰিৰ প্ৰলোভনেৰে বহুকেইজন লোকৰ পৰা প্ৰায় ৭ কোটি টকা সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে।

প্ৰতিনিধিত্বমূলক ছবি
ৰাজ্যত চলিছে চাকৰিৰ চোৰাং বজাৰ। অসাধু চক্ৰই চৰকাৰী চাকৰি দিয়াৰ নামত উজনি অসমত চলাইছে ৰমৰমীয়া বেহা। এই অসাধু চক্ৰৰ জালত পৰিছে উজনিৰ বহু যুৱক যুৱতী। চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে দীৰ্ঘসময় ধৰি চাকৰি প্ৰত্যাশী যুৱক যুৱতীক লুণ্ঠন চলাই অহা এই প্ৰৱঞ্চকজন সম্প্ৰতি পৰিছে ডিব্ৰুগড় আৰক্ষীৰ জালত। ধৃত প্ৰৱঞ্চকজনক লোহিত দাস বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে ধৃত এই প্ৰৱঞ্চকগৰাকী ক্ৰীড়া বিভাগৰ কৰ্মচাৰী।
নিজৰ বিভাগীয় পদবীৰ অচিলাৰে সাধাৰণ লোকসকলক প্ৰৱঞ্চনাৰ জালত পেলাইছিল লোহিত দাসে। ক্ৰীড়া বিভাগৰ কৰ্মচাৰী সূত্ৰে লোহিত দাসে একাংশ লোকক ক্ৰীড়া বিভাগত নিযুক্তি প্ৰদান কৰাৰ টোপ দিছিল আৰু এই প্ৰলোভনেৰে তেওঁৰ কথাত প্ৰলোভিত হোৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা কেইবা লাখকৈ টকা সংগ্ৰহ কৰিছিল।
লক্ষণীয়ভাৱে নিজৰ এই প্ৰৱঞ্চনাক বিশ্বাসযোগ্য কৰি তুলিবলৈ অভিযুক্ত লোহিত দাসে জিলা আয়ুক্তৰ চহী জালিয়াতিও কৰিছিল বুলি জানিব পৰা গৈছে। এইদৰে কেইবাগৰাকীও ব্যক্তিৰ পৰা প্ৰৱঞ্চক লোহিত দাসে প্ৰায় সাত কোটি টকা লুণ্ঠন কৰা বুলি অভিযোগ উঠিছে। প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা এই বিপুল পৰিমাণৰ ধনেৰে লোহিত দাসে ৰাজ্যৰ বিভিন্ন স্থানত সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলিও অভিযোগ উঠিছে।
অভিযুক্ত লোহিত দাসৰ এনে প্ৰৱঞ্চনাৰ বলি হোৱা এগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে প্ৰৱঞ্চকগৰাকীৰ এনে কুকীৰ্তিৰ কথা। ভুক্তভোগী ব্যক্তিগৰাকীয়ে প্ৰকাশ কৰা মতে ক্ৰীড়া বিভাগত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে লোহিত দাসে ২০১৭ চনত তেওঁৰ পৰা তিনি লক্ষাধিক টকা সংগ্ৰহ কৰিছিল। তেওঁক প্ৰদান কৰা ভুৱা নিযুক্তি পত্ৰত জিলা আয়ুক্তৰ চহী থকা বুলিও ব্যক্তিগৰাকীয়ে জানিবলৈ দিয়ে।
এইদৰে চাকৰিৰ নামত বহুকেইজন ব্যক্তিক লুণ্ঠন চলাই সম্পত্তিৰ পাহাৰ গঢ়ি তোলা লোহিত দাসক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। লক্ষণীয়ভাৱে ৰাজ্যত চৰকাৰী চাকৰি প্ৰদানৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে নিকা আৰু স্বচ্ছ পদ্ধতি গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি আহিছে। চৰকাৰৰ এনে প্ৰতিশ্ৰুতিৰ মাজতো এইদৰে ৰাজ্যত প্ৰৱঞ্চনাৰ জাল পেলাইছে একাংশ লোকে।
শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)ত পাছ কৰাই দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰাৰ অভিযোগত অসম আৰক্ষীয়ে চাৰি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছিল। কাৰ্বি আংলং আৰক্ষীয়ে যোৱা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ADREৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আগদিনা নিশা অভিযান চলাই এই চাৰি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছিল।