বিশাল ফুকনৰ গোচৰৰ তদন্ত CIDলৈ হস্তান্তৰ! ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

ডিব্রুগড় থানাত ৰুজু হোৱা গোচৰ নং ৩৫২/২০২৪ CIDলৈ অৰ্পণ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই SIT গঠন CIDৰ। অবৈধভাৱে ধন বিনিয়োগৰ সমগ্র গোচৰৰ তদন্ত কৰিব SITয়ে। অবৈধভাৱে ধন বিনিয়োগৰ গোচৰৰ বাবে ১৪টা SIT গঠন।

বিশাল ফুকনৰ গোচৰৰ তদন্ত CIDলৈ হস্তান্তৰ! ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

বিশাল ফুকনৰ গোচৰৰ তদন্ত CIDলৈ হস্তান্তৰ

Updated On: 

07 Sep 2024 | 08:35 PM

CIDলৈ হস্তান্তৰ কৰা হৈছে ডিব্ৰুগড়ত ৰুজু হোৱা বিশাল ফুকনৰ গোচৰ। ক্ষিপ্ৰ আৰু পুংখানুপুংখ তদন্তৰ বাবে অপৰাধ অনুসন্ধান বিভাগক এই দায়িত্ব। বিত্তীয় কেলেংকাৰিৰ তদন্তৰ বাবে SIT গঠনৰ কথা প্ৰকাশ। ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ প্ৰদান আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ।

ডিব্রুগড় থানাত ৰুজু হোৱা গোচৰ নং ৩৫২/২০২৪ CIDলৈ অৰ্পণ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই SIT গঠন CIDৰ। অবৈধভাৱে ধন বিনিয়োগৰ সমগ্র গোচৰৰ তদন্ত কৰিব SITয়ে। অবৈধভাৱে ধন বিনিয়োগৰ গোচৰৰ বাবে ১৪টা SIT গঠন এই তদন্ত সূক্ষ্মভাৱে তদন্ত কৰিব CIDৰ ADGP আৰু IGPয়ে।

 

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”অবৈধ অনলাইন ট্ৰেডিঙৰ গোচৰসমূহ নিৰীক্ষণ কৰিবলৈ অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে। ইডি আৰু আয়কৰ বিভাগক আস্থাত লোৱা হৈছে। জিলা পৰ্যায়ত জিলা আৰক্ষীয়ে তদন্ত চম্ভালিছে আৰু চি আই ডিয়ে মুখ্য কাৰ্যালয় পৰ্যায়ত দৃষ্টি ৰাখিছে ।”

উল্লেখ্য যে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত আজি আদালতত হাজিৰ কৰোৱা হৈছিল বিশালক। আৰক্ষীয়ে জিম্মাত নিবিচৰাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে বিশালক। ৬দিন ধৰি মাৰাথন জেৰা চলোৱা হৈছিল বিশাল ফুকনক। কিন্তু আৰক্ষীৰ তথ্য অনুসৰি জেৰাত চুমি বৰাৰ বিষয়ে একো কথাই নক’লে বিশালে।

বিশালৰ পাছত কোটি টকীয়া প্ৰৱঞ্চনাৰে নাম সাঙোৰ খাইছিল অভিনেত্ৰী, নৃত্যশিল্পী চুমি বৰাৰ। বিশালক গ্ৰেপ্তাৰৰ পাছৰে পৰা পলাতক হৈ আছে চুমি বৰা। অসম আৰক্ষীয়ে চুমি বৰাক আত্মসমৰ্পণ কৰিবলৈ দিছে যদিও এতিয়ালৈকে আত্মসমৰ্পণ কৰা নাই চুমিয়ে। চুমিৰ লগতে সন্ধান নাই স্বামী তাৰ্কিক বৰাৰো। দুয়োৰে সন্ধান অভিযান অব্যাহত আছে আৰক্ষীৰ।

ইয়াৰ পূৰ্বে পলাতক অভিযুক্ত চুমি বৰা সন্দৰ্ভত গুৱাহাটীত মন্তব্য কৰিছে DGP জি পি সিঙে। জি পি সিঙে কয়, “আইনগতভাৱে চুমি বৰাক এখন জাননী দিয়া হৈছে। জাননীৰ পিছতো যদি নাহে উচিত ব্যৱস্থা লোৱা হ’ব’ তেওঁৰ বিৰুদ্ধে প্ৰমাণ পালে উচিত ব্যৱস্থা লোৱা হ’ব। X, Y, Z যিয়েই হওক সকলো আইনৰ আওতাত আহিবই লাগিব। এই গোচৰটো অসম আৰক্ষীয়ে নিজাববীয়াকৈ লৈছিল।”

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...