উচ্ছেদক লৈ উচ্চ ন্যায়ালয়লৈ পত্ৰ, ধুবুৰীৰ উচ্ছেদিতক সাক্ষাৎ কৰি সংবাদমেল সাংসদ ৰকিবুল হুছেইনৰ

আজি শুকুৰবাৰে উচ্ছেদিত ৰাইজৰ কাষত উপস্থিত হয় সাংসদগৰাকী। উচ্ছেদৰ তিনি দিন পিছত উচ্ছেদস্থলীত উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন।

উচ্ছেদক লৈ উচ্চ ন্যায়ালয়লৈ পত্ৰ, ধুবুৰীৰ উচ্ছেদিতক সাক্ষাৎ কৰি সংবাদমেল সাংসদ ৰকিবুল হুছেইনৰ

ৰকিবুল হুছেইন

Published: 

11 Jul 2025 17:43 PM

উচ্ছেদক লৈ সৰৱ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। আজি শুকুৰবাৰে উচ্ছেদিত ৰাইজৰ কাষত উপস্থিত হয় সাংসদগৰাকী। উচ্ছেদৰ তিনি দিন পিছত উচ্ছেদস্থলীত উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। চৰুৱাবাখৰাত উচ্ছেদিত লোকক সাক্ষাৎ কৰাৰ সময়ত আবেগিক হৈ পৰাও দেখা যায় সাংসদগৰাকীক। তেওঁ কয় যে, কংগ্ৰেছৰ চৰকাৰ আহিলে আমি সকলো ঠিক কৰিম।

ইয়াৰ পাছতে তেওঁ গৌৰীপুৰ পানবাৰীত সাংসদ ৰকিবুল হুছেইনে সংবাদমেল সম্বোধন কৰে। পানবাৰী মছজিদত জুম্মাৰ নামাজ পঢ়ি সংবাদমেল সম্বোধন কৰে সাংসদগৰাকীয়ে। তেওঁ কয় যে, “তেওঁলোকৰ ওচৰলৈ গ’লে অসুবিধা হয় বুলি আমি দূৰৰ পৰাই বহু খোৱা বস্তু দিছোঁ। আজিও তেওঁলোকৰ বাবে খাদ্যৰ সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে । তেওঁলোকৰ মাজত হাহাকাৰ পৰিস্থিতি। গুৱাহাটীৰ এ চি ৰুমত ষ্টেটমেন্ট দিয়াজনে বুজি নাপায় দুখীয়াৰ দুখ।”

ইয়াৰ লগতে উচ্ছেদিত লোকক সাক্ষাৎ কৰাত আৰক্ষীয়ে বাধা দিয়াৰো অভিযোগ কৰিছে সাংসদগৰাকীয়ে। তেওঁ কয় যে, বৃহৎ সংখ্যক আৰক্ষীৰ জোৱান মোতায়ন কৰা হৈছে। তেওঁলোকে উচ্ছেদিত ওচৰলৈ যোৱাত বাধা দিছিল। গাড়ীৰে যাব নোৱাৰিলে খোজ কাঢ়ি যোৱাৰ কথা কোৱাৰ বাবে আৰক্ষীয়ে উচ্ছেদিত ওচৰলৈ যাবলৈ দিয়ে বুলি কয় সাংসদগৰাকীয়ে।

সংবাদমেলত তেওঁ অভিযোগ কৰে যে, “উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নামানে জিলা প্ৰশাসনে। কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ কৰাটো অন্যায়। উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা লোক সকলৰ বাসগৃহেও ভাঙি দিছে প্ৰশাসনে।”

একে সময়তে জাননী নিদিয়াকৈ পট্টাৰ মাটিত বসবাস কৰা লোক সকলৰ বিদ্যুত কৰ্তন কৰাৰ সন্দৰ্ভতো জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা সদৰী কৰিছে সাংসদ ৰকিবুলে। তদুপৰি তেওঁ কয় যে, ধুবুৰী জিলা প্ৰশাসনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। লগতে উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে বুলিও দাবী কৰে সাংসদগৰাকীয়ে। পত্ৰখনত জিলা আয়ুক্ত আৰু চাপৰ চক্ৰ বিষয়াৰ কথা উল্লেখ কৰা হৈছে।

তেওঁ অভিযোগ কৰে যে, আদানীক দিবলৈ এই মাটিখিনিত উচ্ছেদ চলোৱা হৈছে। মুখ্যমন্ত্ৰীক উচ্ছেদ বন্ধ কৰিবলৈ অনুৰোধ জনাইছে ৰকিবুল হুছেইনে। “কংগ্ৰেছ চৰকাৰ আহিলে ভূমিহীনক ভূমি দিয়া হ’ব। ক্ষতিপূৰণ দিব কংগ্ৰেছ চৰকাৰে।” এইদৰে কয় সাংসদগৰাকীয়ে।

এফালে শচীনক স্পৰ্শ, আনফালে দ্ৰাবিড়ক অতিক্ৰম; শতকেৰে লৰ্ডছত অভিলেখ ৰচিলে ৰুটে
ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক