অসম বিধানসভাত নিলম্বিত বিধায়কৰ বাবে “ডিটেনচন ৰুম” ! কিন্তু কিয়…?

প্ৰশ্নোত্তৰ ঘণ্টাৰ সময়ত কিছু বিতৰ্ক সৃষ্টি হোৱাৰ সময়তে নিলম্বিত হৈছিল বিধায়ক অখিল গগৈ। ইয়াৰ পাছতে "ডিটেনচন ৰুম"ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে বিমল বড়াই।

অসম বিধানসভাত নিলম্বিত বিধায়কৰ বাবে ডিটেনচন ৰুম ! কিন্তু কিয়...?
Updated On: 

28 Nov 2025 | 07:15 PM

বিধানসভা কমপ্লেক্সৰ ভিতৰত লাগে “ডিটেনচন ৰুম”! সদন চলি থকাৰ সময়ত নিলম্বিত বিধায়কক ৰাখিবলৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক “ডিটেনচন ৰুম”ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে কেবিনেট মন্ত্ৰী বিমল বড়াই। আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিন। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাৰ সময়ত কিছু বিতৰ্ক সৃষ্টি হোৱাৰ সময়তে নিলম্বিত হৈছিল বিধায়ক অখিল গগৈ। ইয়াৰ পাছতে “ডিটেনচন ৰুম”ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে বিমল বড়াই।

কেবিনেট মন্ত্ৰী বড়াই দাবী কৰে যে, নিলম্বিত সদস্যসকলে প্ৰায়ে ওলাই যায় আৰু বাহিৰত গৈ সংবাদ মাধ্যমৰ আগত ভুল বাখ্যা কিছুমান আগবঢ়ায়। মন্ত্ৰী বড়াই অধ্যক্ষক কয়, “নিলম্বিত বিধায়কসকলৰ বাবে বিধানসভাত এটা কোঠাৰ ব্যৱস্থা কৰিব লাগে, যাতে নিলম্বিত বিধায়কসকলক সেই কোঠাত ৰাখিব পাৰে। নিলম্বন কৰাৰ পাছত চৌহদৰ পৰা ওলাই যাবলৈ দিয়া উচিত নহয়,কাৰণ তেওঁলোকে ওলাই গৈ সংবাদ মাধ্যমৰ জৰিয়তে ভুল বাখ্যা এৰি দিয়ে।” তেওঁ আৰু কয়,”হয়তো সকলো সুবিধা থকা ডিটেনচন ৰুম এটা থাকিব পাৰে।”

ইফালে, বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কয় যে, কোনো ধৰণৰ ভুল ব্যাখ্যাৰ পৰা হাত সাৰিবলৈ অধ্যক্ষৰ কাৰ্যালয়ে নিলম্বনৰ কাৰণ ব্যাখ্যা কৰি প্ৰেছ বিবৃতি প্ৰকাশ কৰিব লাগে।

অৱশ্যে অধ্যক্ষ দৈমাৰীয়ে সকলো সদস্যকে শিষ্টাচাৰ বজাই ৰাখিবলৈ আৰু কাৰ্য্যবিধি সুচাৰুৰূপে চলোৱাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয়, “সদনত সকলো কথা কোৱা অধিকাৰ আছে। কিন্তু আমি এজন বিধায়ক হিচাপে চলন-ফূৰণ, কথা কোৱা ধৰণ আদি আমাৰ আচৰণ ঠিক কৰি ৰাখিব লাগে। কাৰণ ৰাইজে বহু বিশ্বাসত আমাক নিৰ্বাচন কৰি পঠিয়াইছে। গতিকে সকলোৰে দায়িত্ব আছে।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...