যোৱা ১০ বছৰত কিমান হ্ৰাস পালে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সংখ্যা ?

এফালে যদি চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাইছে আনফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা অবিৰতভাৱে বৃদ্ধি পাই আছে । যোৱা ১০ বছৰত অসমত চৰকাৰী বিদ্যালয়ৰ সংখ্যা কিমান হ্ৰাস পালে চাওক...

যোৱা ১০ বছৰত কিমান হ্ৰাস পালে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সংখ্যা ?

চৰকাৰী বিদ্যালয়

Published: 

12 Feb 2025 | 04:12 PM

ৰাজ্যখনত আচৰিত ধৰণে হ্ৰাস পাবলৈ ধৰিছে চৰকাৰী বিদ্যালয়ৰ সংখ্যা । এফালে যদি চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাইছে আনফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা অবিৰতভাৱে বৃদ্ধি পাই আছে । যোৱা ১০ বছৰত অসমত ৭৯১৯খন চৰকাৰী বিদ্যালয় হ্ৰাস পোৱাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় ২১৭১খন বৃদ্ধি পাইছে ।

শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে লোকসভাত দিয়া এক প্ৰশ্ন উত্তৰৰ উদ্ধৃতি দি দ্যা চেণ্টিনেলে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ২০১৪-১৫ চনৰ পৰা ২০২৩-২৪ চনলৈকে চৰকাৰী বিদ্যালয়ৰ সংখ্যা ৫২,৯২৭ৰ পৰা ৪৫,০০৮লৈ হ্ৰাস পোৱাৰ বিপৰীতে একে সময়ছোৱাত ব্যক্তিগত বিদ্যালয়ৰ সংখ্যা ৩,৫৫৪ৰ পৰা ৫,৭২৫লৈ বৃদ্ধি পাইছে ।

সংবাদ প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে, অসমৰ বৃহৎ সংখ্যক চৰকাৰী আৰু প্ৰাদেশিক বিদ্যালয় একত্ৰিকৰণ কৰিছিল ৰাজ্য চৰকাৰে । যাৰ ফলস্বৰূপে ইয়াৰ প্ৰভাৱ চৰকাৰী বিদ্য়ালয়ৰ সংখ্যাৰ ওপৰত পৰে । কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে লোকসভাত দিয়া উত্তৰত কয় যে, চৰকাৰী বিদ্যালয়ৰ তথ্য ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেচন প্লাছ (UDISE+) ব্যৱস্থাত সন্নিবিষ্ট কৰা হৈছে।

উল্লেখ্য যে, ৰাজ্যখনত মুঠ ৪৫০০৮খন চৰকাৰী বিদ্যালয় আছে । ইয়াৰ বিপৰীতে ৰাজ্যখনত থকা ব্যক্তিগত বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে ৫৭২৫খন ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...